নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিকৰ মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা কাৰ্য্যসূচী আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ বছৰ উপলক্ষত মহাৰজত জয়ন্তীৰ প্ৰাৰম্ভিক অনুষ্ঠান হিচাপে আজিৰে পৰা দুদিনিয়া কাৰ্যসূচীৰে মহাৰজত জয়ন্তীৰ উদযাপন সমিতিৰ দ্বাৰা বিষ্ণু ৰাভা দিৱস শুভাৰম্ভ কৰা হয়। আজি প্ৰথমদিনৰ কাৰ্য্যসূচী অনুসৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শুভাকাংক্ষীৰ উপস্থিতিত বিদ্যালয়ৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সভানেত্ৰী গায়ত্ৰী চৌধুৰীয়ে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰাৰ পিছতেই মুখ্য সম্পাদক সত্যৰঞ্জন বৰকাকতীয়ে শ্বহীদ তৰ্পণ কৰে। বিদ্যালয়ৰ পাঁচশ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন জনগোষ্ঠীৰ সাজ পোচাক পৰিধান কৰি বিষ্ণু ৰাভা সংগীত পৰিবেশন কৰাৰ পূৰ্বে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰীণা কুমাৰী খনিকৰে বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতেই চিত্ৰাংকণ, ৰচনা কবিতা আবৃত্তি আৰু বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত বিজয়ী সকলক ২য় দিনাৰ মুকলি সভাত পুৰস্কাৰ সমূহ বিতৰণ কৰা হ’ব। অন্যহাতে কাইলৈ অনুষ্ঠিত হ’ব লগা মুকলি সভাতেই উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ’ব। বঁটা বিতৰণী অনুষ্ঠানত বিশিষ্ট অতিথি তথা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ক্ৰমে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতনু কাকতি আৰু বীৰ ৰাঘৱ মৰাণ আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমৰজিৎ শইকীয়াই। মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা বিভিন্ন কাৰ্য্যসূচীতেই সকলোৰে সহযোগীতা তথা উপস্থিত কামনা কৰি আজি সংবাদমাধ্যমলৈ এক প্ৰেছ বাৰ্তা প্ৰেৰণ কৰে উদযাপন সমিতিৰে সাধাৰণ সম্পাদক সত্যৰঞ্জন বৰকাকতীয়ে।

প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like