গোৱালপাৰাৰ মাটিয়াৰ বিজেপি নেত্রী জোনালী নাথৰ হত্যাকাণ্ডক কেন্দ্র কৰি চিআইডিৰ মহাপৰিদর্শক দেৱৰাজ উপাধ্যায়ৰ অসংবেদনশীল মন্তব্যৰ বাবে আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে ক্ষমা বিচৰাৰ ঘটনা বিশেষ তাৎপর্যপূর্ণ৷ ৰাজ্যখনত নাৰীজনিত অপৰাধৰ ঘটনা ভয়ানক হৈ উঠিছে৷ অসমত চলি থকা নাৰীজনিত অপৰাধ ঘটনাৰাজিৰ পৰা জোনালী নাথৰ হত্যাকাণ্ড কোনো কাৰণতে বিক্ষিপ্ত ঘটনা বুলি অভিহিত কৰিব নোৱাৰি৷ এনে হত্যাকাণ্ড ৰাজ্যখনৰ বিভিন্ন প্রান্তত সঘনাই সংঘটিত হৈ আছে৷ কিন্তু জোনালী নাথৰ হত্যাকাণ্ডৰ তদন্তক কেন্দ্র কৰি ৰাজ্যৰ সঞ্চালকপ্রধানগৰা বিজেপি নেত্রীগৰাকীৰ পৰিয়াল আৰু অসমবাসীৰ ওচৰত ক্ষমা বিচৰাটোহে এক নতুন ঘটনা বুলি অভিহিত কৰিব পাৰি৷ জোনালী নাথ বিজেপিৰ এগৰাকী নেত্রী নোহোৱাহেঁতেন তেন্তে চিআইডিৰ মহাপৰিদর্শক দেৱৰাজ উপাধ্যায়ৰ মন্তব্যৰ ভিত্তিতে উক্ত হত্যাকাণ্ডৰ তদন্তই গতি কৰিলেহেঁতেন৷ চিআইডিৰ শীর্ষ বিষয়াগৰাকীৰ কাণ্ডজ্ঞানহীন মন্তব্যক লৈ জোনালী নাথৰ পৰিয়াল, শাসকীয় দলৰ নেতা–কর্মীৰ লগতে সর্বসাধাৰণ লোকৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি নোহোৱাহেঁতেন উক্ত হত্যাকাণ্ডৰ প্রকৃত ৰহস্য উদ্ঘাটন নহ’লহেঁতেন৷ কোনোধৰণৰ বিজ্ঞানসন্মত অনুসন্ধান অবিহনে মাথোঁ অভিযুক্তৰ ভাষ্যৰ ভিত্তিত তদন্ত প্রক্রিয়া চলোৱাৰ সহজ পন্থা গ্রহণৰ বাবেই গুৰুতৰ অপৰাধত অভিযুক্তসকল সাৰি যাবলৈ সক্ষম হৈছে৷ বিজ্ঞানসন্মত তদন্ত, উপযুক্ত সাক্ষ্য প্রমাণ আৰু তদন্তকাৰী বিষয়াৰ একাগ্রতাৰ অভাৱত আদালতত গুৰুতৰ অপৰাধ সংঘটিত কৰিও অভিযুক্ত দোষমুক্ত হোৱাৰ অথবা লঘু শাস্তি লাভ কৰাৰ অসংখ্য উদাহৰণ আছে৷ নাৰীজনিত অপৰাধ এক সামাজিক ব্যাধি৷ নাৰীৰ ওপৰত চলি থকা শোষণ আৰু দমন আমি সমাজৰ পৰা সমুলঞ্চে উৎখাত কৰিবলৈ হ’লে এনে গুৰুতৰ অভিযোগত অভিযুক্তসকলক দৃষ্টান্তমূলক শাস্তি বিহিবই লাগিব৷ জোনালী নাথৰ হত্যাকাণ্ডৰ তদন্তৰ নামত চিআইডিয়ে শীর্ষস্থানীয় বিষয়াগৰাকীয়ে যি স্থিতি গ্রহণ কৰিছিল তাৰ দ্বাৰা উক্ত হত্যাকাণ্ডত অভিযুক্তই গুৰু শাস্তি লাভ কৰাৰ কোনো আশা নাছিল৷ জোনালী নাথৰ হত্যাকাণ্ডক এক সাধাৰণ হত্যা বুলি কোনো কাৰণতে গণ্য কৰা উচিত নহয়৷ কিয়নো প্রথমে এই হত্যাকাণ্ডক প্রেমজনিত ঘটনাৰ পৰিণতিত সংঘটিত ঘটনাৰূপে আখ্যা দিয়াৰ চক্রান্ত চলোৱা হৈছিল৷ উক্ত হত্যাকাণ্ডটো অকলেই সংঘটিত কৰা বুলি অভিযুক্ত হাছানুৰ ইছলামে প্রথমে স্বীকাৰ কৰিছিল৷ আৰক্ষীয়েও প্রথম অৱস্থাত অভিযুক্তৰ স্বীকাৰোক্তিকে মানি লৈছিল৷ কিন্তু উক্ত হত্যাকাণ্ডৰ তদন্ত প্রক্রিয়াক লৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ তৎপৰতাৰ বাবেই হত্যাকাণ্ডটোৰ তদন্তত কেতবোৰ নতুন তথ্য পোহৰলৈ আহিছে৷ উক্ত হত্যাকাণ্ডৰ স’তে জড়িত থকাৰ অভিযোগত আজিবৰ ৰহমান নামৰ আৰু এজন লোকক গ্রেপ্তাৰ কৰা হৈছে৷
নাৰীজনিত অপৰাধ ঘটনা প্রতিৰোধ অবিহনে ৰাজ্যখনত এক শান্তিৰ বাতাৱৰণ প্রতিষ্ঠা কৰাটো সম্ভৱ নহয়৷ নাৰীজনিত অপৰাধৰ ঘটনাসমূহ সাধাৰণতে ব্যক্তিকেন্দ্রিক আৰু পৰিয়ালকেন্দ্রিক৷ এনে অপৰাধ নির্মূল কৰিবলৈ হ’লে এনে দুষ্কার্যত জড়িত লোকসকলক দৃষ্টান্তমূলক শাস্তি বিহিবই লাগিব৷ এইক্ষেত্রত অসম আৰক্ষীকে ধৰি তদন্তকাৰী সংস্থাসমূহে বিশেষ সতর্কতা গ্রহণ কৰিবই লাগিব৷ ৰাজ্যৰ গৃহ বিভাগৰ তথ্য অনুসৰি অসমত ২০১৬ত ৫,৩৩৯টা, ২০১৭ত ৫,৫৬৫টা, ২০১৮ত ৬,৩৫৯টা, ২০১৯ত ৬,৯৮৯টা, ২০২০ত ৫,৩৬৪টা, ২০২১ত ৫,৭৩৯টা, ২০২২ত ৩,৩০২টা আৰু ২০২৩ৰ ফেব্রুৱাৰীলৈকে ৪১৮টা নাৰীজনিত অপৰাধৰ ঘটনা সংঘটিত হৈছে৷ একেদৰে ৰাজ্যখনত ধর্ষণৰ গোচৰৰ সংখ্যাও উদ্বেগজনক হৈছে৷ ২০১৬ত ১,৭২৩টা, ২০১৭ত ১,৮০৭টা, ২০১৮ত ২,০০৯টা, ২০১৯ত ২,০৫২টা, ২০২০ত ১,৯০০টা, ২০২১ত ১,৯০২টা, ২০২২ত ১,১৭৮ টা আৰু চলিত বর্ষৰ ফেব্রুৱাৰীলৈকে ৯২টা ধর্ষণৰ গোচৰ পঞ্জীভুক্ত হৈছে৷ একেদৰে নাৰীজনিত অপহৰণৰ ঘটনাও ৰাজ্যখনত চিন্তনীয় হৈয়ে আছে৷ ২০১৬ত ৫,৩৩৯টা, ২০১৭ত ৫,৫৬৫টা, ২০১৮ত ৬,৩৫৯টা, ২০১৯ত ৬,৯৮৯টা, ২০২০ত ৫,৬৩৪টা, ২০২১ত ৫,৭৩৯টা, ২০২২ত ৩,৩০২টা আৰু চলিত বর্ষৰ ফেব্রুৱাৰীলৈকে ৪১৮টা নাৰীজনিত অপহৰণৰ গোচৰ পঞ্জীভুক্ত হৈছে৷ ২০১৬ চনৰ পৰা ২০২৩ৰ ফেব্রুৱাৰীলৈকে ৰাজ্যখনত সংঘটিত নাৰীজনিত অপৰাধকে ধৰি বিভিন্ন গুৰুতৰ অপৰাধৰ ৩,৮৭,১৬৫টা গোচৰৰ অভিযোগনামা দাখিল কৰিছে যদিও ইয়াৰে ১,৪৭,৬৯৯টা গোচৰৰ অভিযুক্ত দোষমুক্ত হৈছে৷ ৰাজ্যখনত সংঘটিত অপৰাধ গোচৰসমূহত আৰক্ষীয়ে অভিযুক্ত কৰা ৮.৫০ শতাংশ লোকেহে আদালতত শাস্তি লাভ কৰে৷ বিভিন্ন গুৰুতৰ অভিযোগত অভিযুক্ত কৰি আৰক্ষীয়ে অভিযোগনামা দাখিলৰ পিছতো আদালতত ৯১.৫০ শতাংশ অভিযুক্ত দোষমুক্ত হয়৷ এয়া নিশ্চিতভাৱে অসম আৰক্ষীৰ বাবে এক চিন্তনীয় বিষয়৷ কিয়নো ইয়াৰ দ্বাৰা দুটা প্রশ্ণ উদয় হয়৷ প্রথম প্রশ্ণটো হ’ল আৰক্ষীয়ে অপৰাধৰ ঘটনাৰাজি পুংখানুপুংখভাৱে অনুসন্ধান কৰাৰ বিপৰীতে শূন্যতে গদা ঘূৰাই অভিযোগনামা দাখিল কৰে৷ দ্বিতীয়তে, আৰক্ষীয়ে তদন্ত প্রক্রিয়াত ঢুকি নাপায় অপৰাধৰ স’তে জড়িত মূল লোকসকলক৷ ৰাজ্যৰ অপৰাধ গোচৰসমূহৰ স’তে জড়িত কৰি আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ৯১.৫০ শতাংশ লোকে কিয় আদালতত দোষমুক্ত হয়, সেয়া ৰাজ্যৰ গৃহ বিভাগ আৰু আৰক্ষীয়ে পর্যালোচনা কৰাৰ প্রয়োজন৷ জোনালী নাথৰ হত্যাকাণ্ডত চিআইডিৰ শীর্ষ বিষয়াগৰাকীয়ে অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্রহণ কৰা স্থিতিৰে পালমৰা তদন্তৰ পৰা আৰক্ষী বিভাগক মুক্ত কৰিবলৈ গৃহ বিভাগে কঠোৰ পদক্ষেপ গ্রহণ কৰা উচিত৷