নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফুত যোগ দিৱসত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

✅৫০০০ বছৰজোৰা মহান ভাৰতীয় সংস্কৃতিৰ এক অভিন্ন অংগ হৈছে যোগ।

✅প্ৰধানমন্ত্ৰী মোদীৰ সবল নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় মঞ্চত অধিষ্ঠিত যোগ।

✅ৰবিশংকৰৰ আৰ্ট অৱ লিভিঙৰ আশ্ৰম ভ্ৰমণ।

বিশেষ বাৰ্তা, ২১ জুন : মন্ত্ৰী পীযুষ হাজৰীকাই আজি কাৰ্বি আংলঙৰ ডিফুত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপিত নৱম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে। সমগ্ৰ বিশ্বৰ লগতে আজি অসমতো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ধুবৰীত যোগ দিৱসৰ অনুষ্ঠানত অংশ লোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন জিলা সদৰত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত অংশ গ্ৰহণ কৰে। ডিফুৰ ইন্দোৰ ষ্টেডিয়ামত আয়োজিত যোগ দিৱসত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়কদ্বয় বিদ্যাসিং ইংলেং আৰু দৰসিং ৰংহাঙৰ সৈতে অংশ লৈ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে ৫০০০ বছৰজোৰা মহান ভাৰতীয় সংস্কৃতিৰ এক অভিন্ন অংগ হৈছে যোগ। যোগাভ্যাসৰ জড়িয়তে আমাৰ সমাজত দীৰ্ঘদিন ধৰি মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধন কৰি অহা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যোগক সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সফল হৈছে। প্ৰধানমন্ত্ৰীৰ আন্তৰিক প্ৰয়াসত যোগে ৰাষ্ট্ৰসংঘৰ মঞ্চত আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিলে বুলিও মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে। আনহাতে শাৰীৰিক আৰু মানসিক সু-স্বাস্থ্যৰ বাবে আমি সকলোৱে নিয়মিত ৰূপত যোগাসন কৰা উচিত বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ পাছত মন্ত্ৰী হাজৰীকাই ডিফুস্থিত গুৰুজী শ্ৰীশ্ৰীৰৱিশংকৰৰ ‘Art of Living’ৰ এখন আশ্ৰম ভ্ৰমণ কৰি সেৱা জনায় আৰু আশ্ৰম কৰ্তৃপক্ষৰ সৈতে বাৰ্তালাপ কৰে।

You might also like