নিয়মীয়া বার্তা, ২১ জুন : বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাগৃহত আজি মন্ত্রী অতুল বৰাৰ সভাপতিত্বত উপায়ুক্ত ডা: পি উদয় প্ৰবীণ আৰু অতিৰিক্ত উপায়ুক্ত তথা ভা: মহকুমাধিপতি ডাঃ নেহা যাদৱৰ উপস্থিতিত বোকাখাত মহকুমাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনত ৰূপায়ন হৈ থকা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত কৃষি, শিক্ষা, সমাজকল্যাণ, জলসিঞ্চন, বোকাখাত পৌৰসভা, আৱকাৰী, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, এপিডিচিএল, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, লোকনিৰ্মান (পথ), লোকনিৰ্মান (ৰাষ্ট্ৰীয় ঘাইপথ), লোকনিৰ্মান (গৃহ), বন,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পশু চিকিৎসা আদি বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে। বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ বিষয়ে বিতং ভাৱে খতিয়ান দাঙি ধৰাৰ লগতে আঁচনি সমূহৰ কাম কাজৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে অসম্পূৰ্ণ হৈ ৰোৱা আঁচনি আৰু উন্নয়নমূলক কাম সমূহ অতিশীঘ্ৰে সম্পূৰ্ণ কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগ সমূহক নিৰ্দেশ দিয়ে । তাৰোপৰি মন্ত্ৰী গৰাকীয়ে আগন্তুক সাম্ভাব্য বানপানীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত জলসম্পদ বিভাগে লোৱা ব্যৱস্থা সম্বন্ধে বহল বাখ্যা লয়। বিপদসংকুল আৰু দূৰ্বল মথাউৰিৰ স্থান সমূহত অনতিপলমে প্ৰতিৰোধৰ ব্যৱস্থাৰ লগতে বন্যাৰ্তৰ মৌলিক প্ৰয়োজনীয় সমূহৰ যাতে অভাৱ নহয় তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।
প্ৰেৰক ৰঞ্জিত ৰজক