আমেৰিকাত মোদী : নিউয়র্কত ভাৰতমাতা কী জয়-বন্দে মাতৰম ধ্বনি
বিশেষ বাৰ্তা, ২১ জুনঃ ৰাষ্ট্রসংঘৰ মুখ্য কার্যালয় মুখৰিত হ’ল ভাৰত মাতা কী জয় আৰু বন্দে মাতৰম ধ্বনিৰে৷ ৰাষ্ট্রসংঘৰ দ্বাৰা আয়োজিত আন্তঃৰাষ্ট্রীয় যোগ দিৱসক নেতৃত্ব দিবলৈ আজি মুখ্য কার্যালয়তোৰ ল’নত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আগমন ঘটাৰ লগে লগেই উপস্থিত প্রৱাসী ভাৰতীয়ই ভাৰত মাতা কী জয় আৰু বন্দে মাতৰম ধ্বনিৰে আদৰণি জনালে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ আমন্ত্রণমর্মে প্রথমবাৰ চৰকাৰী ভ্রমণসূচীৰে দেশখনত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে আন্তঃৰাষ্ট্রীয় যোগ দিৱসত নেতৃত্ব দিয়ে৷ যোগ দিৱসত অংশ লোৱাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে ভিডিঅ’ বার্তাযোগে সমগ্র বিশ্ববাসীক কয়– ‘যোগৰ জৰিয়তে আমি আমাৰ দ্বিধা, বাধা আৰু প্রতিৰোধ আঁতৰ কৰিব পাৰোঁ৷ আমাৰ সাম্প্রতিক উদ্যম ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ বিশ্বৰ বাবে এক উদাহৰণ৷ যোগাই আমাক ঐক্যৱদ্ধ কৰিছে৷ উল্লেখ্য যে ২০১৪ চনৰ ছেপ্ঢেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত আন্তঃৰাষ্ট্রীয় যোগ দিৱসৰ প্রস্তাৱ দি সেই ধাৰণাটোৰ বিষয়ে অৱগত কৰিছিল৷ ইয়াৰ পাছতেই ৰাষ্ট্রসংঘই প্রধানমন্ত্রী মোদীৰ প্রস্তাৱক প্রাধান্য দি ২১ জুন আন্তঃৰাষ্ট্রীয় যোগ দিৱস হিচাপে ঘোষণা কৰে৷ সেইমর্মেই ২১ জুন আন্তঃৰাষ্ট্রীয় যোগ দিৱস হিচাপে বিশ্বই উদ্যাপন কৰি আহিছে৷ আজি নৱম সংখ্যক আন্তঃৰাষ্ট্রীয় যোগ দিৱস ১৮০তকৈ অধিক দেশে উদ্যাপন কৰি অহাটো ভাৰতৰ বাবে এক ঐতিহাসিক ক্ষণ বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ মার্কিন ৰাষ্ট্রপতি বাইডেনৰ আমন্ত্রণমর্মে ২১ জুনৰ পৰা ২৪ জুনলৈকে আমেৰিকা ভ্রমণৰত প্রধানমন্ত্রী মোদী নিউয়র্কত অৱতৰণ কৰাৰ পাছতেই বিমান বন্দৰত প্রৱাসী ভাৰতীয়ই উষ্ম আদৰণি জনাইছে৷ বিমান বন্দৰৰ পাছত প্রধানমন্ত্রীগৰাকীয়্ বাহৰ পতা হোটেলৰ বাহিৰতো প্রৱাসী ভাৰতীয়ই নৃত্য–গীতেৰে মোদীক আদৰণি জনায়৷ আমেৰিকা ভ্রমণৰ প্রথম দিনাই প্রধানমন্ত্রী মোদীয়ে দেশখনৰ ন’বেল বঁটাপ্রাপক, অর্থনীতিবিদ, শিল্পী, বিজ্ঞানী, পণ্ডিত, শিক্ষাবিদ, উদ্যোগী, স্বাস্থ্য বিশেষজ্ঞ আদি কৰি ২৪গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে বৈঠকত মিলিত হয়৷ এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে অর্থনীতিৰ পৰা শিক্ষা, সংস্কৃতিৰ পৰা স্বাস্থ্য, উদ্যোগ খণ্ড সম্পর্কীয় অনেক বিষয়ক লৈ বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলোচনা কৰে৷ ইপিনে প্রধানমন্ত্রী মোদীয়ে আজি টেছলাৰ চিই’, টুইটাৰৰ স্বত্বাধিকাৰী এলন মাস্কৰ সৈতে বৈঠকত মিলিত হয়৷ টেছলাৰ মুৰব্বী মাস্ক আৰু প্রধানমন্ত্রী মোদীৰ মাজত অনেক বিষয়ক লৈ আলোচনা হয়৷ প্রধানমন্ত্রী মোদীৰ সৈতে বৈঠকৰ অন্তত সাংবাদিকৰ আগত টেছলাৰ মুৰব্বী মাস্কে কয়– মই মোদীৰ শুভাকাংক্ষী৷ প্রধানমন্ত্রীৰ সৈতে বৈঠক অতি গুৰুত্বপূর্ণ৷ বহু কাৰণত তেওঁক মই ভাল পাওঁ৷ তেওঁ কিছু বছৰ আগেয়ে আমাৰ কাৰখানা পৰিদর্শন কৰিছিল৷ গতিকে বহু দিনৰ আগৰ পৰাই পৰস্পৰে পৰস্পৰক জানোঁ৷ মই ভাৰতৰ ভৱিষ্যতক লৈ অত্যন্ত আৱেগিক৷ মই ভাবো, বিশ্বৰ যিকোনো বৃহৎ দেশতকৈ ভাৰত অধিক প্রতিশ্রুতিসম্পন্ন৷ আনপিনে এই বৈঠকতেই প্রধানমন্ত্রীৰ সৈতে টেছলাৰ সন্দর্ভতো আলোচনা কৰা বুলি উল্লেখ কৰি মাস্কে কয়– শীঘ্রেই টেছলাৰ ভাৰতলৈ আগমন ঘটিব৷ মই বিশ্বাসী যে টেছলা ভাৰতলৈ আগমন ঘটিব, যিমান পাৰি সিমান শীঘ্রেই৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে মিলিত হোৱাটো এক সন্মানৰ বিষয় বুলি কয় মাক্সে৷ আনহাতে বৈঠকৰ সময়ত প্রধানমন্ত্রী মোদীয়ে মাক্সৰ প্রযুক্তি আৰু বিভিন্ন খণ্ডত বহনক্ষম কার্যদক্ষতাৰ বাবে প্রশংসা কৰে বুলিও কয় টেছলাৰ মুৰব্বীজনে৷ বৈঠকৰ অন্তত টুইটযোগে প্রধানমন্ত্রী মোদীয়ে কয়– এলন মাস্কৰ সৈতে আজি এক গুৰুত্বপূর্ণ বৈঠকত আমি শক্তিৰ পৰা আধ্যাত্মিকতালৈকে বিভিন্ন বিষয়ত আলোনা কৰোঁ৷ মার্কিন ৰাষ্ট্রপতি বাইডেনৰ আমন্ত্রণত আমেৰিকাত উপস্থিত হোৱা বিশ্বৰ তৃতীয়গৰাকী দেশৰ মুৰব্বী হৈছে প্রধানমন্ত্রী মোদী৷ আমেৰিকা ভ্রমণৰ সময়ছোৱাত মোদীয়ে মার্কিন কংগ্রেছক সম্বোধন কৰিব৷ ৰাষ্ট্রপতি বাইডেন আৰু ফাষ্ট লেডীয়ে আয়োজন কৰা নৈশ ভোজত অংশ লোৱাৰ লগতে প্রধানমন্ত্রী মোদী ব্যক্তিগত বৈঠকত মিলিত হ’ব৷ দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে প্রৱাসী ভাৰতীয় সম্বোধন কৰিব প্রধানমন্ত্রী মোদীয়ে৷