ইউৰোপৰ ৯০ বিলিয়ন ডলাৰৰ বজাৰত অসমৰ প্রৱেশ
অসমৰ প্রাকৃতিক–পৰম্পৰাগ্ সম্পদক উন্নত প্রযুক্তিৰে ইউৰোপৰ বজাৰলৈ নিয়াৰ লক্ষ্যৰে গুৱাহাটীত হ’ল ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি৷ অসম চৰকাৰ আৰু ইউৰোপীয় সংঘৰ অংশীদাৰিত্বত ৰাজ্যত উদ্যোগ আৰু বাণিজ্য খণ্ডৰ বাবে ৰচিত হ’ল এক নতুন অধ্যায়৷
ভাৰত আৰু ভূটানৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হার্ভে ডেলফিনে নেতৃত্ব দিয়া ইউৰোপীয় সংঘৰ উচ্চস্তৰৰ প্রতিনিধি আৰু অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত গুৱাহাটীৰ ৰেডিছন ব্লুত আজি এই ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি ঘটে৷
মুখ্যতঃ সোৱাদ, সুগন্ধি, আয়ুস, খাদ্য সংসাধনৰ বিকাশ আৰু শক্তিশালী যোগান শৃংখল কৰাৰ লক্ষ্যৰে শুভাৰম্ভ ঘটা এই ব্লু ভেলী ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপীয় দেশসমূহত অসমৰ বাবে মুকলি হ’ল এক নতুন বজাৰ৷ আজি ব্লু ভেলী ক্লাষ্টাৰ মুকলিৰ পাছতে এক যৌথ সংবাদ মেলত হার্ভে ডেলফিনৰ ঘোষণা– ইউৰোপীয় সংঘৰ ৯০ বিলিয়ন ডলাৰৰ বজাৰত অসমৰ বাট মুকলি হ’ল৷
এই যৌথ সংবাদ মেলতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা– ভাৰত–ইউৰোপীয় সংঘৰ মাজত সম্পাদিত ফ্রী ট্রেড চুক্তিয়ে অসমৰ বাবে আনিছে নতুন সুযোগ৷ এই যৌথ সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই কয়– অসম এতিয়া কেৱল ভৌগোলিকভাৱে নহয়, অর্থনৈতিকভাৱেও এক গুৰুত্বপূর্ণ ঠাই৷
ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি আৰু ভাৰত–ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু উদ্যোগৰ বিকাশৰ দুৱাৰ মুকলি কৰিব৷ কৃষকসকলক কেন্দ্রবিন্দুত ৰাখি গঢ়ি তোলা এই পদক্ষেপসমূহে অসমৰ কৃষিজ আৰু প্রাকৃতিক সম্পদক বিশ্বৰ বজাৰৰ সৈতে সংযোগ কৰিব৷ মুখ্যমন্ত্রীয়ে ইয়াকো
উল্লেখ কৰে যে যোৱা দশকত পথ, ডিজিটেল সংযোগ, যোগাযোগ আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্রত হোৱা ব্যাপক অগ্রগতিয়ে অসমৰ পৰিৱর্তন ঘটাইছে৷ ইউৰোপীয় সংঘৰ প্রতিনিধি দলৰ অসম ভ্রমণ আৰু টাটা ছেমিকণ্ডাক্টৰ প্রকল্পৰ পৰিদর্শনে ৰাজ্যখনৰ বিকাশৰ গতি আৰু সম্ভাৱনাৰ প্রতি আন্তঃৰাষ্ট্রীয় আস্থাক অধিক শক্তিশালী কৰিছে৷
ইউৰোপীয় সংঘৰ এই ভ্রমণে অসম–ইউৰোপ সহযোগিতাৰ ক্ষেত্রত নতুন দিশ উন্মোচন কৰিব আৰু অনাগত দিনত বহু গুৰুত্বপূর্ণ পদক্ষেপৰ পথ প্রশস্ত কৰিব৷ ইয়াৰ পূর্বে ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম দ্রুতগতিত ভাৰত আৰু দক্ষিণ–পূব এছিয়াৰ এক গুৰুত্বপূর্ণ দুৱাৰমুখ হিচাপে আত্মপ্রকাশ কৰিছে৷
ব্লু ভেলী ক্লাষ্টাৰৰ পদক্ষেপে অসমৰ প্রাকৃতিক উপাদানক বিশ্বব্যাপী মূল শৃংখলৰ সৈতে সংযোগ কৰি বিনিয়োগ, উদ্ভাৱন আৰু অর্থনৈতিক বিকাশৰ নতুন দিশ উন্মোচন কৰিব৷ তেওঁ কয়– ২০৩০ৰ ভিতৰত ভাৰত–ইউৰোপীয় সংঘৰ সহযোগিতাই নতুন দিশ লাভ কৰাৰ লগতে ব্লু ভেলী ক্লাষ্টাৰৰ পদক্ষেপে উদ্ভাৱন, উদ্যোগ আৰু বহনক্ষম বিকাশৰ জৰিয়তে এই অংশীদাৰিত্বক স্থানীয় সুযুগলৈ ৰূপান্তৰ কৰিব৷
ইউৰোপীয় সংঘৰ সৈতে অসমত অংশীদাৰিত্বই ভাৰত–ইউৰোপৰ সহযোগিতা শক্তিশালী কৰাৰ সমান্তৰালকৈ অসমৰ কৃষকৰ বাবে সুযোগ সৃষ্টি কৰিব৷ অসমৰ চাহপাত, আগৰ কাঠ, জৈৱিক খাদ্য, প্রাকৃতিক সুগন্ধি–সোৱাদ, আয়ুসভিত্তিক সুস্থতা সামগ্রী আদিয়ে বজাৰৰ সৃষ্টি কৰিব৷ ইয়াৰ জৰিয়তে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক, মহিলা, আত্মসহায়ক গোট, ষ্টার্টআপ, গৱেষক আৰু উদ্যোগীসকলক আন্তঃৰাষ্ট্রীয় মূল্য শৃংখলৰ সৈতে সংযোগ কৰিব৷
মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে এই কার্যসূচীৰ জৰিয়তে সকলোতকৈ লাভৱান হ’ব কৃষকসকল৷ কৃষকসকলৰ উৎপাদন ইউৰোপীয় দেশসমূহলৈ লৈ যোৱাৰ এক বাট মুকলি হ’ব এই প্রক্রিয়াৰ দ্বাৰা৷ তেওঁ কয়– ভাৰতীয় ৰিজার্ভ বেংকে ইতিমধ্যে অসমক দ্রুত উন্নয়নশীল ৰাজ্য হিচাপে স্বীকৃতি দিছে৷
আগন্তুক ৫ বছৰ অসমৰ বাবে হ’ব বিকাশৰ দিন৷ অসম তথা উত্তৰ–পূব সদায়ে বিনিয়োগৰ এক কেন্দ্র হিচাপে চিহ্ণিত হৈ আহিছে৷ সেয়েহে অসম অনাগত সময়ত দক্ষিণ–পূব এছিয়াৰ দুৱাৰমুখ ৰূপে প্রতিষ্ঠিত হ’ব৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে অহা ১ জুলাইত গুৱাহাটীত অনুষ্ঠিত হ’বলগা ভাৰত–জাপান শীর্ষ সন্মিলনৰ কথাও উল্লেখ কৰে৷
মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কয়–১ জুলাইৰ পৰা ৩ জুলাইলৈ জাপানৰ প্রধানমন্ত্রীয়ে অসম ভ্রমণ কৰিব৷ তেওঁক সংগ দিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ সেয়েহে আগন্তুক দিনসমূহ অসমৰ বাবে অধিক লাভজনক হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ এই সমগ্র দিশসমূহ নির্ভৰ কৰিছে আমি কিদৰে ইয়াৰ সুযোগ ল’ব পাৰোঁ৷
উল্লেখ্য যে ব্লু ভেলী ক্লাষ্টাৰ প্রকল্পৰ শুভাৰম্ভণিৰ লগে লগে অসমৰ থলুৱা কৃষক, উদ্যোগী আৰু ষ্টার্টআপসমূহে ইউৰোপীয় সংঘৰ অন্তর্ভুক্ত দেশসমূহৰ সৈতে প্রত্যক্ষভাৱে ব্যৱসায়–বাণিজ্য আৰম্ভ কৰিব পাৰিব৷ তদুপৰি এই প্রকল্পই বহনক্ষম অর্থনৈতিক উন্নয়নৰ জৰিয়তে নতুন নতুন নিয়োগৰ সৃষ্টি কৰিব৷
মন কৰিবলগীয়া যে ব্লু ভেলী ক্লাষ্টাৰ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ ঐতিহ্যৰ সৈতে জড়িত প্রাকৃতিক সম্পদসমূহৰ দ্বাৰা কিদৰে বাণিজ্য মজবুত কৰিব পাৰি সেই সন্দর্ভত এক প্রদর্শনীৰো আয়োজন কৰা হৈছে৷ এই প্রদর্শনীত আগৰৰ পৰা আৰম্ভ কৰি বিভিন্ন প্রাকৃতিক সম্পদৰ সহায়ত উৎপাদন কৰা পাৰফিউম, প্রসাধন সামগ্রীৰ লগতে বিশ্ববিখ্যাত অসমৰ লিচুৰ দ্বাৰা প্রস্তুত কৰা সামগ্রীসমূহো প্রদর্শন কৰা হয়৷
অনুষ্ঠানত ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হার্ভে ডেলফিন, কেন্দ্রীয় চৰকাৰৰ বৈদেশিক পৰিক্রমা মন্ত্রালয়ৰ সচিব চি বি জর্জ, ভাৰতস্থিত বেলজিয়ামৰ ৰাষ্ট্রদূত ডিডিয়াৰ ভাণ্ডেৰহাছেল্ট, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, ফেডাৰেচন অৱ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়া (এফইবিআই)ৰ প্রতিনিধি, বহুকেইজন উদ্যোগী, প্রাতিষ্ঠানিক অংশীদাৰসকল উপস্থিত থাকে৷
ডিজিটেল ডেস্ক, ১০ জুন