কান্ধত গামোচা লৈ ৰাষ্ট্রসংঘৰ মুখ্য কার্যালয়ৰ সেউজ দলিচাত মোদীৰ যোগ
🔹 আন্তঃৰাষ্ট্রীয় যোগ দিৱসতো প্রধানমন্ত্রীয়ে উজলালে অসমৰ স্বাভিমান
বিশেষ বাৰ্তা, ২২ জুনঃ আমেৰিকা যুক্তৰাষ্ট্রত উজলিল অসমীয়াৰ স্বাভিমান গামোচা৷ নিউয়র্কস্থিত ৰাষ্ট্রসংঘৰ মুখ্য কার্যালয়ত আয়োজিত নৱম আন্তঃৰাষ্ট্রীয় যোগ দিৱসৰ নেতৃত্ব দি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গামোচা লৈ অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰিলে৷ ৰাষ্ট্রসংঘৰ মুখ্য কার্যালয়ৰ সেউজ ঘাঁহনিত বিশ্বৰ ১৩৫তকৈ অধিক দেশৰ প্রতিনিধিৰ সৈতে যোগ অনুশীলনত প্রধানমন্ত্রী মোদীয়ে পৰিধান কৰে অসমীয়াৰ স্বাভিমান৷ অসমবাসীৰ বাবে এয়া এক ঐতিহাসিক গৌৰৱৰ ক্ষণ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্কস্থিত ৰাষ্ট্রসংঘৰ মুখ্য কার্যালয় মুখৰিত হ’ল ভাৰত মাতা কী জয় আৰু বন্দে মাতৰম ধ্বনিৰে৷ ৰাষ্ট্রসংঘৰ দ্বাৰা আয়োজিত আন্তঃৰাষ্ট্রীয় যোগ দিৱসক নেতৃত্ব দিবলৈ কালি মুখ্য কার্যালয়টোৰ লনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আগমন ঘটাৰ লগে লগেই উপস্থিত প্রবাসী ভাৰতীয়ই ভাৰত মাতা কী জয় আৰু বন্দে মাতৰম ধ্বনিৰে আদৰণি জনালে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ আমন্ত্রণমর্মে প্রথমবাৰ চৰকাৰী ভ্রমণসূচীৰে দেশখনত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে আন্তঃৰাষ্ট্রীয় যোগ দিৱসক নেতৃত্ব দিয়ে৷ যোগ দিৱসত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে ভিডিঅ’ বার্তাযোগে সমগ্র বিশ্ববাসীক কয়– যোগ কপিৰাইট, পেটেণ্ট, ৰয়েল্টীৰ পৰা মুক্ত৷ ই এক জীৱনশৈলী, যোগ নমনীয়, যোগ অকলে অনুশীলন কৰিব পাৰে, সমূহীয়াকৈও পাৰে, এগৰাকী শিক্ষকৰ পৰা শিকিব পাৰে অথবা নিজেও শিকিব পাৰে, ই সামূহিক৷ ই সকলো জাতি, বিশ্বাস, সংস্কৃতিৰ বাবে৷ যোগৰ জৰিয়তে আমি আমাৰ দ্বিধা, বাধা আৰু প্রতিৰোধ আঁতৰ কৰিব পাৰোঁ৷ আমাৰ সাম্প্রতিক উদ্যম ‘এক ভাৰত শ্রেষ্ঠ ভাৰত বিশ্বৰ বাবে এটা উদাহৰণ৷ যোগেই আমাক ঐক্যবদ্ধ কৰিছে৷ ৰাষ্ট্রসংঘৰ দ্বাৰা আয়োজিত প্রধানমন্ত্রী মোদীৰ নেতৃত্বত যোগৰ অনুশীলনে গীনিজ ৱর্ল্ড অৱ ৰেকর্ড গঢ়ে৷ উল্লেখ্য যে ২০১৪ চনৰ ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত আন্তঃৰাষ্ট্রীয় যোগ দিৱসৰ প্রস্তাৱ দি সেই ধাৰণাটোৰ বিষয়ে অৱগত কৰিছিল৷ ইয়াৰ পিছতেই ৰাষ্ট্রসংঘই প্রধানমন্ত্রী মোদীৰ প্রস্তাৱক প্রাধান্য দি ২১ জুন আন্তঃৰাষ্ট্রীয় যোগ দিৱস হিচাপে ঘোষণা কৰে৷ সেইমর্মেই ২১ জুন আন্তঃৰাষ্ট্রীয় যোগ দিৱস হিচাপে বিশ্বই উদ্যাপন কৰি আহিছে৷ নৱম সংখ্যক আন্তঃৰাষ্ট্রীয় যোগ দিৱস ১৮০তকৈ অধিক দেশে উদ্যাপন কৰাটো ভাৰতৰ বাবে এক ঐতিহাসিক ক্ষণ বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷