নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য চৰকাৰৰ চাকৰিৰ ৪% বাগিচাৰ শিক্ষাৰ্থীৰ বাবে হব সংৰক্ষণ : মুখ্যমন্ত্ৰী

👉স্বৰাজোত্তৰ কালত হাইস্কুল পৰ্যায়ত প্ৰথমবাৰৰ বাবে বাগিচাত এনে বিদ্যালয় স্থাপন

👉বাগিচাত শিক্ষা ৰূপান্তৰত আদৰ্শ বিদ্যালয়ে লব ঈৰ্ষণীয় ভূমিকা

👉ৱাক অভাৰত যাতে কংগ্ৰেছে নাহাৰে তাৰ ব্যৱস্থা কৰক

👉অসম চুক্তি-এনআৰচিত আমি বিফল হ’লেও সমষ্টি পুনৰ্নিৰ্ধাৰণত সফল হ’ম

বিশেষ বাৰ্তা, ২২ জুনঃ শোণিতপুৰৰ বৰছলা সমষ্টিৰ অৰুণ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী ড° শৰ্মাই অৰুণ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি শুভ উদ্বোধন কৰি সংবাদ মাধ্যমত জনায় যে শোণিতপুৰত আজি ৬ খন আদৰ্শ বিদ্যালয় মুকলি কৰা হ’ব৷ এই বিদ্যালয়সমূহত দশম শ্ৰেণীলৈকে পঢ়াৰ ব্যৱস্থা আছে। পৰৱৰ্তীসময়ত একাদশ আৰু দ্বাদশ শ্ৰেণীলৈকে এই বিদ্যালয়সমূহ অন্তৰ্ভুক্ত হ’ব বুলি উল্লেখ কৰে ৷ বিধায়ক প্ৰদীপ হাজৰিকাই সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ফলত নিজ সমষ্টি হেৰুওৱাত ক্ষোভ প্ৰকাশ কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, যিটো সমষ্টিৰ মানুহে মোক তুলি তালি ডাঙৰ দীঘল কৰিলে মোৰ নিজৰ সমষ্টিয়েই আজি নোহোৱা হৈ গৈছে গতিকে জাতিৰ কাৰণে আমি ব্যক্তিগতভাৱে ত্যাগ কৰিবলগা হব পাৰে । তাত চিন্তাৰ কোনো কাৰণ নাই ৷ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ এইখন খচৰাত দুই এটা ভাল পৰামৰ্শ সকলোৱেই দিব পাৰে ৷ কোনোবা যদি আদালতলৈ যায় যাব পাৰে তাত কোনো আপত্তি নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷অসমত সৰ্বমুঠ এনে ১১৯ খন বিদ্যালয় স্থাপন কৰা হৈছে। স্বাধীনতাৰ ৭৫ বছৰ পিছত হাইস্কুল পৰ্যায়ত পোন প্ৰথমবাৰৰ বাবে বাগিছাত এনে বিদ্যালয় স্থাপন কৰা হৈছে ৷এইবাবে ৰাইজৰ উৎসাহ যথেষ্ট হৈছে ।বিদ্যালয়সমূহত আৰম্ভণিতে ১০০ /২০০ ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰিছে ৷চাহ বাগিছা অঞ্চলত শিক্ষাৰ সমগ্ৰ ব্যৱস্থাটো ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত আদৰ্শ বিদ্যালয়সমূহে এক উল্লেখযোগ্য ভূমিকা ল’ব ৷ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ক্ষেত্ৰত কংগ্ৰেছক বিজেপিয়ে কেবাটাও সমষ্টিত ৱাক অভাৰ দিয়াৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমত জনায় যে যদি ৱাক অভাৰ পাইছে তেন্তে চৰকাৰ গঠন কৰক, ৱাক অভাৰ পাই কংগ্ৰেছে ভালকৈ খেলক এনে নহওঁক যে ৱাক অভাৰত কংগ্ৰেছ হাৰি যায়। কেতিয়াবা ৱাক অভাৰ পিছতো দল হাৰি যায় তেওঁলোক যাতে হাৰি নাযায় তাৰ ব্যৱস্থা কৰক ৷ আজমলে কৈছিল যে বিজেপি আৰু কংগ্ৰেছ মিলি সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সমষ্টি পুনৰ্নিৰ্ধাৰণ বিজেপিয়েও কৰা নাই কংগ্ৰেছেও কৰা নাই আৰু এআইইউ ডি এফেও কৰা নাই এয়া নিৰ্বাচনী আয়োগে কৰিছে ৷ নিৰ্বাচনী আয়োগে যি কাম কৰিলে তাৰ পৰা আমাৰ জাতি জনগোষ্ঠী, অসমবাসী বহুদিনলৈ সুৰক্ষিত হ’ব৷ বহুদিনৰ মূৰত অসম চুক্তিত আমি বিফল হ’লো ,এনআৰচিত আমি বিফল হ’লো অন্ততঃ সমষ্টি পুনৰ্নিৰ্ধাৰণত কিবা অলপ যেন সফল হ’ম৷ এটাই ভগৱানক খাটিছো এইখন যেন চূড়ান্ত হয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহল,তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস,বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷ বৰছলা সমষ্টিৰ অৰুণ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি কয় যে ,চৰকাৰে অসমত ১১৯ খন চাহ বাগিছা বনোৱাৰ সিদ্ধান্ত লৈছিল ৷ ১০০ খন আদৰ্শ বিদ্যালয় যোৱাবছৰ সম্পূৰ্ণ হ’ল ।বৰ্তমান ১৯ খন ৰ কাম চলি আছে। শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাত ৬ খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে। এই আদৰ্শ বিদ্যালয়সমূহত উচ্চতৰ মাধ্যমিক শ্ৰেণী খুলিবলৈ পৰিকল্পনা কৰা হৈছে ৷ আদৰ্শ বিদ্যালয়ৰ জৰিয়তে পিছপৰা অঞ্চলৰ ল’ৰা ছোৱালীয়ে যথেষ্ট সুবিধা লাভ কৰিব৷ অসম চৰকাৰৰ চাকৰিৰ ৪% বাগিছাৰ ছাত্ৰছাত্ৰীৰ বাবে সংৰক্ষণ কৰা হ’ব ।বৰ্তমান মেডিকেল আৰু ইঞ্জিনিয়াৰিং বাবে চিট সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।চাওঁতে চাওঁতে বাগিছাৰ ল’ৰা ছোৱালী চিকিৎসক হৈছে,নাৰ্চ হৈছে ,এএনএম হৈছে ৷তেওঁ লগতে উল্লেখ কৰে যে আজি মই ইয়াত এজোপা আমলখি গছ ৰোপণ কৰিছো ৷ যিজোপা গছপুলি ৰোপণ কৰিলো আমি যদি সঠিককৈ পৰিচৰ্যা নকৰো তেন্তে গছপুলিডাল মৰি যাব ।কিন্ত আমি যদি এইজোপা গছপুলি সুন্দৰকৈ পৰিচৰ্যা কৰি ভালকৈ ডাঙৰ দীঘল কৰো তেন্তে এসময়ত গছজোপাত ফল ধৰিব আৰু আমি উপকৃত হোৱাৰ লগতে গছজোঁপাই ছাঁ প্ৰদান কৰিব ৷এইক্ষেত্ৰত ছাত্ৰছাত্ৰীসকলৰ অভিভাৱকসকলে নিজ সন্তানক সুন্দৰকৈ প্ৰতিপালন কৰিলে সেই সন্তান এদিন মানৱ সম্পদ হৈ গৌৰৱ কঢ়িয়াই আনিব৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পূৰ্বে বহুত চৰকাৰ আহিছিল কিন্ত চাহ বাগিছাত বিদ্যালয় নিৰ্মাণৰ চিন্তা কৰা নাছিল ৷ এইখন চৰকাৰে চিন্তা কৰিছে। আজি কিছুদিন পূৰ্বে মুকলি হ’ব লগা এইসমূহ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক গুৱাহাটীলৈ মাতি নি বাগিছাৰ ছাত্ৰ-ছাত্ৰীসকলক যাতে সঠিকভাৱে শিক্ষাদান কৰি ভৱিষ্যতে সুনাগৰিক হ’বলৈ আগবঢ়াই নিয়ে তাৰবাবে আহ্বান জনাওঁ ৷এতিয়া আটাইতকৈ ডাঙৰ বিনিয়োগ হৈছে নিজৰ ল’ৰা ছোৱালীক উচ্চ শিক্ষিত কৰি গঢ়ি তোলা। আজি মোক যদি মা দেউতাই ভালকৈ শিক্ষাদান নকৰিলেহেঁতেন,মই এই পৰ্যায়ত উপনীত নহ’লোহেঁতেন ৷এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক যদি মা দেউতাই ভালকৈ শিক্ষাদান নকৰিলেহেঁতেন তেন্তে আজি তেওঁ এই পৰ্যায়ত উপনীত নহ’লোহেঁতেন বুলি কৈ অভিভাৱকসকলক নিজৰ সন্তানক উচিত শৈক্ষিক পৰিৱেশ প্ৰদান কৰি আগবঢ়াই নিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড° শৰ্মাই। আনহাতে আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা অৰুণ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গণেশ শৰ্মাই সংবাদমাধ্যমত জনায় যে, বিদ্যালয়খনত বৰ্তমান ১০৪ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে ৷বৃহত্তৰ অঞ্চলজুৰি উচ্চ শিক্ষাৰ বিদ্যালয় নথকাত পূৰ্বে এই অঞ্চলৰ ছাত্ৰছাত্ৰীসকলে চাৰি পাঁচ কিলোমিটাৰ বাট চাইকেল চলাই বা খোজকাঢ়ি বিদ্যালয় যাবলগীয়া হৈছিল ।কিন্ত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰাত এই অঞ্চলৰ ছাত্ৰছাত্ৰীসকল যথেষ্ট উপকৃত হ’ব বুলি জনায় প্ৰধান শিক্ষকগৰাকীয়ে ।মুখ্যমন্ত্ৰী ড° শৰ্মাই শুভ উদ্বোধন কৰা বিদ্যালয় অৰুণ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিজিটৰচ বুকত চহী কৰাৰ লগতে মন্তব্য প্ৰদান কৰে বুলি জনায় বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ৷ ইয়াৰ লগতে আটছাৰ শোণিতপুৰ জিলাৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধা ,আটছাৰ ঢেকিয়াজুলি আঞ্চলিকৰ সভাপতি নিৰঞ্জন ৰাউতে সংবাদমাধ্যমত জনায় যে পূৰ্বে কংগ্ৰেছৰ লগতে বহু চৰকাৰ আহিল বহু চৰকাৰ গ’ল কিন্ত চাহ বাগিছা অঞ্চলৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাত কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে । আজিমুখ্যমন্ত্ৰী ড° শৰ্মাই চাহ বাগিচা অঞ্চলত আদৰ্শ বিদ্যালয় স্থাপন কৰি শিক্ষাৰ ক্ষেত্ৰত নৱজাগৰণৰ সূচনা কৰিবলৈ সক্ষম হ’ল বুলি মন্তব্য কৰে ৷
প্ৰেৰক কল্পজ্যোতি নাথ

You might also like