নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা টি–২০ বিশ্বকাপ : পাকিস্তানক ধৰাশায়ী কৰি অভিযান আৰম্ভ ভাৰতৰ

মহিলা টি–২০ বিশ্বকাপত দুর্দান্ত আৰম্ভণি হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলৰ৷ ইংলেণ্ডত চলি থকা আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ অনুষ্ঠিত বহু প্রতীক্ষিত হাই ভল্টেজ মেচখনত ভাৰতে চিৰপ্রতিদ্বন্দ্বী পাকিস্তানক সহজেই ৬৪ ৰানত পৰাস্ত কৰে৷

মেচখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১৭১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি দীপ্তি শর্মা আৰু শ্রী চাৰানিৰ দর্শনীয় বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ পাকিস্তানে ১৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১০৬ ৰানহে কৰে৷

দলটোৰ হৈ সর্বাধিক ৪১ ৰান কৰে অ’পেনাৰ মুনিবা আলীয়ে৷ অধিনায়িকা ফাতিমা ছানাই কোনো ৰান নকৰাকৈ বিদায় লয়৷ ভাৰতীয় দলটোৰ হৈ দীপ্তি শর্মাই সর্বাধিক ৫টা, চাৰানিয়ে ৩টা আৰু ছেফালি বার্মাই এটা উইকেট লাভ কৰে৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ স্মৃতি মান্ধানাৰ দর্শনীয় ৬৮, অধিনায়িকা হৰমনপ্রীতৰ ৩৬ আৰু ৰিচা ঘোষৰ ৩৪ ৰানৰ সহায়ত ভাৰতে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৭০ ৰান কৰে৷ ছেফালিয়ে ৬, জেমিমাই ১ আৰু ফুলমালিয়ে ১ ৰান কৰি বিদায় লয় যদিও দীপ্তি শর্মাই ১২ ৰান কৰি অপৰাাজিত হৈ থাকে৷

ডিজিটেল ডেস্ক, ১৫ জুন

You might also like