আজি ১৫ জুন, জেঠ মাহৰ ৩১ তাৰিখ
সোমবাৰ : তিথি–অমাৱস্যা, নক্ষত্রঃ পূর্বভাদ্রপদ, যাত্রাঃ নাই
মেষঃ আয়, উন্নতিৰ বাবে দিনটো শুভ যদিও ব্যয়বহুলতাৰ কাৰণে সঞ্চয় নহ’ব৷ বাধা–বিপত্তি থকা সত্ত্বেও লক্ষ্যত উপনীত হ’ব পাৰিব৷ প্রেমত শুভ৷
বৃষঃ কর্মক্ষেত্রত সুখ্যাতি লাভ৷ ভাতৃৰ লগত মতৰ অমিল দেখা দিব পাৰে৷ চকুৰ সমস্যাত ভুগিব পাৰে৷ অযথা অর্থ নাশ হ’ব পাৰে৷ উচ্চ বিদ্যার্থীৰ উন্নতিৰ যোগ৷
মিথুনঃ নিজৰ ভুলৰ কাৰণে ভাল সুযোগৰ হাত এৰা হ’ব পাৰে৷ দৈনন্দিন কাম–কাজত বাধাৰ মাজেৰে অগ্রগতি৷ আকস্মিক কোনো অপ্রীতিকৰ ঘটনাৰ সন্মুখীন হ’ব পাৰে৷ আর্থিকত মধ্যম ফল৷
কর্কটঃ নিজৰ কোনোবাৰ লগত বিবাদৰ সূত্রপাত ঘটিব পাৰে৷ বুধৰ শুভ প্রভাৱৰ ফলত ব্যৱসায়–বাণিজ্যত প্রভাৱ পৰিব৷ গৃহ নির্মাণৰ পৰিকল্পনা গ্রহণ কৰিব পাৰে৷ অপবাদৰ সন্মুখীন হ’ব পাৰে৷
সিংহঃ অশুভ ৰাহুৰ কাৰণে কর্মত পদোন্নতিৰ ক্ষেত্রত বাধা থাকিব৷ ৰাহুৰ অশুভ প্রভাৱৰ ফলত শত্রুৰ বেয়া নজৰত পৰিব পাৰে৷ বিদ্যার্থীৰ মানসিক চঞ্চলতা বৃদ্ধি পাব৷
কন্যাঃ বুধৰ শুভ প্রভাৱত সম্পদ লাভৰ যোগ৷ কর্মসূত্রে বাহিৰলৈ যোৱাৰ যোগ৷ দাম্পত্যত সুখ আৰু শান্তি বজাই থাকিব৷ খং নিয়ন্ত্রণত ৰাখিব৷
তুলাঃ আর্থিক ক্ষেত্রত উন্নতিৰ যোগ৷ কিবা কাৰণত মানসিক পীড়াত ভুগিব পাৰে৷ বন্ধু বিয়োগৰ যোগ৷ প্রেমত শুভ৷
বৃশ্চিকঃ যোগ্যতা অনুযায়ী কর্ম পৰিৱর্তনৰ যোগ আছে৷ শিক্ষকতাৰ লগত জড়িত ব্যক্তিসকলৰ শুভ বুলি ক’ব নোৱাৰি৷ ঘৰুৱা দিশত সমস্যা দেখা দিব পাৰে৷ আর্থিক ক্ষেত্রত শুভ যদিও সঞ্চয় নহ’ব৷
ধনুঃ নিবনুৱাৰ কর্মলাভৰ যোগ৷ কর্মক্ষেত্রত বিশৃংখলাই দেখা দিব পাৰে৷ আত্মীয়ৰ কাৰণে ক্ষতি হ’ব পাৰে৷ আকস্মিকভাৱে কোনো বিতর্কত জড়িত হ’ব পাৰে৷ প্রেম আৰু দাম্পত্যত অশুভ৷
মকৰঃ অন্য ব্যক্তিৰ সহায়ত উন্নতিৰ যোগ৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব যদিও আর্থিক ক্ষেত্রত তেনেকুৱা ফল নাপাব৷ সন্তানৰ কর্মপ্রাপ্তিৰ যোগ৷ শৰীৰ–স্বাস্থ্য সম্পর্কে সচেতন থাকিব৷ বিদ্যার্থীৰ শুভ৷
কুম্ভঃ পৰিকল্পিত কর্মত ব্যাঘাত ঘটিব পাৰে৷ যান–বাহন চলোৱাৰ পৰা সতর্ক থাকিব৷ আর্থিক ক্ষেত্রত উন্নতিৰ যোগ আছে যদিও অপ্রত্যাশিতভাৱে বাধা দেখা দিব পাৰে৷
মীনঃ কর্মক্ষেত্রত একাধিক সুযোগ–সুবিধা আহিব৷ গুপ্ত শত্রুৰ পৰা সতর্ক থাকিব৷ গুৰুজনৰ লগত কিবা কাৰণত মতানৈক্য হ’ব পাৰে৷ প্রেম আৰু দাম্পত্যত শুভ ফলদায়ক হ’ব৷