নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএছটিৰ নামত ৰাজহ ফাঁকি : বৃহৎ ছিণ্ডিকেট নলবাৰী কৰ অধীক্ষকৰ কাৰ্যালয়ত

✅নলবাৰী কৰ অধীক্ষকৰ কাৰ্যালয়ত বৃহৎ চিণ্ডিকেট
✅দহ বছৰে একেখন চকীতেই থাকি লুন্ঠনত নামিছে কৰ অধীক্ষকে
✅জি এছ টিৰ নামত লাখ লাখ ৰাজহ ফাঁকি
✅ইটাভাতাৰ মালিকৰে গোপন বুজাবুজি কৰ অধীক্ষক, পৰিদৰ্শকৰ
✅কাগজে-কলমে দেখুৱাইছে ডেৰ কোটি টকাতকৈ কম ব্যৱসায়
বিশেষ বাৰ্তা, ২২ জুন : যিটো সময়ত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে ৰাজহ বৃদ্ধিত গুৰুত্ব প্ৰদান কৰি আহিছে তেনে সময়তে নলবাৰীত জি এছ টিৰ ফাঁকিৰে এচাম চৰকাৰী বিষয়াই দীৰ্ঘ দিন ধৰি নিজৰ জেপ গধুৰ কৰি অহাৰ অভিযোগে বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, নলবাৰী কৰ অধীক্ষকৰ কাৰ্যালয়টোৱে বাধাহীনভাৱে চলাই আহিছে ৰাজহ ফাঁকি কাণ্ড। জি এছ টিৰ নামত বৃহৎ কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছে কাৰ্যালয়টোৰ এচাম দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে।নলবাৰী কৰ অধীক্ষকৰ কাৰ্যালয়টোৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি এনে গুৰুতৰ  অভিযোগ উত্থাপন হৈ অহাৰ মাজতে কাৰ্যালয়টোৰ এগৰাকী কৰ অধীক্ষকে বিগত দহ বছৰে একেখন চকীতে বহি কাৰ্যকাল চলাই অহাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে,নলবাৰী জিলা কৰ অধীক্ষকৰ কাৰ্যালয়ৰ জুমি গগৈ নামৰ কৰ অধীক্ষক গৰাকী যোৱা ২০১৩ চনৰ পৰা নলবাৰীতেই কাৰ্যনিৰ্বাহ কৰি আছে।কাৰ আশীৰ্বাদপুষ্ট হৈ এইগৰাকী অধীক্ষকে বছৰৰ পিছত বছৰ ধৰি নলবাৰীতেই কাৰ্যনিৰ্বাহ কৰি গৈছে এই লৈ বহুতৰে মাজত সৃষ্টি হৈছে ৰহস্যৰ। প্ৰতি পাচ বছৰৰ পৰত চৰকাৰ সলনি হ’লেও নলবাৰীৰ এই গৰাকী কৰ অধীক্ষকে কিন্তু জিলাখনত দীৰ্ঘদিন ধৰি কাৰ্যকাল চলাই উঠি ৰজা বহি ৰজা হৈ পৰিছে।সোণৰ কণী পৰা হাঁহত পৰিণত নলবাৰীৰ এই কাৰ্যালয়টোৰ লোভনীয় চকীখন খামোচ মাৰি ধৰি চলাই গৈছে ব্যাপক লুন্ঠন। সাধাৰণতে এগৰাকী বিষয়াই একেখন জিলাৰ একেটা কাৰ্যালয়ত তিনি বছৰতকৈ অধিক কাল কাৰ্যনিৰ্বাহ কৰি যাৱ নোৱাৰে যদিও এইগৰাকী বিষয়াই কাৰ বলত বলিয়ান হৈ এনেদৰে বছৰ পিছত বছৰ ধৰি একেটা কাৰ্যালয়তেই কাৰ্যনিৰ্বাহ কৰি গৈছে, এই প্ৰশ্ন এতিয়া বহুতৰ। আনহাতে, কাৰ্যালয়টোত আন দুগৰাকী কৰ অধীক্ষক আছে যদিও সেই দুগৰাকী বিষয়াইও ধোঁৱা তুলসীৰ পাত নহয়। অৱশ্যে বাকী দুগৰাকী কৰ অধীক্ষক বদলি হৈ থাকে যদিও তৃতীয়গৰাকী কৰ অধীক্ষক গগৈৰ কিন্তু বদলি নহ’ল। অভিযোগ মতে,এই গৰাকী কৰ অধীক্ষকে কেইদিনমান পূৰ্বে ডি এল ১ এল টি ৭৬০৭ নম্বৰৰ দিল্লীত পঞ্জীয়নভুক্ত সামগ্ৰী ভৰ্তি ট্ৰাকখন কাৰ্যালয়লৈ আনি  যাৱতীয় নথি-পত্ৰ পৰীক্ষা কৰাৰ নামত বুজাবুজি কৰি পিছত যাৱলৈ দিয়া হয়। ইপিনে, জিলাখনৰ অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে জি এছ টি ফাঁকি দি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া।নিয়মানুসৰি ব্যৱসায়ী সকলে কৰ আদায় নিদিয়াত ৰাজ্য চৰকাৰে বছৰি হেৰুৱাব লগা হৈছে লক্ষ লক্ষ টকা। নলবাৰী কৰ অধীক্ষকৰ কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰে এনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাজত থকা গোপন বুজাবুজিৰ বাবেই জিলাখনত প্ৰকৃত ব্যৱসায়ৰ বিপৰীতে জি এছ টি সংগ্ৰহৰ পৰিমাণ যথেষ্ট কম বুলি ইতিমধ্যে বিভিন্ন মহলত চৰ্চিত হৈছে। এইক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ জি এছ টি ৰ সংশ্লিষ্ট অভিযানকাৰী দলে জিলাখনত অভিযান চলালে ওলাই পৰিব এনে কাণ্ডৰ ৰহস্য।আনহাতে, জি এছ টি প্ৰচলন হোৱাৰ পিছৰে পৰা নলবাৰী আৰু বাক্সা জিলাৰ ইটা ভাটা আৰু নলবাৰী কৰ অধীক্ষকৰ বিষয়াৰ মাজত চলি থকা গোপন বুজাবুজিৰ বাবে জিলাখনে প্ৰতি বছৰে হেৰুৱাব লগা হৈছে বৃহৎ পৰিমাণৰ ৰাজহ।জনা মতে, জি এছ টি নিয়মানুসৰি ডেৰ কোটি টকাৰ ওপৰত ব্যৱসায় কৰি থকা ইটা ভাটাসমূহে বছৰত চৰকাৰক এক শতাংশ জি এছ টি আদায় দিব লাগে। কিন্তু নলবাৰী আৰু বাক্সা জিলাৰ সৰহ সংখ্যক ইটা ভাটাই কৰ অধীক্ষক আৰু কৰ পৰিদৰ্শকৰ সৈতে গোপন বুজাবুজিৰে কাগজে-কলমে ডেৰ কোটি টকাতকৈ কম ব্যৱসায় হোৱা দেখুৱাই চৰকাৰক বছৰি বৃহৎ পৰিমাণৰ কৰ ফাঁকি দি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইফালে, এচাম চাৰ্টাৰ্ড একাউণ্টেণ্টৰ লগতে একাংশ টেক্স কনছালটেন্সীয়ে সংশ্লিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানক ভুৱা ষ্টেটমেণ্ট বনাই দি কৰ ফাঁকিত অৰিহণা যোগাই আহিছে। উল্লেখ্যযে, নলবাৰী জিলাৰ টিহুত বি বি আই, এ বি আই, বি বি আই টি, বি আই টি, এইচ বি আই টি, কে বি আই টি, আৰ বি আই, এল বি আই টি, এন বি আই টি, এছ বি আই, এম বি আই, এ বি আই আৰু নলবাৰীত এম বি আই, জে বি আই কে ধৰি আছে কে’বাটাও ইটা ভাটা। ইয়াৰে সৰহ সংখ্যকেই জি এছ টি ফাঁকি দি অহাৰ অভিযোগ উত্থাপন হৈছে। একেদৰে, বাক্সা জিলাৰো একাংশ ইটা ভাটাই জি এছ টিৰ নামত বছৰি লক্ষ লক্ষ টকাৰ কৰ ফাঁকি দি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।চৰকাৰৰ নিৰ্দ্দেশত  উৰ্ধতন কৰ্তৃপক্ষই  তদন্ত চলালেই প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি সচেতন ভূৰখা মহলে দাবী কৰিছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like