বিশেষ বাৰ্তা, ২২ জুনঃ জালুকবাৰী সমষ্টিৰ গৌৰাৱান্বিত শুৱালকুছিবাসী হাজো সমষ্টিৰ ভোটাৰ হব- এই কথা কোনোপধ্যে মানি নলয় শুৱালকুছিৰ লগতে শুৱালকুছি উন্নয়ণ খণ্ডবাসীয়ে৷ ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ লগে লগে জালুকবাৰী সমষ্টিৰ বিশেষকৈ শুৱালকুছি উন্নয়ণ খণ্ডৰ আঠোখন পঞ্চায়ত এলেকাৰ বিভিন্ন দল সংগঠন ব্যক্তি বিশেষে তীব্ৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ জালুকবাৰী বিধানসভা সমষ্টি আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সলনি হাজো আৰু বৰপেটাত সংলগ্ন কৰাৰ প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচৰাত সদৌ শুৱালকুছি অশোকাষ্টমী পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে পুলক কলিতা, বিনয় কলিতাই কয় যে নিৰ্বাচন আয়োগৰ সেই সিদ্ধান্ত আমি কোনোমতে মানি নলওঁ৷ মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ ভোটাৰ আছিলোঁ আৰু হৈয়ে থাকিম৷ বংশৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন কাউঞ্চিলাৰ ভূপেন কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমি বংশৰবাসীয়ে মুখ্যমন্ত্ৰীৰ সমষ্টিত আছো আৰু ভৱিষ্যতেও থাকিম ৷ ইতিমধ্যে বংশৰ বাসীয়ে জালুকবাৰী পৰা কৰ্তন নকৰাৰ বাবে ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ তুলি স্মাৰকপত্ৰ প্ৰদান কৰিছো ৷ যদি দাবী মানি নলয় সমগ্ৰ সমষ্টিবাসীয়ে গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ দিয়ে৷ এই সন্দৰ্ভত দদৰাৰ যুৱ সমাজকৰ্মী বলেন ৰাজবংশীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেঁও কয় যে স্বাধীনতাৰ বহু বছৰৰ মুৰত আমি ড° হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী কৰ্মঠ বাকপটু বিচক্ষণ বিধায়ক লাভ কৰিছো ৷ বৰ্তমান মুখ্যমন্ত্ৰীৰ দৰে আসন অলংকৃত কৰি আমাক গৌৰাৱান্বিত কৰাই নহয় সমষ্টিৰ উন্নয়নৰ ৰূপে আনক ঈৰ্ষান্বিত কৰিছে৷ যাক লৈ আমিয়ে নহয় প্ৰজন্মৰ পিছত প্ৰজন্মই সেই কথা স্বীকাৰ কৰিব ৷ তেনে ক্ষেত্ৰত আমি যি কোনো ত্যাগৰ বিনিময়ত জালুকবাৰী সমষ্টি হেৰুৱাব নোখোজো ৷ গন্ধমৌ পঞ্চায়তৰ প্ৰাক্তন কাউঞ্চিলাৰ চাইদুল ইছলাম (মুকুল)ৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয় যে আমি জালুকবাৰী সমষ্টি এৰি হাজোত সংলগ্ন হ’ম কল্পনাই কৰিব নোৱাৰো ৷ নিৰ্বাচন আয়োগে সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ আহ্বান জনায় ৷ আনহাতে শুৱালকুছি জ্যোতি সাহিত্য সভাৰ সভাপতি ৰঞ্জিত কুমাৰ মহন্ত আৰু সম্পাদক ভুবনেশ্বৰ দাসৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁলোকে কয় যে ঐতিহ্যমণ্ডিত গুৱাহাটী আৰু জালুকবাৰী সমষ্টিৰ বাসিন্দা হৈ আন সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা কথাত জ্যোতি সাহিত্য সভা সন্তোষিত নহয় ৷ যি হেতু শুৱালকুছি বিশ্ব বন্দিত ৰেছম গাঁও৷ হাজোৰ সলনি শুৱালকুছি নামেৰে সমষ্টি কৰাৰ দাবী জনায় ৷ অসম সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক হৰিশ্চন্দ্ৰ মহন্ত (ধন)ৰ প্ৰতিক্ৰিয়া বিচৰাত তেওঁ আমাক জালুকবাৰীৰ কৰা কৰ্তন কৰি হাজো (অনুসূচিত জাতি)ত অন্তৰ্ভুক্ত কৰাত নিৰ্বাচন আয়োগক গৰিহণা দিয়ে ৷ যুৱ সমাজকৰ্মী অতুল বৰ্মনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমি হাজো আৰু গুৱাহাটীৰ মধ্যস্থানৰ ভোটাৰ ৷ বৰ্তমান নিৰ্ধাৰিত দুয়ো সমষ্টিৰ সীমামূৰীয়া যিহেতু আমি সেই সিদ্ধান্ত কোনো পধ্যে মানি নলওঁ৷ এইদৰে বিভিন্ন ব্যক্তি দল সংগঠন হাজো আৰু গুৱাহাটী সমষ্টি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ আগন্তুক সময়েহে কব উক্ত অঞ্চল সমূহৰ লোকৰ প্ৰতিক্ৰিয়া নিৰ্বাচন আয়োগে মানি লয় নে নলয় সকলো সময়ৰ অপেক্ষাত ৷
প্ৰেৰক দিলীপ মেধি