🔴পশ্চিম নলবাৰীৰ বান পৰিস্থিতি অপৰিৱৰ্তিত
🔴চাৰিটাকৈ বান সাহাৰ্য শিবিৰ মুকলি
🔴আজিও ছিগিল বুঢ়াদিয়াৰ মথাউৰি
বিশেষ বাৰ্তা, ২২ জুনঃ বানে নলবাৰী জিলাত সংহাৰী ৰূপ ধাৰণ কৰিছে। বুঢ়াদিয়া, মৰাপাগলদিয়া নদীৰ মথাউৰি এটাৰ পিছত আনটো ছিগাৰ ফলত জিলাখনৰ পশ্চিম নলবাৰী আৰু টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাখনো গাওঁত বানে কালৰূপ ধাৰন কৰিছে। যোৱা কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুনৰ ফলত জিলাখনৰ মাজেৰে ব্ৰহ্মপুত্ৰকে ধৰি পাগলদিয়া, নোনা, মৰা পাগলদিয়া, বুঢ়াদিয়া, কানাইখুন্দাৰ বাঢ়নি পানীয়ে ঠায়ে ঠায়ে বানে জটিল ৰূপ ধাৰণ কৰিছে। পাগলদিয়া, নোনা, কানাইখুন্দাৰ বাঢ়নি পানীয়ে মথাউৰিৰে বাগৰি পৰাত জিলাখনৰ কেবাখনো গাওঁ জলমগ্ন হোৱাৰ লগতে মৰা পাগলদিয়া আৰু বুঢ়াদিয়া নদীৰ মথাউৰি কেবা ঠাইতো ছিগাৰ ফলত জিলাখনৰ বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। নৈ দুখনৰ পানী ভগ্ন মথাউৰিৰে হোৰেহোৰে ওলোৱাত ন-ন অঞ্চল সমূহলৈ পানী বিয়পিবলৈ ধৰিছে।জিলাখনৰ বৰমা সমষ্টিৰ অন্তৰ্গত পশ্চিম গোৱৰাদলৰ উত্তৰ দিশৰ মৰাপাগলদিয়াৰ মথাউৰিৰ বৃহৎ অংশ কালি কাহিলী পুৱাতেই ছিগি নিয়াৰ ফলত নতুনকৈ কেবাখনো গাওঁ প্লাৱিত হৈছে। ইপিনে,আজি পুৱাৰ ভাগত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পূৰ্নিত বুঢ়াদিয়াৰ মথাউৰি ছিগাৰ ফলত কেবাখনো গাওঁৰ ৰাইজৰ মাজত লাগে হাহাকাৰ।বানৰ ফলত বহু পৰিয়ালৰ ঘৰৰ ভিতৰ চোতালত এক ককাল পৰ্যন্ত পানী।ফলত পশু পালক সকলে মুৰে কপালে হাত দিৱ লগা হৈছে।তেওঁলোকৰ পোহনীয়া জীৱ জন্তুবোৰ ক’লৈ নিয়ে।ইপিনে, বানৰ বাবেই পশ্চিম নলবাৰীৰ লোকনিৰ্মান বিভাগৰ অধীনৰ কেবাটাও পথৰ যাতায়ত ব্যাহত হৈ আছে। জানিব পৰা মতে,বানে কালৰূপ ধাৰণ কৰা বৃহত্তৰ পশ্চিম নলবাৰীৰ চামতা-কৈঠালকুছি, সাহপুৰ-হাৰিভাঙ্গা-টিহু, কৈঠালকু ছি-বালি-টিহু, কৈঠালকুছি-বৰমা, কৈ ঠালকুছি-নলবাৰী আদি কেবাটাও গুৰুত্বপূৰ্ন পথ যাতায়তৰ বাবে সম্প্ৰতি বন্ধ হৈ আছে। ইপিনে,পশ্চিম ৰাজহ চক্ৰৰ অধীনত চক্ৰ বিষয়া অপৰ্না শৰ্মাৰ তত্বাবধানত আজিৰে পৰা চাৰিটাকৈ বান সাহাৰ্য্য শিবিৰ মুকলি কৰি দিছে।ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজ, কুলবিল শিৱ মন্দিৰ, ৫৪৭ নং সাহপুৰ জুনিয়ৰ বেছিক স্কুল, খাটা ৰূপীয়াবাথানৰ পশু চিকিৎসালয়ৰ আবাস গৃহ কেইটা বান সাহাৰ্য শিৱিৰ হিচাপে মুকলি কৰি চাৰি গৰাকী শিক্ষক কৰ্মচাৰীক চোৱা চিটাৰ দায়িত্ব দিয়ে।জানিব পৰা মতে, প্ৰথম বাৰলৈ এনে শিবিৰত একোগৰাকী শিক্ষকক দায়িত্ব দিয়ে আৰু শিৱিৰত কিবা খেলিমেলি হ’লেই এনে ভাৰপ্ৰাপ্ত গৰাকী দায়ী হৱ। ইপিনে,এই বাতৰি লিখা পৰলৈকে চৰকাৰী তথ্য মতে পশ্চিম নলবাৰীৰ ১২ খনকৈ গাওঁ বানৰ কৱলত পৰিছে। এই গাওঁকেইখন হৈছে– কেন্দুবাৰী, খাটা ৰূপীয়াবাথান, খেলুৱা, লখোপুৰ, নলনা, গামাৰিমুৰি, আমনি, পখুৰা, বৰ হেলচা, নদলা,পহলংপাৰা।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন