নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছত এতিয়া কিমান অসমীয়া বিধায়ক আছে? – ভূপেন বৰাক প্ৰশ্ন মন্ত্ৰী পীয়ূষৰ

নিয়মীয়া বাৰ্তা,  ২২ জুনঃ অসমৰ কংগ্ৰেছ দলত অসমীয়াৰ দপদপনি থাকিলে পীয়ূষ হাজৰীকাৰ আপত্তি নাই৷ কিন্তু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ মোৰ প্ৰশ্ন যে কংগ্ৰেছত এতিয়া বাৰু কিমানগৰাকী অসমীয়া বিধায়ক আছে?”- এই মন্তব্য পীয়ূষ হাজৰীকাৰ৷ উল্লেখ্য যে বজালীৰ বান পৰিস্থিতিৰ বুজ লবলৈ আজি বজালীত উপস্থিত হোৱা অসমৰ জলসম্পদ মন্ত্ৰী পিযূষ হাজৰিকাক অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আগবঢ়োৱা মন্তব্যৰ প্ৰতিক্ৰিয়া বিচাৰি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত কয় যে কংগ্ৰেছত অসমীয়াৰ দপদপনি থাকিলে পিযূষ হাজৰিকাৰ কোনো আপত্তি নাই৷ কিন্তু “তেওঁলোকৰ” অৰ্থাৎ এক বিশেষ সম্প্ৰদায়ৰ দপদপনি হলে পীয়ূষ হাজৰিকাৰ কষ্ট হয়৷ মন্ত্ৰীগৰাকীয়ে কয় যে ভূপেন বৰাই দপদপনি কৰিলেও কোনো আপত্তি নাই যদিহে বৰাৰ লগত থাকে পাহুৱাল অসমীয়া ডেকা৷ ইয়াৰোপৰি প্ৰকৃত অসমীয়া সংখ্যাগৰিষ্ঠতাৰে, প্ৰকৃত ভাৰতীয় সংখ্যাগৰিষ্ঠতাৰে যদি ভূপেন বৰাই দপদপাই থাকে তাত পিযূষ হাজৰিকাৰ অকনো আপত্তি নাই বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে অসমত এতিয়া ১০২ টা বিধানসভা সমষ্টি খিলঞ্জীয়াৰ বাবে সুৰক্ষিত হব৷ এতিয়া এই খিলঞ্জীয়াত কংগ্ৰেছ আছে নে নাই সেইটো ভূপেন বৰা নেতৃত্বাধীন কংগ্ৰেছে জানিব বুলি টিপ্পনী কৰি হাজৰিকাই কয়, “আমি ক্ষমতাসৰ্বচ্চ ৰাজনীতি কৰা নাই৷ কংগ্ৰেছে অসমীয়াৰ দাদাগৰি লৈ ৰাজনীতি কৰক৷ তাক আমি সমৰ্থন কৰিম৷”

প্ৰেৰক কল্যাণ কলিতা

You might also like