নিয়মীয়া বাৰ্তা, ২২ জুনঃ শিৱসাগৰ চহৰৰ গাতে লাগি থকা ঐতিহাসিক তলাতল ঘৰৰ সন্মুখেদি পাৰ হৈ যোৱা ৰজাদিনীয়া চিপাহী আলিৰ মাজ ভাগত থকা এটা কালভাৰ্ট ভাঙি পৰাৰ পৰিপ্ৰেক্ষিত্বত বিগত এটা সপ্তাহ ধৰি বন্ধ হৈ আছে চিপাহী আলিটো ৷ আজি পৰ্য্যন্ত বিভাগীয় কৰ্তৃপক্ষ্য সাৰ নোপোৱা পথটোত সংঘটিত হব পৰা যি কোনো দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজে পথৰ মাজত বালিৰ বস্তা, গছৰ দাল, ৰঙা পতাকা আঁৰি দিছে পথ বন্ধৰ সংকেত ৷ অতি ব্যস্তপুৰ্ণ তথা পোনে পোনে নগৰৰ দিশৰ পৰা তলাতল ঘৰ আৰু বৰ আলি, খৰিকটীয়া আলি সংযোগী বিকল্প চমু পথটো ভগ্ন কালভাৰ্ট মেৰামতিৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগৰ চৰম উদাসীনতাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ সেই স্থানৰ সমীপতেই থকা ঐতিহ্যমণ্ডিত তলাতল ঘৰ পৰিদৰ্শন কৰিবলৈ অহা পৰ্য্যটকৰ সন্মুখতো ঐতিহাসিক জয়সাগৰ সন্দৰ্ভতো এক ভুল বাৰ্তা যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ উল্লেখ্য যে, ঐতিহ্যমণ্ডিত তলাতল ঘৰৰ চাৰিসীমাৰ গাতে চুই যোৱা এই পথটো ৰজাদিনীয়া দুৱৰণী আলিৰ মাজ ভাগৰ পৰা তলাতল ঘৰৰ পুব দিশেদি বৰ আলিক স্পৰ্শ কৰা পথটো দৈঘ্য প্ৰায় দুই কিলোমিটাৰ ৷নামতি ছাৰিআলি, মিচাজান, কালুগাওঁ, শলগুৰি, জটকীয়া, মেজেঙা আদিকে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় শতাধিক গাৱৰ ৰাইজে শিৱসাগৰ চহৰলৈ বিকল্প পথ হিচাবে এই পথটো ব্যৱহাৰ কৰে ৷ একে সময়তে ৰংপুৰ হাইস্কুল, শিৱসাগৰ কলেজলৈও এই পথটোৱেদি নিয়মিত চহৰৰ দিশৰ পৰা বহু সংখ্যক শিক্ষাৰ্থী অহা যোৱা কৰে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিগত এটা পষেক ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ মাজতেই পেভাৰ ব্লকেৰে নিৰ্মিত পথটোৰ মাজ ভাগত থকা কালভাৰ্টোৰ দুয়োফালৰ অংশটো সম্পুৰ্ণৰূপে খহি পৰে ৷লগে লগেই স্থানীয় ৰাইজে লোক নিৰ্মাণ বিভাগৰ শিৱসাগৰস্থিত কাৰ্য্যালয়ত অৱগত কৰে যদিও দুৰ্ভাগ্যজনক ভাৱে দেৰ সপ্তাহ ওকলি যোৱাৰ পিছতো বিভাগটোৰ কোনো বিষয়া- কৰ্মচাৰীয়ে ঐতিহাসিক পথটোৰ ভগ্ন কালভাৰ্ট মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷যাৰ পৰিপ্ৰেক্ষিত্বত সম্ভাৱ্য দুৰ্ঘটনাৰ আশংকাত ৰাইজে ততাতৈয়াকৈ বালিৰ বস্তাৰে পথটোৰে যাতায়ত বন্ধ কৰিবলৈ বাধ্য হয় ৷ সচেতন ৰাইজে শীঘ্ৰে ঐতিহ্যমণ্ডিত অঞ্চলটোৰ সন্মান- মৰ্য্যদা ৰক্ষা কৰি ৰজাদিনীয়া চিপাহী আলিৰ ভগ্ন কালভাৰ্ট মেৰামতি কৰি যাতায়ত স্বাভাৱীক কৰি তুলিবলৈ লোক নিৰ্মাণ বিভাগৰ প্ৰতি আহব্বান জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান