নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিহু-পল্লা-বুঢ়াদিয়াৰ তাণ্ডৱত তচনচ : ক্ৰমাৎ জটিল বৰপেটাৰ বান পৰিস্থিতি

বাৰ্তা ব্যুৰো, ২২ জুন : বিগত কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত  ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ জলপৃষ্ঠ দ্ৰুত গতিত বৃদ্ধি হৈ বৰপেটা জিলাৰ বান পৰিস্থিতি ক্ৰমাৎ জটিল কৰি তুলিছে ৷ নৈকেইখনৰ বাঢ়নী পানীয়ে অবিভক্ত বৰপেটা জিলাৰ ৮ টা ৰাজহ চক্ৰ এলেকাৰ প্ৰায় শতাধিক গাওঁ জলমগ্ন কৰিছে ৷ প্ৰশাসনৰ তথ্য অনুসৰি,জিলাখনৰ বৰপেটা ৰাজহ চক্ৰত ১৩ খন গাঁৱৰ ২০,৪৬২আৰু সৰ্থেবাৰী ৰাজহ চক্ৰৰ ৪৭ খন গাঁৱৰ ৪৪৭৫৯ গৰাকী লোক বানৰ কবলত পৰিছে ৷ জিলাখনৰ সৰ্থেবাৰী ৰাজহ চক্ৰত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ বুঢ়াদিয়া নৈৰ বাঢ়নী পানীৰ সোঁতে সৰ্থেবাৰী পাঠশালা সংযোগী ডা: জিনাৰাম দাস পথৰ বতিয়াৰ চিঙা অংশৰে পানী সোমাই পাকা মৌজাৰ ৫০ খনৰো অধিক গাওঁ বুৰাই পেলোৱাৰ ফলত অঞ্চলটোত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ প্ৰায়বোৰ কৃষিভূমি বুৰাই পেলোৱাত কৃষক সকল ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ লগতে পশুধনৰ মাজত খাদ্যৰ অভাৱ হোৱা দেখা গৈছে ৷ নৈখনৰ বাঢ়নী পানীয়ে ডা: জিনাৰাম দাস পথৰ বিভিন্ন অংশত বুৰাই পেলোৱাত যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷ বাঢ়নী পানীত সৰ্থেবাৰী-টিহু পথ,সৰ্থেবাৰী নসত্ৰ পথ,নসত্ৰ বামুন্দি পথ, সৰ্থেবাৰী জাব্ৰিকুছি নেউলাৰভিঠা পথৰ কেবা ঠাইতো বুৰাই পেলোৱাৰ ফলত যাতায়াত বিঘ্নিত হৈ পৰিছে ৷ আনহাতে,বাঢ়নী পানীৰ ফলত সৰ্থেবাৰী আৰক্ষী থানা,অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় জলমগ্ন হৈছে ৷ ইপিনে,বৰপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত বেতবাৰী মৌজাৰ প্ৰায় সংখ্যক গাওঁ বানৰ কবলত পৰিছে ৷ টিহু, পল্লা আৰু বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে বহু পৰিয়ালৰ ঘৰ দুৱাৰ বুৰাই পেলোৱাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইপিনে আজি বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গৰ্গে সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নসত্ৰ গাঁৱৰ কৃষ্ণগুৰু হাইস্কুলত অস্হায়ীভাবে স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্ত সকলৰ অৱস্থাৰ বুজ লয় ৷ উপায়ুক্তগৰাকীয়ে বানত বুৰ যোৱা ফুলবাৰী, বেলবাৰী, সত্ৰ পাকা, বামুন পাকা আদি গাওৰ গঞা ৰাইজৰ সতে মত বিনিময় কৰাৰ লগতে বানাক্ৰান্ত সকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা আৰু বান সাহায্য প্ৰদানৰো ব্যৱস্হা গ্ৰহণ কৰে ৷ বানৰ সময়ছোৱাত বিদ্যুৎ যোগান সক্ৰিয় কৰি ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও জিলা উপায়ুক্ত গৰাকীয়ে সৰ্থেবাৰীত থকা অসম শক্তি বিতৰণ কোম্পানীৰ বিষয়া কৰ্মচাৰী সকলক নিৰ্দেশ দিয়াৰ লগতে বিদ্যুৎ বিতৰণ কেন্দ্ৰত উপস্থিত হৈ কাম কাজ পৰিদৰ্শন কৰে ৷ ইয়াৰ লগতে উপায়ুক্তগৰাকীয়ে ৰাজহ চক্ৰ বিষয়াক বানাক্ৰান্ত ৰাইজক প্ৰয়োজন সাপেক্ষে যেতিয়াই প্ৰয়োজন  বানসাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ৷ উপায়ুক্ত গৰাকীয়ে বানৰ কবলত পৰা পাকাবেতবাৰী মৌজাৰ কয়াকুছি, টাপাৰ, কুৰিহা, ভৌকামাৰী, অটা, বনবাহাৰ, ফুলৰগুৰি, বামুণবড়ী, লক্ষ্মীবজাৰ, কেওটপাৰা কলনী আদি অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্ত লোক সকলৰ খবৰ লয় ৷ উপায়ুক্ত গৰাকীয়ে আশ্ৰয় শিবিৰত থকা লোক সকলকো সাক্ষাৎ কৰি প্ৰশাসনৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে৷ বাঢ়নী পানীয়ে অতি গুৰুত্বপূৰ্ণ বৰপেটা-কয়াকুছি-ভৱানীপুৰ গড়কাপ্তানী পথৰ কয়াকুছি-ভৱানীপুৰৰ মাজত বুৰাই পেলোৱাৰ ফলত জিলা সদৰৰ সৈতে যাতায়াত বিঘ্নিত হৈ পৰিছে ৷ ইপিনে,লোকনিৰ্মাণ বিভাগৰ নগাও-সৰ্থেবাৰী পথটোৰ হাহচৰা অংশৰ ওপৰেৰে পানী বাগৰাত আজিৰে পৰা যান বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে ৷ ইপিনে,বাঢ়নী পানীয়ে আজি বৰপেটা আৰু চেঙা ৰাজহ চক্ৰৰ বাগোদী, নগাওঁ,বাতিকুৰিহা,ছুটীয়াপাৰা,শিলা, ঔমূৰা, খন্দকাৰপাৰা, ভেল্লা, বনবৰীয়া আদিকে ধৰি বহু ৰাজহ গাওঁ জলমগ্ন কৰিছে ৷ সন্ধিয়া পৰ্যন্ত পানী দ্ৰুতগতিত বৃদ্ধি পাই আছে ৷ জিলাখনৰ মাজেৰে প্ৰবাহিত প্ৰায়কেইটা নদীয়ে বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷ প্ৰশাসন সুত্ৰই সদৰি কৰা মতে,আজি ব্ৰহ্মপুত্ৰ বিপদ সীমাৰ ০.৩৯ মিটাৰ ওপৰেৰে বৈ আছে ৷ আনহাতে ইয়াৰ উপনৈ ক্ৰমে  মানাস বিপদ সীমাৰ ০.৬৫ মিটাৰ , পহুমাৰা ১.০ৃ৫৯ মিটাৰ , কালদিয়া ১.৪২ মিটাৰ , নখান্দা ১.০৬ মিটাৰ , মৰাচাউলখোৱা ০.৯২ মিটাৰ আৰু ভেলেঙী ০.৭৫ মিটাৰ ওপৰেৰে বৈ আছে  ৷ নিশালৈকে আটাইকেইখন নৈতে দ্ৰুতগতিত পানী বৃদ্ধি পোৱাৰ আশংকা আছে ৷ বতৰৰ গতিবিধিলৈ লক্ষ্য কৰি বৰপেটা জিলাত বান পৰিস্থিতি অধিক জটিল হোৱাটো নিশ্চিত হৈ পৰিছে ৷

প্ৰেৰক নৱজিত বায়ন

You might also like