নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ বিশ্ববিদ্যালয়ত অঘটন : ছাত্ৰাৱাসত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

বাৰ্তা ব্যুৰ’, ২২জুন : অসমৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসৰ কোঠাত  আজি পুৱা  ৰহস্যজনকভাৱে এগৰাকী ছাত্ৰ মৃতদেহ অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই বিশ্ববিদ্যলয়খনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে৷ তাৎক্ষণিক দৃষ্টিত একাংশ লোকে বিষক্ৰিয়াত আক্ৰান্ত হৈ নীলোৎপল গগৈ (২৩) নামৰ ছাত্ৰজনৰ মৃত্যু হোৱা  বুলি সন্দেহ কৰাৰ বিপৰীতে দুৰ্ভগীয়া পৰিয়ালটোয়ে এইয়া এক হত্যাকাণ্ড বুলি দাবী কৰি ইয়াৰ উচিত তদন্ত দাবী কৰিছে৷ ঘটনাৰ প্ৰাপ্ত বিৱৰণী অনুসৰি, তিনিচুকীয়াৰ ডুমডুমা নিৱাসী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰৰ চতুৰ্থ ষ্মানাসিক ছাত্ৰ নীলোৎপলে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত আজি ঘৰলৈ যোৱাৰ কথা আছিল ৷ সেই অনুযায়ী , ডুমডুমাৰ বৰডুবি চাহ বাগিছাৰ কৰ্মচাৰী বিনোদ কুমাৰ গগৈয়ে আজি পুৱা উপস্থিত হয় বিশ্ববিদ্যালয় চৌহদৰ শৰাইঘাট চি ভি ৰামন ছাত্ৰ নিৱাসত ৷ উক্ত পুত্ৰ থকা উক্ত ছাত্ৰাৱাসৰ ৩০০৯ নম্বৰ বন্ধ কোঠাটোৰ সন্মুখত উপস্থিত হৈ পিতৃগৰাকীয়ে মাত দি দিওঁ কোনোধৰণৰ সহাৰি নোপোৱাত হুৱাদুৱা লাগে ৷ ছাত্ৰাৱাস কৰ্তৃপক্ষই পুৱা ৮-৩০ মান বজাত উক্ত কোঠাটোৰ খিলি ভঙাৰ পিছত ভিতৰত প্ৰৱেশ কৰাত বিচনাত মৃত অৱস্থাত উদ্ধাৰ হয় ছাত্ৰজনক ৷ ঘটনাস্থলীত দণ্ডাধীশসহ উপস্থিতিত হোৱা  স্থানীয় বৰঘাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ঘটনা সন্দৰ্ভত দণ্ডাধীশ গৰাকীয়ে কয় যে  শোৱনি কোঠাটোত উদ্ধাৰ হোৱা দুটাকৈ বটলত কিছু পৰিমাণে ৰসায়ন থকা হেতু বিষক্ৰিয়াত আক্ৰান্ত হৈ ছাত্ৰগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে যদিও বটল দুটাৰ পৰীক্ষা আৰু মৰণোত্তৰ পৰীক্ষাসহ অধিক তদন্তৰ অন্ততহে মৃত্যুৰ কাৰণ জানিব পৰা যাব বুলি আশা কৰা হৈছে ৷ আনহাতে, দুৰ্ভগীয়া পিতৃ  বিনোদ কুমাৰ গগৈয়ে ভাষ্য সম্পূৰ্ণ বিপৰীত ৷ তেওঁ কয় যে কালি  নিশা ৯ বজালৈকে পুত্ৰ নীলোৎপলে পিতৃ-মাতৃৰ স’তে ফোনত কথা পাতিছিল আৰু নৈশ বাছত ঘৰলৈ যোৱাৰ কথা আছিল ৷ তেনেস্থলত আজি শোৱনি কোঠাত নীলোৎপলক মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাটো এক হত্যাকাণ্ড বুলি কৈ পিতৃয়ে উচিত তদন্তসহ ন্যায় প্ৰদানৰ দাবী জনায়৷ উল্লেখ্য যে আগশাৰীৰ বিশ্ববিদ্যালয়খনৰ উক্ত ছাত্ৰাৱাসত চিচি কেমেৰাৰ ব্যৱস্থা নথকাক লৈয়ো আশ্চৰ্য প্ৰকাশ কৰে দুৰ্ভগীয়া পিতৃয়ে ৷
প্ৰেৰক পুলক ডেকা
You might also like