নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশান্ত মণিপুৰ : ২৪ জুনত সর্বদলীয় বৈঠক কেন্দ্রীয় গৃহমন্ত্রীৰ

বিশেষ বাৰ্তা, ২৩ জুনঃ গোষ্ঠী সংঘর্ষত অশান্ত হৈয়ে আছে মণিপুৰ৷ অজনজাতি মেইটেই সম্প্রদায়ক জনজাতিৰ মর্যাদা প্রদানৰ বিৰোধিতাৰে জনজাতি বিশেষকৈ কুকি সম্প্রদায়ে কৰা প্রতিবাদ হিংসালৈ পর্যবসিত হৈ ৰাজ্যখন অগ্ণিগর্ভ হৈ উঠে৷ যোৱা ৩ মে’ৰ পৰা এতিয়ালৈকে ৰাজ্যখন স্বাভাৱিক পৰিস্থিতিলৈ উভতি অহা নাই৷ দুই সম্প্রদায়ৰ হিংসাৰ মাজতে কুকি উগ্রপন্থী সংগঠনে ৰাজ্যখনৰ প্রান্তে প্রান্তে ত্রাসৰ সৃষ্টি কৰি আছে৷ সান্ধ্য আইনৰ মাজতো ৰাজ্যখনত প্রতিবাদে হিংসাত্মক ৰূপ লৈ আহিছে৷ যোৱানিশাও বিষ্ণুপুৰ জিলাত আইডি বিস্ফোৰণত ৩জন লোক আহত হৈছে৷ কংপকপি জিলাৰ লগতে বিভিন্ন অঞ্চলত গুলীয়াগুলী সংঘটিত হৈছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২৯ মে’ৰ পৰা ১ জুনলৈকে মণিপুৰত বাহৰ পাতি গোষ্ঠী সংঘর্ষৰ কাৰকসমূহ বিশ্লেষণ কৰি উভয় পক্ষক শান্তি প্রতিষ্ঠাৰ বাবে আহ্বান জনোৱাৰ লগতে গোষ্ঠী সংঘর্ষৰ কাৰণসমূহ বিশ্লেষণ কৰি সকলো পক্ষক শান্তি প্রতিষ্ঠাৰ বাবে আহ্বান জনায়৷ তদুপৰি গোষ্ঠী সংঘর্ষৰ ৬টা ঘটনাৰ চিবিআই তদন্ত ঘোষণা কৰে৷ তেনেদৰে ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ বাবে কেন্দ্রীয় চৰকাৰে ৰাজ্যপালৰ নেতৃত্বত শান্তি কমিটী গঠন কৰে৷ কিন্তু শান্তি কমিটীত মুখ্যমন্ত্রী এন বীৰেন সিং আৰু তেওঁৰ সমর্থক থকাৰ বাবে কুকি সম্প্রদায়ে এই শান্তি কমিটী বর্জন কৰে৷ ইয়াৰ উপৰি প্রসিদ্ধ নাট্যকর্মী ৰতন থিয়ামকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে শান্তি কমিটীত অন্তর্ভুক্ত হ’বলৈ অনিচ্ছা প্রকাশ কৰে৷ শান্তি কমিটী ব্যর্থ হোৱাৰ সমান্তৰালকৈ ৰাজ্যখনত হিংসাত্মক কার্যকলাপ পুনৰ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সর্বদলীয় বৈঠক আহ্বান কৰিছে৷ অহা ২৪ জুনত নতুন দিল্লীত বিয়লি ৩ বজাত মণিপুৰৰ পৰিস্থিতিক লৈ সর্বদলীয় বৈঠক অনুষ্ঠিত হ’ব৷ মণিপুৰ অশান্ত হোৱাৰ পিছত এইখন প্রথম সর্বদলীয় বৈঠক৷ ৰাজ্যখনলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে আহ্বান জনোৱা সর্বদলীয় বৈঠক তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ উল্লেখ্য যে আজি পুৱা মণিপুৰৰ ৯ বিজেপি বিধায়কে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্র প্রেৰণ কৰিছে৷ এই পত্রত ৯ বিধায়কে মুখ্যমন্ত্রী এন বীৰেন সিং নেতৃত্বাধীন চৰকাৰৰ ওপৰত জনসাধাৰণে সম্পূর্ণ আস্থা হেৰুৱাইছে বুলি উল্লেখ কৰিছে৷ পাঁচ দফীয়া দাবীৰে প্রধানমন্ত্রী মোদীলৈ প্রেৰণ কৰা পত্রখনত স্বাক্ষৰ কৰিছে বিজেপি বিধায়ক কৰম শ্যাম সিং, থোকচম ৰাধেশ্যাম সিং, নিশিকান্ত সিং ছাপম, কে ৰঘুমণি সিং, এছ ব্রজেন সিং, টি ৰবীন্দ্র সিং, এছ ৰাজেন সিং, এছ কে বি দেৱী আৰু ৱাই ৰাধেশ্যাম৷ উল্লেখ্য যে এই ১০গৰাকী বিধায়ক হৈছে মেইটেই সম্প্রদায়ৰ৷ মন কৰিবলগীয়া যে বিজেপি বিধায়ক, বিশেষকৈ মেইটেই সম্প্রদায়ৰ বিধায়কে মুখ্যমন্ত্রী সিঙৰ প্রতি জনগণৰ আস্থা হেৰুওৱাৰ কথা মুকলিকৈ প্রধানমন্ত্রীক অৱগত কৰাৰ পূর্বে কুকি সম্প্রদায়ৰ বিধায়ক আৰু নেতাই মুখ্যমন্ত্রী বীৰেন সিঙৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্রপতি শাসনৰ দাবী কৰি আহিছে৷ ইয়াৰ উপৰি কুকি সম্প্রদায়ে পৃথক প্রশাসনৰ দাবী জনাই আছে৷ মণিপুৰ জ্বলি থকাৰ পিছতো প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই বিষয়টোক লৈ সম্পূর্ণ নীৰৱ হৈ থকাত মণিপুৰৰ জনতাই ক্ষোভ প্রকাশ কৰিছে৷

You might also like