বিশেষ বাৰ্তা, ২৩ জুনঃ ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে৷ একেলেথাৰিয়ে কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা জলপ্রলয়ে নামনিৰ কেইবাখনো জিলাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ফেনে–ফোটোকাৰে বাঢ়ি অহা কেইবাখনো নৈ–উপনৈৰ বাঢ়নী পানীয়ে ঠায়ে ঠায়ে মথাউৰি ছিঙি নিয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে৷ প্রতিদিনে ন ন অঞ্চল বাঢ়নী পানীত প্লাৱিত হৈছে৷ চৰকাৰী তথ্য অনুসৰি আজিপর্যন্ত ৰাজ্যৰ ২২খন জিলা আৰু মহকুমাৰ ১৩৬৬খন গাঁও বানপানীত ক্ষতিগ্রস্ত হৈছে৷ বছৰটোৰ প্রথমটো বানত ৰাজ্যৰ ৪,৯৫,৭৯৯জন লোক আক্রান্ত হৈছে৷ জলমগ্ণ হৈ পৰিছে ১৪,০৯১ হেক্টৰ কৃষিভূমি৷ বিগত প্রায় এপষেক ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উজনি–নামনিৰ কেইবাখনো জিলাত জলপ্রলয়ৰ সৃষ্টি হৈছে৷ অৱশ্যে নামনিৰ বৰপেটা, নলবাৰী, দৰং, ওদালগুৰি, বাক্সা, চিৰাং আদিকে ধৰি কেইবাখনো জিলাত বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে৷ বাঢ়নী পানীয়ে নামনি অসমৰ এই জিলাকেইখনৰ বিস্তৃর্ণ অঞ্চল প্লাৱিত কৰাৰ ফলত বন্যার্ত লোকসকলৰ দুখ–দুর্দশা কুলাই–পাচিয়ে নধৰা হৈছে৷ ক্ষন্তেক সময়ৰ ভিতৰতে বাঢ়নী পানীয়ে ঘৰ–বাৰী বুৰাই পেলোৱাৰ ফলত বহু লোকে ওখ স্থানত আশ্রয় গ্রহণ কৰিবলগীয়া হৈছে৷ বাঢ়নী পানীত ন–ভঁূইৰ বাবে সিঁচা কঠীয়া নষ্ট হোৱাৰ লগতে ঘৰৰ সা–সম্পত্তিও বিনষ্ট হৈছে৷ সমানে ক্ষতিগ্রস্ত হৈছে পশুধন৷ বহু স্থানত কোৱাল পানীৰ সোঁতে গৰু–ছাগলী, হাঁহ–কুকুৰ আদি উটুৱাই নিছে৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ তথ্য অনুসৰি ৰাজ্যৰ বেঁকী, মানস, পাগলাদিয়া, পুথিমাৰী আৰু ব্রহ্মপুত্রৰ জলপৃষ্ঠই বিপদসীমা অতিক্রম কৰিছে৷ বছৰটোৰ প্রথমটো জলপ্রলয়ত সর্বাধিক ক্ষতিগ্রস্ত হৈছে বজালী মহকুমা৷ বজালীৰ মুঠ ১৯৬খন গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে৷ ইয়াৰ ভিতৰত বজালী ৰাজহ চক্রৰ ১২১ আৰু সৰুপেটা ৰাজহ চক্রৰ ৭৫খন গাঁও জলমগ্ণ হৈছে৷ তদুপৰি বাক্সাৰ ৬৬খন, বৰপেটাৰ ৬০খন, বিশ্বনাথৰ ২১খন, বঙাইগাঁৱৰ ১৪৮খন, চিৰাঙৰ ১২০খন, দৰঙৰ ১৮৯খন, ডিব্রুগড়ৰ ৮খন, গোলাঘাটৰ ১৭খন, হোজাইৰ ১৩খন, কামৰূপৰ ১৪৩খন, কোকৰাঝাৰৰ ৪০খন, লখিমপুৰৰ ৩৩খন, মাজুলীৰ ৯খন, নগাঁৱৰ ১৭খন, নলবাৰীৰ ১৮২খন, শোণিতপুৰৰ ৯খন আৰু তামুলপুৰৰ ৪৫খন গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে৷ এই অঞ্চলসমূহত বাঢ়নী পানীয়ে কেইবাটাও গুৰুত্বপূর্ণ পথ বুৰাই পেলোৱাৰ লগতে দলং উটুৱাই নিয়াৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে৷ বহু অঞ্চলত যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ ফলত এই লোকসকল জলবন্দী হৈ পৰিছে৷ ইফালে বানপানীত বিস্তৰ ক্ষতি হোৱা নলবাৰী জিলাৰ ঘগ্রাপাৰ ৰাজহ চক্রৰ অন্তর্গত লাটিমাত মাছ মাৰিবলৈ গৈ এজন লোক সন্ধানহীন হয়৷ বাঢ়নী পানীয়ে উটুৱাই লৈ যোৱা বুলি সন্দেহ কৰা লোকজন হৈছে চিলিং গাঁৱৰ হিৰণ্য মল্ল বৰুৱা (৩৮)৷ দুপৰীয়াই মাছ মাৰিবলৈ ওলাই অহা লোকজন সন্ধানহীন হোৱাৰ পিছৰে পৰা অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ আনহাতে বিজনীৰ গালাপাৰাস্থিত পাগলা নদীৰ শ্লুইচ গেটতো এটা অঘটন সংঘটিত হয়৷ মাছ মাৰি থকা অৱস্থাতে বিজনীৰ শিলবাৰীৰ গালাপাৰাত এজন ২৪ বছৰীয়া যুৱক বাঢ়নী পানীত উটি যায়৷ যুৱকজন ৪নং দক্ষিণ মাক্রাৰ ভাওৰাগুৰি নিৱাসী বাটেন আলী বুলি জানিব পৰা গৈছে৷ প্রাপ্ত তথ্য অনুসৰি, জ্যেষ্ঠ ভাতৃ হাবেজ আলী আৰু আন চাৰিজন মাছমৰীয়াৰ সৈতে পুৱাৰ ভাগত বাটেনে শ্লুইচ গেটৰ সমুখত জাল মাৰিছিল৷ সেই সময়তে জ্যেষ্ঠ ভাতৃৰ সন্মুখতে বাটেনক নৈৰ কোৱাল সোঁতে উটুৱাই লৈ যায়৷ পৰৱর্তী সময়ত এছডিআৰএফ দলে অভিযান চলাই বাটেন আলীৰ মৃতদেহ উদ্ধাৰ কৰে৷ বাক্সাৰ চমুৱাগাটিৰ মৰা মানাহ সুঁতিৰ পানীত পৰিও এজন যুৱকৰ মৃত্যু ঘটে৷ মৃত্যু হোৱা যুৱকজন চমুৱাগাটিৰ হতৰু দাসৰ পুত্র অজয় দাস (৩৫) বুলি জানিব পৰা গৈছে৷ চমুৱাগাটিৰ মৰা মানাহ সুঁতিত ৰাজহুৱা কাম কৰি থকা অৱস্থাতে তেওঁক কোৱাল সোঁতে উটুৱাই লৈ যায়৷ জানিব পৰা মতে, নেৰানেপেৰা বৰষুণৰ বাবে চমুৱাগাটি আৰু মচলাবাৰীৰ একাংশ পৰিয়াল পানীত বুৰ গৈ আছিল৷ মৰা মানাহ সুঁতিটোৰ কালভার্ট বন্ধ হৈ পৰাৰ ফলত অঞ্চলটো জলমগ্ণ হৈ পৰে৷ সেয়েহে আৰক্ষীৰ সৈতে আলোচনা কৰি স্থানীয় আন একাংশ লোকৰ সৈতে কালভার্ট মুকলি কৰি থকা অৱস্থাতে অজয় দাস পিছলি পানীত পৰে৷ লগে লগে আৰক্ষী উপস্থিত হৈ এছডিআৰএফৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ কিছু সময় পিছতে যুৱকজনৰ মৃতদেহ এছডিআৰএফে উদ্ধাৰ কৰে৷ ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ যুৱকজনৰ মৃত্যুত সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পৰিছে৷ ইফালে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ মানাহ ৰাষ্ট্রীয় উদ্যানৰ সমীপৰ বেঁকী নৈৰ পানীত পৰি আন এজন যুৱক সন্ধানহীন হৈছে৷ এলেঙামাৰীৰ জহৰউদ্দিনৰ পুত্র ৰফিকুল ইছলাম (২৬) বেঁকী নৈৰ পানীত পৰি সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে৷ বাতৰি লিখা পৰলৈ যুৱকজনৰ কোনো সন্ধান ওলোৱা নাই৷