নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NRC ৰ ৱেবছাইটত তথ্য অন্তৰ্ধানঃ গৃহ মন্ত্রালয়ৰ ঘোষণা– সুৰক্ষিত আছে এনআৰচিৰ সকলো তথ্য

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ উচ্চতম ন্যায়ালয়ৰ প্রত্যক্ষ নিৰীক্ষণত উন্নীতকৰণ প্রক্রিয়া সম্পন্ন হোৱা ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ সকলো তথ্য www.nrcassam.nic.in’ৰ পৰা অন্তর্ধান হোৱাক লৈ সর্বত্র বিৰূপ প্রতিক্রিয়াৰ উদ্ভৱ হোৱাৰ সময়তে এক গুৰুত্বপূর্ণ বিবৃতি প্রকাশ কৰিছে উইপ্র’ই৷

এনআৰচিৰ ৱেবছাইট চোৱাচিতাৰ দায়িত্বত থকা বাংগালুৰুস্থিত প্রতিষ্ঠান উইপ্র’ই সদৰী কৰা মতে, কেন্দ্রীয় গৃহ মন্ত্রালয়ৰে সম্পাদিত চুক্তি নৱীকৰণ নোহোৱা তথা পুঁজি অনাদায় হৈ থকাৰ বাবেই তথ্যপাতিসমূহ উপলব্ধ হোৱা নাই৷ বুধবাৰে দুপৰীয়াৰ ভাগত প্রকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে যোৱা বছৰৰ ১৯ অক্টোবৰত এনআৰচিৰ ৱেবছাইট চোৱাচিতা কৰাৰ চুক্তিখনৰ ম্যাদ উকলি যায়৷ কিন্তু চৰকাৰে আজিকোপতি চুক্তিখনৰ নৱীকৰণ কৰা নাই৷ তৎসত্ত্বেও ব্যৱসায়িক সুনাম ৰক্ষার্থে প্রতিষ্ঠানটোৱে চলিত বর্ষৰ জানুৱাৰী মাহলৈকে ৱেবছাইটটো সচল কৰি ৰাখিছিল৷ চুক্তিৰ নৱীকৰণৰ পাছতহে এনআৰচিৰ ৱেবছাইটটো পুনৰ দৃশ্যমান কৰি তোলা হ’ব বুলি উইপ্র’ৰ তৰফৰ পৰা পুনৰ কোৱা হয় যে আমি এনআৰচি সংক্রান্তীয় সেৱা আগবঢ়াবলৈ সাজু আছোঁ৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি– ২০১৪ চনত উইপ্র’ই কেন্দ্রীয় গৃহ মন্ত্রালয় আৰু ভাৰতৰ মহাপঞ্জীয়কৰ সৈতে এনআৰচি উন্নীতকৰণৰ বাবে ‘ছিষ্টেম ইণ্টিগ্রেটৰ’ হিচাপে চুক্তিবদ্ধ হৈছিল৷ উইপ্র’ৰ উক্ত বিবৃতিৰ পূর্বে আজি পুৱাৰ ভাগত সমগ্র বিষয়টোক লৈ স্পষ্টীকৰণ দাঙি ধৰে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে দাবী কৰা মতে, এনআৰচিৰ কোনো তথ্য হেৰাই যোৱা নাই৷ কাৰিকৰী বিজুতিৰ বাবেই এনআৰচিৰ ৱেবছাইটত একো দৃশ্যমান হোৱা নাই৷ এনআৰচিৰ সকলো তথ্যপাতি সুৰক্ষিত অৱস্থাত আছে তথা ৱেবছাইটত থকা তথ্যপাতি দৃশ্যমান কৰি তোলাৰ বাবে প্রচেষ্টা অব্যাহত আছে৷

ইপিনে এনআৰচিৰ বর্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাই এই সমগ্র অথন্তৰ সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে৷ এনআৰচিৰ ৱেবছাইট অচল হৈ পৰাৰ বাবে তেওঁ আনকি পৰোক্ষভাৱে পূর্বৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক দোষাৰোপ কৰা পৰিলক্ষিত হৈছে৷

You might also like