🟢বিহুৱা-বিহুৱতীক প্ৰদান কৰিব মাননি আৰু মানপত্ৰ
নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ কাইলৈ জিলা প্ৰশাসনৰ উদ্যোগত “ধুবুৰী জিলা দিৱস” উপলক্ষে স্থানীয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ কাৰ্যসূচীত উপস্থিত থাকিব মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। প্ৰাপ্ত তথ্য অনুসৰি, কাইলৈ দিনৰ ১০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া জিলা দিৱসৰ সেই বিশেষ কাৰ্য্যসূচীৰ অন্তত ধুবুৰীস্থ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহতেই গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত এখন বাকৰিত সৰ্ববৃহৎ বিহুনৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ ধুবুৰী জিলাৰ পৰা যোৱা প্ৰতিগৰাকী বিহুৱা, বিহুৱতীক জিলাখনৰ অভিভাবক মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ২৫ হাজাৰ টকাৰ চেক আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা স্বাক্ষৰিত প্ৰমাণ পত্ৰ প্ৰদান কৰিব। উল্লেখ্য যে, ১৯৮৩ চনৰ ১ জুলাইৰ দিনটোতেই আনুষ্ঠানিকভাৱে ধুবুৰী জিলা গঠন কৰা হৈছিল৷ ইয়াৰ পূৰ্বে ধুবুৰী গোৱালপাৰা জিলাৰ অন্তৰ্গত আছিল আৰু বৰ্তমানে ধুবুৰী জিলাৰ সদৰ ধুবুৰী চহৰ তেতিয়াৰ অবিভক্ত গোৱালপাৰা জিলাৰো সদৰ ঠাই আছিল। ইয়াতে উনুকিয়াব ল’গা বিষয়টো হ’ল যে, স্বাধীনতাৰ বহু পূৰ্বে ১৮৭৬ চনতেই ব্ৰিটিছে অবিভক্ত গোৱালপাৰা জিলা গঠন কৰিছিল আৰু ১৮৭৯ চনত জিলাখনৰ সদৰ গোৱালপাৰাৰ পৰা ধুবুৰীলৈ স্থানান্তৰিত কৰিছিল। ১৯৮৩ চনত অবিভক্ত গোৱালপাৰা জিলাৰ এটা অংশ সাঙুৰি ধুবুৰী জিলা গঠন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই পূৰ্বৰ গোৱালপাৰা জিলাৰ সদৰ ধুবুৰী বৰ্তমানৰ ধুবুৰী জিলাৰ সদৰ ঠাই ৰূপে মান্যতা পাইছিল। ২০১৬ চনত ধুবুৰী জিলাক পুনৰ ভাগ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা গঠন কৰা হৈছিল। উল্লেখ্য, কাইলৈ দুপৰীয়া ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্য্যালয় প্ৰেক্ষাগৃগত উপায়ুক্ত দিৱাকৰ নাথৰ উপস্থিতিত জিলাখনৰ অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠকতো অংশ গ্ৰহণ কৰিব মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী