নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশৰ মন্দিৰত নিষিদ্ধ জীনছ-মিনি স্কার্ট

বিশেষ বাৰ্তা, ১ জুলাইঃ পছন্দৰ পোছাক পৰিধান কৰি মন্দিৰত প্রৱেশ কৰিব নোৱাৰিব৷ পোছাক বিধি জাৰি কৰা হ’ল উত্তৰ প্রদেশৰ খাটু শ্যাম মন্দিৰত৷ মন্দিৰ কর্তৃপক্ষৰ পৰা স্পষ্টভাৱে ঘোষণা কৰা হৈছে যে ৰিপড জীন্ছ বা মিনি স্কার্ট পৰিধান কৰি মন্দিৰত প্রৱেশ কৰা নিষেধ৷ নতুন পোছাক বিধিৰ কথা ভক্তসকলক জনাবলৈ মন্দিৰৰ চৌহদত এক বেনাৰ মুকলি কৰা হৈছে৷ ইয়াতে উল্লেখ কৰা হৈছে যে ‘সভ্য–ভদ্র’ পোছাক পৰিধান কৰি মন্দিৰলৈ আহিব লাগিব৷ ডিজাইন কৰা ফটা–ছিগা জীন্ছ পেণ্ট, মিনি স্কার্ট, হাফপেণ্ট, বার্মুদা ছার্ট, নাইট ছ্যুট পিন্ধি আহিলে মন্দিৰত প্রৱেশ কৰিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰা হৈছে৷ ভক্তসকলৰ একাংশই এই নতুন পোছাক বিধিক আদৰণি জনালেও গৰিষ্ঠসংখ্যকে ইয়াৰ প্রতিবাদ জনাইছে৷

You might also like