নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীত অৰুণাচলী সুৰা জব্দ

বিশেষ বাৰ্তা, ১ জুলাই : বিহালীৰ বৰগাং চাহ বাগিচাত আটছা আৰু এ চি এম এছৰ তৎপৰতাত যোৱানিশা তিনি কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰি আজি বৰগাং আৰক্ষীক চমজাই দিয়ে। আটছাৰ বৰগাং চাহ বাগিচা প্ৰাথমিক গোটৰ সভাপতি গণেশ গোৱালাই জানিবলৈ দিয়া মতে যোৱানিশা মাৰুতি ভান এখন চাহ বাগিচাখনত নিশা ১১ মান বজাত প্ৰৱেশ কৰি বাগিচাখনৰ বৰিং স্পটত সন্দেহজনক সামগ্রী নমাই থকা প্রত্যক্ষ কৰি সন্দেহ ওপজাত আটছা আৰু অসম চাহ মজদুৰ সংঘৰ কেইবাজনো সদস্যই গৈ উপস্থিত হোৱাত গাড়ীখনে নমাই থোৱা সামগ্ৰী এৰি পলায়ন কৰে। পিছত তিনিটা কাৰ্টনত অৰুণাচলী সুৰাখিনি জব্দ কৰে। আজি পুৱা বৰগাং আৰক্ষীক খবৰ দিয়াত বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপজ্যোতি গগৈয়ে ১০ বজাত গৈ উপস্থিত হৈ সুৰাৰ কাৰ্টন তিনিটা চমজি লয়। আটছাৰ সভাপতি গণেশ গোৱালা, বিহালী আটছাৰ প্ৰচাৰ সম্পাদক অজয় তাঁতীয়ে বৰগাং চাহ বাগিচাত ক্ৰমবৰ্ধমান অৰুণাচলী সুৰাৰ অবাধ প্ৰচলনত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু প্ৰশাসনক ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। আনহাতে, বাগিচাখনৰ সহকাৰী পৰিচালক সুন্দৰ বৰায়ো আৰক্ষীক লাইনসমূহত থকা গুমটি দোকানবোৰতো একাংশই অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা চলাই আছে বুলি অভিযোগ কৰিছে আৰু সেই গুমটিসমূহৰ ওপৰত নজৰ ৰাখি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
প্ৰেৰক অমিতাভ বৰুৱা
You might also like