🟢মৰিয়নিত হেঙুল থিয়েটাৰৰ ৩৬ সংখ্যক নাট্যবৰ্ষৰ আখৰা আৰম্ভ
🟢আৰম্ভ হোৱা পূৰ্বেই সমূহ পেণ্ডেল বুকিঙেৰে অভিলেখ
🟢অভিনয় শিল্পীসকল ৰেচৰ ঘোঁৰা নহয়- ৰবি শৰ্মা
বিশেষ বাৰ্তা, ৪ জুলাইঃ অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী হেঙুল থিয়েটাৰৰ ৩৬সংখ্যক নাট্যবৰ্ষৰ আখৰা কালি নিশা মুকলি কৰা হয়। এই উপলক্ষ্যে মৰিয়নি নগৰত অৱস্থিত হেঙুল থিয়েটাৰৰ স্থায়ী আখৰা শিবিৰত পুৱা মাংগলিক কাৰ্য্য সমাপন হোৱাৰ অন্তত ‘চকু’, ‘বনৰজা’ আৰু ‘আঁকৰী তই পগলা মই’ নাটকেৰে আখৰা আৰম্ভ কৰা হয়। এই অনুষ্ঠানতে হেঙুল থিয়েটাৰৰ জনক প্ৰয়াত শিল্পী প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আনহাতে, নিশা অনুষ্ঠিত মুকলি অনুষ্ঠানত অসমৰ বহুকেইজন জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰে। অভিনেতা দেৱজিত বৰা আৰু মহেশ বৰাই আঁত ধৰা অনুষ্ঠানটোত হেঙুল থিয়েটাৰৰ প্ৰযোজক-পৰিচালক সংকল্পজিত হাজৰিকা, পৰিকল্পক পংকজ হাজৰিকা (জোন), জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, অভিনেতা হিমাংশু গগৈ, অভিনেত্ৰী ননী দেৱী, হেলেনা আখতাৰ, দেৱাশ্ৰী দাস আদিয়ে বক্তব্য প্ৰদান কৰে। অভিনেতা ৰবি শৰ্মাই কয়- ৰেচ সদায় ঘোঁৰাৰ বাবেহে। অভিনেতা অভিনেত্ৰীয়ে ৰেচ নকৰে। অভিনয় শিল্পীসকল ৰেচৰ ঘোঁৰা নহয়। এজনে আনজনৰ অভিনয়ক সহযোগ-সহযোগিতাহে কৰে। সেয়েহে সকলোৰে সহযোগিতা কামনাৰে সকলোৱে মিলি এটা ‘টীম’ হৈ কাম কৰি হেঙুল থিয়েটাৰৰ নাটকেইখনক আগুৱাই নিব লাগিব বুলি তেওঁ লগতে মন্তব্য কৰে। অনুষ্ঠানটোত কৌতুক অভিনেতা পাৰ্থ বৰাই কৌতুক পৰিৱেশন কৰাৰ লগতে দুজনকৈ উদীয়মান কন্ঠশিল্পীয়ে পৰিবেশন কৰা সংগীতানুষ্ঠানে সমগ্ৰ অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মনোগ্ৰাহী অনুষ্ঠানটোত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, সহধৰ্মিনী মাঞ্চুৰীয়া বৰদলৈ কুৰ্মী, প্ৰবীন নাট্যকাৰ-পৰিচালক সমৰেশ চক্ৰৱৰ্তী, নাট্যকৰ্মী তথা মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰীতম কুমাৰ শইকীয়া, মঞ্চাভিনেতা দ্বীপ কুমাৰ শৰ্মা, অভিনেত্ৰী দীপিকা দত্ত, নাট্যকাৰ-পৰিচালক বিনয় শইকীয়া আদি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। হেঙুল থিয়েটাৰৰ প্ৰযোজক আৰু পৰিকল্পক ক্ৰমে সংকল্পজিত হাজৰিকা আৰু পংকজ হাজৰিকাই এই সন্দৰ্ভত কয়- অসমৰ ৰাইজে এইবাৰ ন ৰূপত-নতুন উদ্যমেৰে হেঙুল থিয়েটাৰক দেখিবলৈ পাব। সকলো ক্ষেত্ৰতে ৰাইজৰ সহযোগিতা তেওঁলোকে কামনা কৰে। আনহাতে, সংবাদ মাধ্যমৰ আগত অভিনেতা ৰবি শৰ্মাই কয়- ১৬ বছৰৰ পিছত হেঙুল থিয়েটাৰৰ মঞ্চলৈ উভতি আহিছোঁ। ৰাইজৰ মৰমৰ লগতে প্ৰযোজক সংকল্পজিত হাজৰিকা আৰু পৰিকল্পক পংকজ হাজৰিকাৰ আহ্বানক নেওচা দিব নোৱাৰিয়েই কেবাবছৰৰ বিৰতিৰ পিছত পুনৰ ভ্ৰাম্যমাণৰ মঞ্চলৈ উভতি আহিছোঁ। তেওঁ লগতে এইবাৰেই ভ্ৰাম্যমাণৰ মঞ্চত শেষ বৰ্ষ বুলি উল্লেখ কৰি কয়- সন্মুখত চিনেমাৰ কেবাটাও কাম আছে। তাৰোপৰি পৰিয়ালৰ সৈতে সময় কটোৱাৰ স্বাৰ্থতেই ভ্ৰাম্যমাণৰ মঞ্চৰ পৰা আঁতৰি থাকিব লাগিব বুলি মন্তব্য কৰে। হেঙুলতেই মোৰ ভ্ৰাম্যমাণৰ যাত্ৰা আৰম্ভ হৈছিল আৰু হেঙুলতেই সেই যাত্ৰাও অন্ত পৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে, এইবাৰ প্ৰথমবাৰলৈ আখৰা আৰম্ভ নৌহওঁতেই হেঙুল থিয়েটাৰৰ ৮২টা পেণ্ডেলৰ আটাইবোৰ পেণ্ডেলেই আগতীয়াকৈ বুকিং হৈ এক অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, এইবাৰ হেঙুল থিয়েটাৰে পূৰ্বে দৰ্শকৰ বিপুল সহাঁৰি লাভ কৰা অভিজিত ভট্টাচাৰ্য্যৰ ‘চকু’ নাটখনৰ নতুন ৰূপত একেই নামৰে পুনৰ মঞ্চস্থ কৰিব। তদুপৰি থাকিব প্ৰনৱ বৰুৱাৰ ‘আঁকৰী তই পগলা মই’ আৰু ৰাজদ্বীপৰ ‘বনৰজা’ নামৰ আন দুখন নাট। এইবাৰ অভিনেতা ৰবি শৰ্মা, সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা হিমাংশু গগৈ, সুদক্ষ মঞ্চ অভিনেতা মহেশ বৰা, দেৱজিত বৰা, গৌতম ৰাজ, ধ্ৰুৱজ্যোতি ঢেকিয়াল ফুকন, জয়ন্ত বৰ্মন, সূৰ্য্য বৰা, ৰঞ্জিত বৰ্মন, হেঙুললৈ উভতি অহা অভিনেত্ৰী দেৱাশ্ৰী দাস, ননী দেৱী, হেলেনা আখতাৰ, কৌতুক অভিনেতা পাৰ্থ বৰা, আদিৰ লগতে দুই নৱাগত হেঙুলত অভিনয় কৰিছে। প্ৰযোজকপক্ষই জানিবলৈ দিয়া মতে, ২১ আগষ্টৰ পৰা মৰিয়নিত হেঙুল থিয়েটাৰে ৩৬ সংখ্যক নাট্যবৰ্ষ শুভাৰম্ভ কৰিব ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া