নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ শাক্তধৰ্মীৰ অন্যতম শক্তিপীঠ মা কামাখ্যাক লৈ গোলাঘাট জিলাৰ মেৰাপানীৰ ধুৰন্ধৰ যুৱক বিতুপন গগৈ ওৰফে Chao sengয়ে ফেচবুকত অশ্লীল মন্তব্য কৰাক লৈ সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত আজি নলবাৰীত হিন্দু সুৰক্ষা সেনাৰ ৰাজ্যিক সভাপতি জয়দেৱ হাজৰিকাই সংবাদ মাধ্যমক জনোৱা মতে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। হাজৰিকাই লগতে জনায় যে যোৱা বছৰো এই যুৱকজনে মা কামাখ্যাক লৈ অশ্লীল মন্তব্য দিছিল যাৰ বাবে তেওঁ জেল হাজোতত থাকিবলগীয়া হৈছিল৷ জেলত থকাৰ পিছতো চেতনা নাহিল যুৱক জনৰ ৷ পুনৰ যোৱা কালিও Chai Seng নামেৰে একাউণ্টৰ পৰা মা কাম্যাখাক লৈ অশোভণীয় অশ্লীল মন্তব্য প্ৰদান কৰে ৷ এনেকৈ সনাতনীৰ আৰাধ্য দেৱ দেৱতাক লৈ সামাজিক মাধ্যমত অশ্লীল মন্তব্য প্ৰদান কৰি ধৰ্মীয় আঘাত হানে বুলি উল্লেখ কৰে ৷ আৰু হাজৰিকাই কয় যে বছৰত দেশ বিদেশৰ লোকে মাৰ আশীৰ্বাদ লবলৈ আহে। নিজ ধৰ্ম হিন্দু হৈও মা কামাখ্যাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাটো চিন্তনীয়। গতিকে যি ধৰ্মৰ লোকে নহওক কিয় এনে যি কোনো ফকটীয়া মন্তব্য দিয়াৰ পৰা আঁতৰত থাকিবলৈ সকীয়াই দিয়ে। তদুপৰি চৰকাৰ, আৰক্ষী প্ৰশাসনক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লবলৈ আহ্বান জনায়।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা