নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালৰ ৰাজাখাটত এসপ্তাহে পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ

নিয়মীয়া বাৰ্তা, ৮ জুলাইঃ লাহোৱালৰ ৰাজাখাটত এসপ্তাহে পানীত বুৰিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ, ৰাষ্ট্ৰীয় ঘাইপথটোৰ আধা অংশ প্ৰায় পানীৰ তলত এসপ্তাহে বুৰি থকাৰ ফলত পথৰ মাজত ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ একো একোটা প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ৷ ইমানৰ পিছতো যেন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৱদ্ধ পানীখিনি মুকলাই দিবলৈ কোনো কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ লাহোৱালৰ ৰাজাখাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ আশে পাশে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান ইমানেই ব্যাপক সাৰত স্থাপন কৰা হৈছে যে  ৷ উদ্যোগ স্থাপনৰ বাবে পানী ওলাই যাব পৰা নলা নৰ্দমাবোৰ একপ্ৰকাৰে বন্ধ কৰি দিয়াৰ ফলতে আজি এসপ্তাহে ধৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো পানীৰ তলত বুৰি থকা পৰিলক্ষিত হৈছে ৷ ইফালে এসপ্তাহ ধৰি পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথতো বুৰি থকাৰ পৰিণতিত ৰাষ্ট্ৰীয় ঘাইপথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সৃষ্টি হোৱাত ডিব্ৰুগড় তিনিচুকীয়াৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পথ আৰোহীসকলৰ উপৰিও  চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ অহা যোৱা কৰা যাত্ৰী সকলেও জীয়াতু ভুগিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ আজি ৰাষ্ট্ৰীয় ঘাইপথটোৰ জৰাজীৰ্ণ অৱস্থাৰ ওপৰিও পানীৰ তলত বুৰি থকা দৃশ্য দেখি লাহোৱালৰ এজন সমাজকৰ্মী অজয় গগৈয়ে নিজেই জেচিবিৰে নলা নৰ্দমাবোৰ খান্দি পথৰ জমাকৃত পানী সমূহ মুক্ত কৰিবলৈ প্ৰচেষ্টা হাতত লোৱাতহে আবেলিলৈ কিছু পানী হ্ৰাস পাই। ৰাইজৰ সমস্যাৰাজিত সততে ৰাজপথলৈ ওলাই আহি ৰাইজৰ সমস্যাসমূহৰ সমাধানৰ হকে কাম কৰা অজয় গগৈৰ পদক্ষেপক এতিয়া লাহোৱালৰ ভিন্নজনে প্ৰশংসা কৰিছে ৷ আজি অস্থায়ী ভাৱে যৎকিঞ্চিৎ হ’লেও ৰাজাখাত অঞ্চলত যি জলমগ্ন অৱস্থা এই অৱস্থাৰ পৰা অজয় গগৈৰ প্ৰচেষ্টাত পথৰ জমাকৃত পানীৰ উপৰি বৃহত্তৰ ৰাজাখাটৰ জলমগ্ন অঞ্চল সমূহৰ ৰাইজে সকাহ পালেও নলা নৰ্দমাৰ সু ব্যৱস্থা কৰি সেই অঞ্চলত যাতে পানী আৱদ্ধ হৈ থাকিব নোৱাৰে তাৰবাবে এক স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like