নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মায়ঙত মন্ত্ৰী পীযুষ হাজৰিকাৰ টিফিন বৈঠক

নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ মায়ঙৰ পবিতৰা অতিথিশালত মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত সোমবাৰে টিফিন বৈঠক অনুষ্ঠিত হয়। মহা জনসম্পৰ্ক অভিযানৰ অংশ স্বৰূপে মন্ত্ৰীগৰাকীয়ে টিফিন বৈঠকত অংশগ্ৰহণ কৰে। দলীয় কৰ্মকৰ্তাৰ সৈতে চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনি সন্দৰ্ভত মত বিনিময় মন্ত্ৰীগৰাকীয়ে। আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী পীযুষ হাজৰীকাই পঞ্চায়ত পৰ্যায়তো টিফিন বৈঠক অনুষ্ঠিত হ’ব লাগে বুলি উল্লেখ কৰে। এই টিফিন বৈঠকত বিজেপিৰ মায়ং মণ্ডলৰ সভাপতি চন্দন দাস, মায়ং গাঁ‌ও পঞ্চায়তৰ সভাপতি দীপক শইকীয়া, মৰিগাঁও জিলা অনুসূচিত জাতি কল্যাণ বৰ্ডৰ অধ্যক্ষ সুকুমাৰ সৰকাৰৰ লগতে আন আন বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like