নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত নাবাৰ্ডৰ উদ্যোগত সজাগতা সভা

বিশেষ বাৰ্তা, ১০ জুলাই : ভাৰত চৰকাৰৰ আহ্বানত দেশজুৰি উদযাপন কৰিব লোৱা “আজাদী কা অমৃত মহোৎসৱ”ৰ সৈতে সংগতি ৰাখি স্বেচ্ছাসেৱী সংস্থা অজগৰ ছ’চিয়েল চাৰ্কোল সহযোগত নাৱাৰ্ড বেংকৰ গোৱালপাৰা শাখাই আজি বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত কিশোৰীডুবি গাঁৱত এখনি সজাগতা সভা অনুষ্ঠিত কৰে। অঞ্চলটোৰ বিভিন্ন আত্মসহায়ক গোটৰ চল্লিছগৰাকী মহিলা সদস্যাই অংশগ্ৰহণ কৰা সভাখন সভাপতিত্ব কৰে নাবাৰ্ডৰ গোৱালপাৰা জিলা বিকাশ প্ৰৱন্ধক কাঞ্চনমনি গোহাঁইয়ে। বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে জিলা হস্ততাঁত আৰু বস্ত্ৰ বিষয়া ম: আব্দুল হালিম আৰু অজগৰ চ’চিয়েল চাৰ্কোলৰ সভাপতি প্ৰবীণ দাসে। সভাত আত্মসহায়ক গোটৰ সদস্যা সকলক উদ্দেশ্যি নাবাৰ্ডৰ বিভিন্ন আঁচনি সমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। লগতে উক্ত আঁচনিসমূহৰ পৰা কেনেদৰে মহিলা সকলে উপকৃত হ’ব পৰিব, তাৰ ওপৰত আলোকপাত কৰা হয়। উল্লেখযোগ্য যে উক্ত গাঁৱ খনত নাবাৰ্ডৰ আঁচনি অধীনত এটি শিপিনী প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু নাবাৰ্ডৰ অৰ্থ সাহায্যত “জীৱিকা উদ্যমিতা বিকাশ আচঁনি” ৰূপায়ণৰ জৰিয়তে ইতিমধ্যে অঞ্চলটোৰ নব্বৈ গৰাকী শিপিনীয়ে প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰেৰক লক্ষ্মণ কুমাৰ নাথ

You might also like