নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত অনিল শইকীয়াক কেৰিমউদ্দিন আহমেদ লোক-সংস্কৃতি বঁটা প্ৰদান

👉বিশ্বত এতিয়া ৰাজনৈতিক সাম্ৰাজ্যবাদৰ দিন উকলিল, সূচনা হৈছে অৰ্থনৈতিক-সাংস্কৃতিক সাম্ৰাজ্যবাদৰ : ডঃ সব্যসাচী মহন্ত

👉আজানপীৰৰ জিকিৰত আছে কোৰান শ্বৰীফৰ মূল তত্ত্ব কথা : অনিল শইকীয়া

নিয়মীয়া বাৰ্তা, ১০ জুলাই : আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালত অসমলৈ অহা মৰুৰ দেশৰ আজানপীৰ চাহেবে অসমীয়া ভাষা সাহিত্য আয়ত্ত কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ আৰু লোকগীতৰ আৰ্হিৰে ৰচনা কৰি যোৱা জিকিৰসমূহ সংৰক্ষণ আৰু উদ্ধাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি যোৱা শিল্পী কেৰিমউদ্দিন আহমেদৰ সোঁৱৰণীত প্ৰৱৰ্তন কৰা লোক শিল্পী বঁটা আজি প্ৰদান কৰা হয় ৷ শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ প্ৰেছ ক্লাবত আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত লোক সংস্কৃতিৰ গৱেষক তথা বিশিষ্ট সাহিত্যিক ড০ অনিল শইকীয়াক এই বঁটা প্ৰদান কৰা হয় ৷ জিলা সাহিত্য সভাৰ সভাপতি তথা সত্ৰীয়া সংস্কৃতিৰ গৱেষিকা ড০ নিৰূপমা মহন্তৰ সভাপতিত্বত অনুষ্ৱাঠিত সভাত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিৱন্ধকাৰ ড০ সব্যসাচী মহন্তই আজানপীৰ চাহাবে জীৱন কালত ৰচনা কৰি যোৱা জিকিৰসমূহ আমাৰ লোক সংস্কৃতিৰ অমূল্য সম্পদ বুলি মন্তৰ্ব্য কৰে৷ তেওঁ কয় জিকিৰ অমূল্য সম্পদ হলেও সংৰক্ষণৰ অভাৱত তথা কালৰ সোঁতত বহু জিকিৰ হেৰাই গল ৷ এতিয়া একাংশ লোকে জিকিৰ সংৰক্ষণৰ প্ৰচেষ্টা চলাইছে৷ ভাষণ প্ৰসংগত ড০ মহন্তই কয় যে, এতিয়া ৰাজনৈতিক সাম্ৰাজ্যবাদৰ দিন ওকলিল ৷ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ন ন উদ্ভাৱনে সমগ্ৰ বিশ্বক এখন গাঁৱলৈ ৰূপান্তৰিত কৰিছে৷ এতিয়া অৰ্থনৈতিক আৰু সাংস্কৃতিক সাম্ৰাজ্যবাদৰ ৰাজত্ব চলিছে৷ সাংস্কৃতিক সাম্ৰাজ্যবাদৰ সূচনা হৈছে৷ এনে এক পৰিৱেশৰ মাজত আমাৰ বৰগীত, লোক গীত, জিকিৰ, ৰাভা সংগীত, জ্যোতি সংগীত আদি চৰ্চা অব্যাহত ৰখাত একাংশৰ মাজত অনীহাৰ সৃষ্টি হৈছে ৷ ইন্টাৰনেট, টেলিভিচন, মোবাইল ফোন আদিৰ বাবে শোৱনি কোঠাতো পশ্ছিমীয়া সংস্কৃতিয়ে প্ৰভাৱ বিস্তাৰ কৰিছে৷ ভাষণ প্ৰসংগত তেও এনে এক পৰিৱেশৰ মাজতো নিজৰ কৃষ্টি, সংস্কৃতি তথা ভাষা-সাহিত্য চৰ্চাৰ লগতে জীয়াই ৰখাত সকলোকে ব্ৰতী হোৱাৰ আহব্বান জনাই ৷ কেৰিমউদ্দিন আহমেদে জীৱন কালত সংগ্ৰহ কৰা জিকিৰ আৰু জিকিৰৰ প্ৰকৃত সুৰ ৰক্ষাৰ ক্ষেত্ৰত যি পথ দেখুৱাই গ’ল সেই পথ নতুন প্ৰজন্মক অনুকৰণ কৰিবলৈ আহব্বান জনাই ৷ আজানপীৰৰ সৃষ্টি জিকিৰ সন্দৰ্ভত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ব্যক্তি ড০ ভুৱনেশ্বৰ ডেকাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জিকিৰ সম্পৰ্কত গৱেষণা কৰাৰ সময়ত বকুল বন বঁটা প্ৰাপক কেৰিমউদ্দিন আহমেদ আৰু ড০ অনিল শইকীয়াই আগবঢ়োৱা সহযোগিতাৰ কৃতজ্ঞাতাৰে সোঁৱৰণ কৰে৷ জিলা সাহিত্য সভাৰ সভাপতি ড০ নিৰূপমা মহন্তই শিৱসাগৰ জিলা সাহিত্য সভাই নতুন চামক উৎসাহিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ কথা ব্যক্ত কৰে৷ তেওঁ কয়, শিৱসাগৰ জিলা সাহিত্য সভাই সমাজত সম্প্ৰীতি অক্ষুন্ন ৰখাৰ বাবে কাম কৰিছে, আজিৰ এই অনুষ্ঠান ইয়াৰেই চানেকি বুলি মন্তব্য কৰে ৷ আজি কেৰিমউদ্দিন আহমেদ লোক সংস্কৃতি বঁটা গ্ৰহণ কৰি লোক সংস্কৃতিৰ গৱেষক ড০ অনিল শইকীয়াই কয় যে আজানপীৰ তিনিটা মহান গুণৰ অধিকাৰী আছিল ৷ আজানপীৰ আছিল অসাধাৰণ মেধা শক্তি সম্পন্ন, প্ৰখৰ স্মৃতি শক্তি সম্পন্ন আৰু সৃষ্টিশীল গুনৰ অধিকাৰী ৷ডঃ অনিল শইকীয়াই কয়, আজানপীৰৰ জিকিৰত কোৰান শ্বৰীফৰ মূল তত্ত্ব কথাসমুহ থকাৰ উপৰি মানৱীয় প্ৰমূল্যবোধ আৰু দেহতত্বৰ অনেকখিনি উপাদান আছে ৷ শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই আঁত ধৰা আজিৰ অনুষ্ঠানত দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ৰত্নেশ্বৰ দেউৰী, নাজিৰা কলেজৰ অধ্যাপক ড০ জীৱন কলিতাকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like