নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জল জীৱন-স্বচ্ছ ভাৰত মিছনৰ পৰ্যালোচনা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

বিশেষ বাৰ্তা, ১০ জুলাই : আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসমৰ প্রতিখন জিলাৰ জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া, অতিৰিক্ত জিলা আয়ুক্ত (PHE) আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সকলো অভিযন্তাৰ সৈতে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়, খানাপাৰাত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰি অসমৰ জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ আঁচনিসমূহৰ ৰূপায়নৰ ক্ষেত্রত হোৱা সমস্যাসমূহ আৰু তাৰ সমাধানৰ আলোচনা কৰাৰ লগতে অগ্ৰগতিৰ খতিয়ান লয়। উক্ত বিষয়ত সংবাদ মাধ্যমৰ আগত নিজৰ মত বিনিময় কৰি মন্ত্ৰী বৰুৱাই কয় যে আজিৰ এই বৈঠকত বিভিন্ন জিলাত জল জীৱন মিছনৰ অগ্ৰগতিৰ বিৱৰণ লোৱাৰ লগতে কিদৰে ২০২৪ চনৰ ভিতৰত ১০০% কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব তাৰ ওপৰত বিতং ভাৱে আলোচনা কৰা হয়। ইয়াৰোপৰি সকলোৰে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে বিভাগটোৱে ৫২%তকৈ অধিক গ্ৰাম্য জনসাধাৰণক বিশুদ্ধ খোৱাপানীৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হোৱাত মন্ত্ৰী বৰুৱাই সন্তুষ্টি প্ৰকাশ কৰে আৰু পৰৱৰ্তী পৰ্যায়ত বিভাগটোৱে আৰু অধিক অগ্ৰগতিৰে কাম আগুৱাই লৈ যাব বুলি ব্যক্ত কৰে। মন্ত্ৰী বৰুৱাই লগতে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতক ধন্যবাদ জনাই কয় যে তেওঁৰ অনুৰোধ মৰ্মে কেন্দ্ৰীয় মন্ত্ৰীৰ নিৰ্দেশ অনুসৰি পৰৱৰ্তী পৰ্যায়ত হ’বলগীয়া কামৰ জৰিয়তে প্ৰতিটো ঘৰতেই Reservoir বহাই ২৪ ঘণ্টা পানী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে তেওঁ জানিবলৈ দিয়ে যে অহা ১৫ আগষ্টৰ পৰা এটা “Grievance Redressal System” আৰম্ভ কৰা হ’ব যাৰ যোগেদি প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ অভিযোগ ব্যক্ত কৰিব পাৰিব। তদুপৰি “জল কোষ” নামৰ এপটোৰ যোগেদি প্ৰতিটো প্ৰকল্পৰ বিষয়ে বিশদ বিৱৰণ লাভ কৰাৰ লগতে আন আন তথ্যও লাভ কৰিব। আজি বৈঠকত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ অন্তর্গত বিভিন্ন ক্ষেত্রত পাৰদর্শিতা প্রদর্শন কৰা জিলাসমূহক উদগনি দিয়াৰ উদ্দেশ্যে বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়।

You might also like