নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত কাঠফুলা খেতিৰ নামত ভয়ংকৰ প্ৰৱঞ্চনা

নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ উজনি অসমৰ ডিব্ৰুগড়, মৰাণ, চৰাইদেউ, নাজিৰা, চেপন, ডিমৌ, শিৱসাগৰ, যোৰহাটকে ধৰি ভিন্ন স্থানত দীৰ্ঘ সময় ধৰি কাঠ ফুলাৰ ফাৰ্ম খোলাৰ নামত ভুৱা প্ৰতিষ্ঠান খুলি প্ৰৱঞ্চনাৰে কেইবাকোটি টকা সৰকোৱা কুখ্যাত প্ৰৱঞ্চক জহিৰুল ইছলাম অৱশেষত আৰক্ষীৰ জালত পৰিল৷ শিৱসাগৰ আৰক্ষীৰ তথ্যৰ ভিত্তিত গুৱাহাটী বৰঝাৰ আৰক্ষীয়ে বিমান বন্দৰৰ চৌহদৰ পৰাই এই কুখ্যাত প্ৰৱঞ্চকটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ইতিমধ্যে কিছু সময়ৰ পুৰ্বে গুৱাহাটীৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে প্ৰৱঞ্চকটোক শিৱসাগৰলৈ অনা হৈছে৷ শতাধিক প্ৰৱঞ্চিত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আটক কৰিবলৈ সক্ষম হোৱা কুখ্যাত প্ৰৱঞ্চক জহিৰুল ইছলামক জয়সাগৰ আৰক্ষী চকীত মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷ ইফালে জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ন আলি পিডিন নগৰত বিলাসী কাৰ্য্যালয় খুলি কাঠ ফুলা খেতিৰ ফাৰ্ম খোলাৰ নামত প্ৰৱঞ্চনা চলোৱা জহিৰুল ইছলামক আটক কৰাৰ পিছতেই শ শ প্ৰৱঞ্চিত পৰিয়ালে আজি দিনৰ ভাগত ইছলামৰ লুন্ঠনৰ অভিকেন্দ্ৰ এন ই মাচৰুম বিজিনেচ গ্ৰুপৰ কাৰ্য্যালয়ৰ সন্মুখত ভিৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷প্ৰাপ্ত বাতৰি মতে আজিৰ পৰা আঢ়ৈ বছৰৰ পুৰ্বেই ৰংঘৰ ছাৰিআলিৰ সমীপত থিতাপি লৈছিল প্ৰৱঞ্চক জহিৰুল ইছলাম ৷অনবৰতে চ্যুট টাই পৰিহিত বিষয়াৰ আদৱ কায়দাৰে কম দিনৰ ভিতৰতেই বিভিন্ন জনৰ মাজত কাঠ ফুলা কৃৰ্ষিকাৰ্য্যৰ বিশেষজ্ঞ্য হিচাবে পৰিচিত হবলৈ ধৰে ৷এনেদৰেই কম সময়ৰ ভিতৰতেই বিভিন্ন জনক কাঠ ফুলাৰ খেতিৰে কোটি পট্টী হোৱাৰ সপোন দেখুৱাই ন আলি পি ডিন নগৰ অঞ্চলত এটা কাৰ্য্যালয় খুলিবলৈ সক্ষম হয় ৷এন ই মাচৰুম বিজিনেচ গ্ৰুপ নামাকৰণেৰে এটা দুমহলীয়া ঘৰৰ ওপৰ মহলাতো ভাড়াত লৈ প্ৰায় ত্ৰিশ গৰাকী যুৱতীক কৰ্মচাৰী হিচাবে নিযুক্তি দিয়ে ৷সাধাৰণতে পুৰুষতকৈ মহিলা আৰু যুৱতীক অধিক অগ্ৰাধিকাৰ দিয়া কাৰ্য্যালয়টোৰ দায়িত্বত স্থানীয় এজন যুৱকৰ লগতে পৰিচালন সঞ্চালক হিচাবে আন এজন যুৱকক নিযুক্তি দিয়ে ৷এজেন্ট ৰূপী এই ত্ৰিশ গৰাকী কৰ্মচাৰীক কাষ্টমাৰ বিছৰাৰ দায়িত্ব দিয়া কূখ্যাত জেহিৰুলে প্ৰথমতে সেই স্থানৰে কেইবাটাও পৰিয়ালক কাঠ ফুলাৰ ফাৰ্ম প্ৰতিস্থানৰ নামত নিজা প্ৰতিস্থানত ধন বিনিয়োগ কৰাই ৷এনেদৰে ধন বিনিয়োগ কৰা পৰিয়াল সমুহক কিছু ধন ওভোতাই দিয়াৰ পিছতেই কূখ্যাত জহিৰুল বহু জনৰ বাবে অন্ন দাতা হৈ পৰে ৷ইফালে প্ৰতিদিনাই জেহিৰুলৰ প্ৰতিষ্ঠানত ৩৫০০ টকাকৈ ৰেজিষ্টাৰ কৰা মহিলাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে ৷অধিক বিশ্বাস যোগ্যতা প্ৰতিস্থাৰ বাবে কেইবাখনো বিলাসী গাড়ী মাহে ত্ৰিছ হাজাৰ-২৫ হাজাৰ টকাত ভাড়ালৈ লৈ কৰ্মচাৰী সকলক ব্যৱহাৰ কৰিবলৈ ধৰে৷ নিজা এজেন্টৰ জৰিয়তে ক্ৰমাত সমগ্ৰ উজনি অসমত নিজৰ জনপ্ৰিয়তা, বিশ্বাস যোগ্যতা প্ৰতিস্থাৰ পিছতেই ডিব্ৰুগড়,চৰাইদেউ, নাজিৰা, মৰাণ, শিৱসাগৰ, ডিমৌ, যোৰহাটকে ধৰি বহু অঞ্চলৰ প্ৰায় শতাধিক ধনবান পৰিয়ালৰ পৰা গাই পতি আঠৰ পৰা ১২ লাখ টকা পৰ্য্যন্ত কাঠ ফুলাৰ ফাৰ্ম খোলাৰ নামত আগধন লয় শেষত আত্মগোপন কৰে ৷সততে ধন আদায় লোৱাৰ সময়ত এগ্ৰিমেন্ট কৰি পৰৱৰ্তী সময়ত নটাৰী কৰাৰ আচিলাৰে উক্ত এগ্ৰিমেন্ট কপি কৌশলেৰে গোপন কৰে৷ ইতিমধ্যে কেইবা কোটি টকা আত্মসাৎ কৰি আত্মগোপন যাত্ৰা আৰম্ভ কৰা প্ৰৱঞ্চক জেহিৰুলৰ প্ৰকৃত স্বৰূপ সন্দৰ্ভদ ভুক্তভোগী পৰিয়াল সমুহে জানিব পাৰি আৰক্ষীৰ সৈতে যোগাযোগ কৰাৰ পিছতেই জালত পৰে প্ৰৱঞ্চকটো ৷স্মৰ্তব্য যে, অত্যন্ত চতুৰ প্ৰৱঞ্চক হিচাবে পৰিচিত জেহিৰুলে কাঠ ফুলাৰ ফাৰ্ম খোলাৰ নামত গঢ়িতুলা প্ৰৱঞ্চনাৰ কাৰ্য্যালয়টোত সঘনে নিজৰ সন্দেহজনক স্থানত উৎপাদিত কাঠ ফুলাক লৈ কাৰ্য্যালয়ত আয়োজিত বহু গণ্য মান্য সমাজ সচেতন ব্যক্তি তথা চৰকাৰী আমোলা উপস্থিত থকাৰ ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷ উল্লেখ কৰাৰ প্ৰয়োজন যে, জয়সাগৰ আৰক্ষীয়ে নিৰপেক্ষ্য তদন্ত কৰিলেই জেহিৰুলৰ লুন্ঠনৰ আঁৰৰ বহু ভয়ানক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like