নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত পথ ডকাইতি : পিষ্টল দেখুৱাই লুটিলে নগদ ধন

নিয়মীয়া বাৰ্তা ১০ জুলাই : ৰূপহীহাটৰ কালিস্থানত আজি সন্ধিয়াৰ ভাগত এক পথ ডকাইতিৰ ঘটনা সংঘটিত হয়। পিষ্টলধাৰী ডকাইতে পথ আগচি ধৰি লুটি নিলে ২,৫৪,০০০ টকা। ৪ জনীয়া ডকাইতৰ দলটোৱে মূৰত পিষ্টল ধৰি টকাখিনি লৈ যায়। তেজপুৰৰ পৰা শালপাৰা ঘৰ অভিমুখে আহি থকা অৱস্থাত ডকাইতৰ দলটোৱে পথ আগচি ধৰি লুটি নিয়ে টকাখিনি। শালপাৰাৰ ব্যৱসায়ী শ্বাৰজাহান আলীক পথ আগচি শাৰীৰিকভাৱে প্ৰহাৰ কৰি ডকাইতে চলায় লুটপাত। মটৰচাইকেলেৰে ঘৰত আহি থকা সময়ত ব্যৱসায়ী শ্বাৰজাহান আলীক লুটপাত কৰাৰ উপৰি ক্ষতি কৰে মটৰচাইকেলৰ। ঘটনাস্থলীত আমবাগ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে যদিও ডকাইতৰ দলটোৱে ডকাইতি কাণ্ড সংঘটিত কৰি উধাও হয় ঘটনাস্থলীৰ পৰা।
প্ৰেৰক জহিৰুল ইছলাম
You might also like