নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাৰ উচ্ছেদিত ভূমিত পুনৰ বেদখল; খেতি কৰাৰ ছলেৰে সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে শাসনভাৰ গ্ৰহণ কৰিয়েই উচ্ছেদ চলোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূমিত পুনৰ আৰম্ভ হৈছে বেদখল । কাজিৰঙাৰ দাঁতি কাষৰীয়া বান্দৰডুবি আৰু দেওচুৰ চাঙৰ উচ্ছেদিত ভূমিত পুনৰ আৰম্ভ হৈছে বেদখল প্ৰক্ৰিয়া । উল্লেখ্য যে ২০১৬ চনৰ ১৯ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে কাজিৰঙাৰ বেদখলকাৰীৰ কবলত থকা ভূমি উচ্ছেদ কৰিছিল কলিয়াবৰ মহকুমা প্রশাসনে৷

এই উচ্ছেদ অভিযানৰ সময়ত বেদখলকাৰীয়ে উচ্ছেদকাৰীক প্রবল বাধা প্রদান কৰাৰ ফলত অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছিল৷ এনে বাধাৰ পাছতো কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ভূমি বেদখল কৰা প্রায় ২০০ পৰিয়ালক উচ্ছেদ কৰি বান্দৰডুবি আৰু দেওচুৰ চাঙৰ ৫২৫ হেক্টৰ ভূমি বেদখলমুক্ত কৰে৷ বেদখলমুক্ত হোৱা এই ভূমিত বন বিভাগে সেই সময়তে বন শিবিৰ আৰু নিৰীক্ষণ টাৱাৰ স্থাপন কৰে৷ উচ্ছেদিত এই বৃহৎ অঞ্চল দুটা বেদখলমুক্ত হোৱাৰ পাছত ক্রমাৎ সেউজীয়া অৰণ্যলৈ পৰিৱর্তিত হয় আৰু কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ গঁড়, হৰিণ, বনৰীয়া ম’হ, হাতী আদি বন্যপ্রাণীৰো বিচৰস্থলী হৈ পৰে৷

উল্লেখ্য যে ১৯৭৪ চনত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সীমা নির্ধাৰণৰ সময়ত এই অঞ্চলটো ৰাষ্ট্রীয় উদ্যানখনৰ অন্তর্ভুক্ত হয় যদিও উক্ত ভূমিত চাহ বাগিচা থকাত সমগ্র এলেকাটো সামাজিক বনানীকৰণ বিভাগক অর্পণ কৰা হয়৷ কিন্তু ১৯৮৫ চনত পুনৰ ৰাজহ বিভাগলৈ এই ভূমি হস্তান্তৰিত হয়৷ ইয়াৰ পাছৰ পৰাই বান্দৰডুবি আৰু দেওচুৰ চাঙত আৰম্ভ হয় ব্যাপক বেদখল৷ এনে বেদখলৰ পৰিপ্রেক্ষিতত বর্তমানৰ খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰীট আবেদন দাখিল কৰে৷ এই আবেদনৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা উচ্চস্তৰীয় দলে কাজিৰঙাত উপস্থিত হৈ চৰজমিন তদন্ত কৰে আৰু চাৰিবছৰীয়া আইনী যুদ্ধৰ অন্তত ২০১৬ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে পি আই এল/৬৬ নম্বৰৰ গোচৰটোৰ আধাৰত উক্ত বেদখলীকৃত ভূমি উচ্ছেদ কৰি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক হস্তান্তৰ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ জাৰি কৰে৷ এই নির্দেশৰ আধাৰতেই ২০১৬ চনৰ ১৯ ছেপ্ঢম্বৰৰ বহুচর্চিত উচ্ছেদ অভিযানৰ অন্তত বেদখলমুক্ত হয় বান্দৰডুবি আৰু দেওচুৰ চাং৷ কিন্তু দুর্ভাগ্যজনকভাৱে উচ্ছেদিত ভূমি হস্তান্তৰ সন্দর্ভত বিগত চাৰি বছৰ ধৰি নগাঁও জিলাৰ ৰাজহ বিভাগ আৰু কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষৰ মাজত অৰিয়াৰিহে চলি থাকিল৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে জানিবলৈ দিয়া মতে, নগাঁও জিলাৰ উপায়ুক্ত আৰু ৰাজহ বিভাগৰ আয়ুক্ত সৈতে উচ্ছেদিত ভূমি বন বিভাগক চমজাই দিবলৈ বহু আবেদন–নিবেদন জনায়ো সুফল নাপালে বন বিভাগে৷ ৰাজহ বিভাগ আৰু বন বিভাগৰ এনে সংঘাতৰ সুযোগ গ্রহণ কৰি উচ্ছেদিত ভূমিত পুনৰ ধান, মাহ আৰু শাক–পাচলিৰ খেতিৰে বেদখল আৰম্ভ কৰিছে একাংশ সন্দেহজনক লোকে৷ এইক্ষেত্রত ৰাজহ বিভাগে উক্ত ভূমি বন বিভাগক হস্তান্তৰ নকৰা বাবেই এনে বেদখল প্রত্যক্ষ কৰিও কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিয়ে সঞ্চালকগৰাকীয়ে৷ এনেদৰে আৰম্ভণিতে বেদখল উচ্ছেদ নকৰিলে পুনৰ ঘৰ–দুৱাৰ সাজি উক্ত ভূমিত বেদখল আৰম্ভ হোৱাটো নিশ্চিত বুলি অনুমান কৰা হৈছে৷ আনহাতে, এনে অৱস্থাত বন বিভাগে কোনো ব্যৱস্থা গ্রহণ কৰিব নোৱাৰে বুলিও জানিবলৈ দিয়ে সঞ্চালক পি শিৱ কুমাৰে৷ প্রায় চাৰি বছৰ ধৰি চলা আইনী যুদ্ধৰ অন্তত বেদখলমুক্ত হোৱা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ভূমি এনেদৰে পুনৰ বেদখলকাৰীৰ কবললৈ যোৱাটো গুৰুত্বপূর্ণ ঘটনা ৰূপে বিবেচিত হৈছে৷ শাসনভাৰ গ্রহণ কৰিয়েই বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে কাজিৰঙা বেদখলমুক্ত কৰাৰ যি শ্লোগান দিছিল, সেয়া বেদখলমুক্ত কৰা অঞ্চলতেই প্রহসনত পৰিণত হোৱাৰ উপক্রম ঘটিছে৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে কি ধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে৷

You might also like