নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰ অনুষ্ঠানৰ ৯০ শতাংশ টিকট ক্ৰয় অসমীয়া দৰ্শকৰ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ টাইম্ছ অৱ ইণ্ডিয়া গ্রুপে আয়োজন কৰা বৰ্ণাঢ্য ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ ৯০ শতাংশ টিকট ক্ৰয় কৰিছে অসমৰ দৰ্শকে । বৃহস্পতিবাৰে এই কথা সদৰী কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ।

সংবাদমেলত বৰুৱাই প্রকাশ কৰা অনুসৰি, ইতিমধ্যে বুক মাই শ্ব’ৰ সকলো টিকট বিক্রী হৈছে৷ কেৱল অ’ছাম আছামযোগে বিক্রী কৰা টিকটৰ ক্ষেত্রত কিছুসংখ্যক উচ্চ মূল্যৰ টিকটহে বিক্রী নোহোৱাকৈ আছে৷ ফিল্মফেয়াৰ অনুষ্ঠানৰ পূর্বে এই টিকটসমূহো বিক্রী হ’ব বুলি আশা প্রকাশ কৰি তেওঁ কয়– ‘ফিল্মফেয়াৰক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ–উদ্দীপনা আমি দেখিছোঁ৷ বুক মাই শ্ব’ আৰু অ’ছাম আছামযোগে বিক্রী হোৱা টিকটৰ ৯০ শতাংশৰো অধিক অসমৰ দর্শকে ক্রয় কৰিছে৷’

উল্লেখ্য যে প্রথমবাৰৰ বাবে টাইম্ছ অৱ ইণ্ডিয়া গ্রুপে মুম্বাইৰ বাহিৰত অভিজাত ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত কৰিব৷ সন্ধিয়া ৫.৩০ বজাৰ পৰা ১৫ ফেব্রুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’ব ফিল্মফেয়াৰ৷

You might also like