বিশেষ বাৰ্তা, ১৪ জুলাই : অসমবাসীৰ বাবে সুখবৰ। ফ্ৰান্সৰ বাষ্টিল ডে’ৰ কাৰ্যসূচীৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান ফ্ৰান্সত আছে। বাষ্টিল ডে’ৰ বিশেষ কাৰ্যসূচী উপলক্ষে এক নৈশ আহাৰৰ আয়োজন কৰা হৈছে। যিটো অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন উপস্থিত থাকিব। এই নৈশ আহাৰলৈ আমন্ত্ৰণ জনোৱা হৈছে ধেমাজিৰ মহাকাশ অভিযন্তা প্ৰিয়ংকা দাস ৰাজকাকতীক। বাষ্টিল ডে’ৰ বিশেষ কাৰ্যসূচী উপলক্ষে নৈশ আহাৰৰ বাবে ২৫০গৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে, ইয়াৰে প্ৰিয়ংকা হৈছে একমাত্ৰ অসমীয়া যুৱতী।