নিয়মীয়া বাৰ্তা, ১৫ জুলাই : এগৰাকী জীৱন যুদ্ধত হাৰ নমনা দিব্যাংগ কবি-শিক্ষক ৰবীন ৰাভাই অনুভৱৰ পৃথিৱীত খোজত খোজ মিলাই চলিছে। মাত্ৰ শ্ৰৱণ শক্তিৰ অনুভৱত বিশ্ব জয় কৰিব বিচৰা শিক্ষকগৰাকী হৈছে কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং শাখাতি গাঁৱৰ কঠোৱৰীৰ ৰবীন ৰাভা। জানিব পৰা মতে; বৰদুৱাৰ বাগানৰ অসম মাতৃ মজলীয়া বিদ্যালয়ত শিক্ষকতা কৰা ৰবীন ৰাভাই দৃষ্টিহীন হোৱাৰ পিছতো মনৰ অদম্য হেঁপাহেৰে “মায়াৱী ৰাতি নামি আহে জোন” নামৰ কবিতা পুথি প্ৰকাশ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ইফালে, বহু গুণৰ অধিকাৰী ৰবীন ৰাভাই অসম সাহিত্য সভাৰ পৰা সন্মান অৰ্জন কৰাৰ লগতে শাশ্বত কবি চক্ৰ মনিয়েৰীৰ পৰা শাশ্বত কাব্য প্ৰণৱ বঁটা পাৱলৈ সক্ষম হৈছে। ইফালে, শিক্ষকগৰাকীয়ে ব্ৰেইলী পদ্ধতিৰে শিক্ষা প্ৰদান কৰাৰ উপৰি কবিতা আৰু অন্যান্য লিখা-মেলা কৰি সাহিত্য চৰ্চা কৰি আহিছে। এই ক্ষেত্ৰত অসমৰ প্ৰবীণ কবি তথা লেখক বিৰিঞ্চি ৰাভাৰ তৎপৰতাত আজি বকোৰ বিশিষ্ট কবি-সাহিত্যিক সুৰেন্দ্ৰ স্বৰ্গীয়াৰী আৰু এই প্ৰতিবেদকে ৰবীন ৰাভাৰ বাসগৃহত শিক্ষকগৰাকীৰ জীৱন নিৰ্বাহৰ পৰিক্ৰমাৰ বিষয়ে জানিব বিচৰাত তেওঁ জানিব দিয়ে যে ল’ৰালি কালত চকুৰ সমস্যা নাছিল। কিন্তু দশম শ্ৰেণীত পঢ়ি থকা সময়তে চকুৰ অসুখত ভোগে। ইয়াৰ পিছতে পৰ্যায়ক্ৰমে চকুৰ সমস্যা বাঢ়ি যায় আৰু কালক্ৰমত সম্পূৰ্ণ অন্ধ হৈ পৰে। ইফালে, জীৱন যুঁজত হাৰ নমনা ৰবীন ৰাভাই ব্ৰেইলী পদ্ধতিৰে শিক্ষা গ্ৰহণ কৰে আৰু উচ্চ মাধ্যমিক ডেওনা পাৰ কৰি শিক্ষকৰ চাকৰি লাভ কৰে। ইয়াৰ পিছতে এম এ পাছ কৰে। প্ৰকাশ্য যে শিক্ষকতা কৰাৰ উপৰি কাব্যচৰ্চা; গীত-মাত; বাদ্যযন্ত্ৰৰ জ্ঞান অতুলনীয়। গুৰু গম্ভীৰ আৰু শান্ত-শিষ্ট স্বভাৱৰ শিক্ষকগৰাকীক বৰ্তমান পৰিচৰ্যা কৰে জ্যেষ্ঠ ভগ্নী সুশীলা ৰাভাই। অবিবাহিত শিক্ষকগৰাকীৰ আছে বহু সামাজিক কৰ্মৰ নিদৰ্শন। হাইস্কুল পৰ্য্যায়ত পঢ়ি থকা সময়ত দৌৰ আৰু ফুটবল খেলুৱৈ হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আনহাতে, গাওঁ অঞ্চলত বহু সামাজিক কৰ্মৰ লগত জড়িত হৈ আহিছে বুলি জানিবলৈ দিয়ে শুভাকাংক্ষীসকলে। মুঠৰ ওপৰত শিক্ষক-শিল্পী ৰবীন ৰাভাৰ জীৱনগাথা এক ব্যতিক্ৰমী চৰিত্ৰৰ। ৰবীন ৰাভাই শব্দৰ অনুভূতিৰে সৃষ্টি কৰে জীৱন যুঁজৰ সমল।
প্ৰেৰক বিষ্ণু ৰাম দাস