নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিত্তীয় কেলেংকাৰিৰ অভিযোগত নাৰায়ণপুৰৰ খেৰাজখাট মহাবিদ্যালয়ৰ অধ্যক্ষাক নিলম্বন

নিয়মীয়া বাৰ্তা, ১৫ জুলাই : এইবাৰ বিত্তীয় কেলেংকাৰীত জড়িত হৈ নিলম্বন হ’ব লগা হ’ ল এগৰাকী অধ্যক্ষা। টকাৰ লালসাত শৈক্ষিক দিশ পাহৰি সম্পত্তিৰ পাহাৰ গঢ়া অধ্যক্ষাৰ অৱশেষত ওলাল জোলোঙাৰ মেকুৰী। এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। নাৰায়ণপুৰৰ অন্যতম এখন শৈক্ষিক প্ৰতিষ্ঠান খেৰাজখাত মহাবিদ্যালয়ৰ অধ্যক্ষা ড° কল্পনা গোস্বামীক নিলম্বন কৰিলে শিক্ষা বিভাগে। ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে কালি এক নিৰ্দেশ যোগে মহাবিদ্যালয়খনৰ অধ্যক্ষাগৰাকীক নিলম্বনৰ কথা প্ৰকাশ কৰিছে। মহাবিদ্যলয়খনত দীৰ্ঘদিন ধৰি সংঘটিত হৈ অহা বিত্তীয় কেলেংকাৰীত জড়িত আছিল অধ্যক্ষাগৰাকী। বিষয়টো অৱগত হোৱাৰ পিছতে সমগ্ৰ দুৰ্নীতি সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষ আৰু এণ্টি ক’ৰাপচন বিভাগে চলাইছিল তদন্ত। তাৰ পিছতে পোহৰলৈ আহে সকলো। বিভাগীয়ভাৱে কোটি কোটি টকা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে অন্যান্য দিশৰ উত্তৰণৰ বাবে আবণ্টন দিছিল যদিও আজিকোপতি কোনোটো কামেই সম্পূৰ্ণকৈ হৈ নুঠিল। বছৰ বছৰ ধৰি আধৰুৱা হৈ থাকিল ছাত্ৰী নিবাস,বিজ্ঞান ভৱন, ক্ৰীড়া ক্ষেত্ৰৰ নিৰ্মাণকাৰ্য্য। উল্লেখ্য যে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতি, শিক্ষক-কৰ্মচাৰীসকলক গুৰুত্বহীন কৰি অধ্যক্ষাগৰাকীয়ে সংঘটিত কৰিছিল এই  অনিয়ম। অধ্যক্ষাগৰাকীক নিলম্বনৰ পিছতে ইতিমধ্যে মহাবিদ্যালয়খনৰ প্ৰবক্তা চন্দন শইকীয়াক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব ন্যস্ত কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে, অধ্যক্ষাগৰাকীক নিলম্বন কৰা কাৰ্যক আদৰণি জনাই সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাইছে মহাবিদ্যালয়খনৰ একাংশ প্ৰাক্তন ছাত্ৰই। তেওঁলোকৰ মতে এটা সময়ত ছাত্ৰ-ছাত্ৰীয়ে এইখন মহাবিদ্যালয়ত অধ্যয়নৰ বাবে আসনৰ বাবে শাৰী পাতিব লগা হৈছিল, কিন্তু বৰ্তমান সময়ত অধ্যক্ষাগৰাকীৰ অকৰ্মণ্যতা আৰু কাণ্ডজ্ঞানহীনতাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাব ধৰিছে। সেয়েহে বিভাগে সমগ্ৰ বিষয়টোৰ উচিত তদন্ত কৰি এগৰাকী প্ৰকৃত শিক্ষাবিদৰ নেতৃত্বত মহাবিদ্যালয়খন পৰিচালনা কৰোৱাৰ লগতে পুনৰ এক সুস্থিৰ শৈক্ষিক বাতাৱৰণ সৃষ্টি কৰাৰ আহ্বান জনাইছে সংবাদ মাধ্যমৰ জৰিয়তে।
প্ৰেৰক চন্দন শইকীয়া
You might also like