নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনৰ পিছতে মন্ত্ৰীসভাৰ ব্যাপক সালসলনি : দিল্লীত মুখ্যমন্ত্ৰীৰ ঘোষণা

🔹 আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে সলনি নহয় বিজেপিৰ ৰাজ্যিক সভাপতি
🔹 আগন্তুক লোকসভা নিৰ্বাচনত ১১-১২খন আসনত জয়লাভ কৰিম
🔹 এছ ডি আৰ এফ শিতানত অসমলৈ ৩৬০ কোটি টকা মুকলি কেন্দ্ৰীয় চৰকাৰৰ
🔹 অমৃত বৃক্ষ আন্দোলনৰ অধীনত ২ অক্টোবৰত ১ কোটি গছপুলি ৰোপণ

বিশেষ বাৰ্তা, ১৫ জুলাই : লোকসভা নিৰ্বাচনৰ পিছত ৰাজ্যৰ মন্ত্ৰীসভাৰ বৃহৎ সালসলনি ঘটোৱা হ’ব। নতুন দিল্লীত এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীসভাৰ ৰদবদল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি সালসলনি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক মন্ত্ৰীসভাৰ কোনো সালসলনি নহয়। একেদৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতি সলনিৰো কোনো পৰিকল্পনা নাই। তদুপৰি কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ খতিয়ান দাঙি ধৰাৰ কথাও ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এছ ডি আৰ এফৰ অধীনত অসমলৈ ৩৬০ কোটি টকা মুকলি কৰি দিছে। দিল্লীত এটি অত্যাধুনিক অসম প্ৰকল্প নিৰ্মাণৰ বাবে দীৰ্ঘদিনীয়া পৰিকল্পনাৰ বিষয়ে সদৰী কৰি ড০ শৰ্মাই কয় যে কালি দিল্লীৰ উপ-ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি এই বিষয়ে উপযুক্ত ভূমি আবণ্টন সন্দৰ্ভত আলোচনা কৰা হয়। ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনটোত অমৃত বৃক্ষ আন্দোলনৰ অধীনত ১ কোটি গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত প্ৰয়োজনীয় সহায়-সহযোগিতাৰ বাবে কেন্দ্ৰীয় পৰিৱেশ বিভাগৰ মন্ত্ৰী ভূপেন্দ্ৰ সিং যাদৱক সাক্ষাৎ কৰা বুলি ব্যক্ত কৰে ড০ শৰ্মাই। অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰা অনুসৰি আগন্তুক লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’লে অসমৰ ১৪খন আসনৰ ভিতৰত ১১-১২খনত জয়লাভ কৰিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

 

You might also like