নিয়মীয়া বাৰ্তা, ১৫ জুলাই : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত লাহৰীঘাট বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি শুভাৰম্ভ কৰা হয়। শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক বুদ্ধিমত্তাক গুৰুত্ব প্ৰদান কৰিয়েই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে। লাহৰীঘাট সমষ্টিত আজি দুটাকৈ গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। ভূৰাগাঁও মহাবিদ্যালয়ত জ্যোতি সংগীতৰ কৰ্মশালা উদ্ধোধন কৰা হয়। ইয়াৰ উপৰি গেৰুৱা মাধ্যমিক বিদ্যালয়ত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা উদ্ধোধন কৰে। এই দুয়োখন গ্ৰীষ্মকালীন কৰ্মশালা উদ্ধোধন কৰে ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়াই। গ্ৰীষ্মকালীন কৰ্মশালা ১৫ জুলাইৰ পৰা ২৫ জুলাইলৈ চলিব।ভূৰাগাঁও মহাবিদ্যালয়ত গ্ৰীষ্মকালীন কৰ্মশালা উদ্ধোধন অনুষ্ঠানত কলেজৰ অধ্যক্ষ কন্দৰ্প শইকীয়াকে ধৰি ভালেকেইগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লাহৰীঘাট সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সভাপতি নৱ কুমাৰ নাথে জনোৱা প্ৰতিটো কৰ্মশালত ৩০গৰাকীকৈ প্ৰশিক্ষাৰ্থী থাকিব।
প্ৰেৰক আবুল কালাম