🔹 জালুকবাৰী সমষ্টিৰ আঠিয়াবৈত মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ব্যাপক সঁহাৰি
🔹 আকাংক্ষা কৃষি গোটৰ সদস্যৰ সৈতে ভূঁই ৰুলে কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই
নিয়মীয়া বাৰ্তা, ১৫ জুলাই : বিজেপি কিষাণ মৰ্চাৰ অসম প্ৰদেশ ৰাজ্যিক সমিতিৰ উদ্যোগত আজি জালুকবাৰী সমষ্টিৰ চাংসাৰিৰ আঠিয়াবৈত অনুষ্ঠিত কৰা হয় ভূঁই ৰোৱা উৎসৱ আৰু কঠীয়া বিতৰণ কাৰ্যসূচী । আকাংক্ষা কৃষি গোটৰ সহযোগত আঠিয়াবৈৰ খেতিপথাৰত আয়োজিত কৃষিকাৰ্যৰ অনুষ্ঠানটোত কিষাণ মৰ্চাৰ উপ-সভাপতি তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্য, প্ৰাণজিৎ ডেকাই উপস্থিত থাকি সামগ্ৰিক বিষয়টোৰ সফল ৰূপায়ণত মুখ্য ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয় । অসমীয়াৰ চহা জীৱনৰ সংস্কৃতিৰ লগত সংগতি ৰাখি পৰম্পৰাগত সাজপাৰ পৰিধান কৰি আইক আদৰাৰ এক মাংগলিক কাৰ্যসূচীৰ জৰিয়তে ৰঞ্জিত ভট্টাচাৰ্যই কৃষি অনুষ্ঠানটোৰ মাদকতা পৰ্ব আৰম্ভ কৰে । সতীৰ্থ প্ৰাণজিৎ ডেকাক লগত লৈ ৰঞ্জিত ভট্টাচাৰ্যই ট্ৰেক্টৰেৰে হাল বোৱাৰ লগতে নিজে ভূঁই ৰুই আকাংক্ষা কৃষি গোটৰ সদস্য তথা ৰোৱনীসকলক উৎসাহিত কৰি তোলে ।
একেদৰে উত্তৰ গুৱাহাটীৰ তদানীন্তন ৰাজহ চক্ৰ বিষয়া তথা বৰ্তমান এছডিঅ’ সদৰ ৰশ্মি প্ৰতাপেও খেতিপথাৰত নামি ৰোৱনীসকলৰ লগত ভূঁই ৰোৱা পৰ্বত অংশ লৈ সকলোৰে অনুপ্ৰেৰণাৰ উৎস হৈ পৰাৰ লগতে আকৰ্ষিত কৰি তোলা দেখা যায় । তেওঁলোকে পথাৰতে কৃষক, ৰোৱনীসকলৰ লগত একেলগে চাহ-জলপান খোৱাৰ মাদকতাও লয় । ইপিনে, ৰঞ্জিত ভট্টাচাৰ্যই কৃষকসকলৰ মাজত কঠীয়া বিতৰণ কাৰ্যসূচী মুকলি কৰাৰ পাছতে সংবাদ মাধ্যমক কয় যে জৈৱিক কৃষিকাৰ্যৰ জৰিয়তে যাতে খিলঞ্জীয়া অসমীয়া কৃষকসকলে আত্মনিৰ্ভৰ হোৱাৰ লগতে ৰাজ্যৰ কৃষিখণ্ডত এক বৈপ্লৱিক ধাৰা আনিব পাৰে, তাৰ বাবে বিজেপি কিষাণ মৰ্চাই নিৰন্তৰ কাম কৰি আহিছে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ পৰাই কৃষিকৰ্মৰ বিপ্লৱৰ জাগৰণ অনা হৈছে। ইতিমধ্যে সফলতাও আহিছে । আকাংক্ষা কৃষি গোটে বছৰত এডৰা ভূমিত তিনিটা খেতি কৰি যথেষ্ট লাভান্বিত হবলৈ সক্ষম হৈছে । উল্লেখ্য যে আজিৰ কাৰ্যসূচীত অঞ্চলটোৰ কেইবাগৰাকী কৃষক, কিষাণ মৰ্চাৰ নেতা-কৰ্মী , শিল্পী কল্লোল বৰঠাকুৰৰ লগতে আকাংক্ষা কৃষি গোটৰ সদস্যসকল উপস্থিত থাকে।
প্ৰেৰক অনুভৱ কুমাৰ