নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত প্ৰেছ একাডেমীৰ দুদিনীয়া সাংবাদিক কৰ্মশালা

🔹 সাংবাদিকসকলে সত্যনিষ্ঠ সাংবাদিকতাৰ পথ অনুসৰণ কৰা উচিত : নৰেশ কলিতা

বিশেষ বাৰ্তা, ১৫ জুলাই : সাংবাদিকসকলে সত্যনিষ্ঠ সাংবাদিকতাৰ পথ অনুসৰণ কৰা উচিত। তথ্যৰ সত্যতা নিৰূপণ নকৰাকৈ বাতৰি পৰিৱেশন কৰাটো প্ৰকৃত সাংবাদিকৰ ধৰ্ম নহয়।- আজিৰে পৰা গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত গুৱাহাটী প্ৰেছ একাডেমীৰ উদ্যোগত দুদিনীয়াকৈ আৰম্ভ হোৱা সাংবাদিকৰ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি ‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাই এইদৰে কয়। গুৱাহাটী প্ৰেছ একাডেমীৰ সভাপতি মধুসূদন মেধিৰ সঞ্চালনাত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত তেওঁ আৰু কয় যে তথ্য প্ৰযুক্তিৰ উন্নতিৰ লগে লগে সাংবাদিকতাই নতুন ৰূপত অগ্ৰসৰ হ’বলৈ লৈছে। আমাৰ বহুতে পোৰ্টেলজাতীয় সাংবাদিকতাক স্বীকৃতি দিব নোখোজে যদিও সেইসমূহকো উলাই কৰিব পৰা বিধৰ নহয়। সেইসমূহৰ দৰ্শকৰ সংখ্যাই এই কথা প্ৰমাণ কৰে। অৱশ্যে পোৰ্টেলসমূহক ছপা বা আন বৈদ্যুতিন মাধ্যমৰ দৰে আইনী প্ৰক্ৰিয়াৰ নিয়ন্ত্ৰণলৈ অনাৰ প্ৰয়োজন আছে বুলি তেওঁ কয়। উদ্বোধনী অনুষ্ঠানত প্ৰাগ নিউজৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু, ছাত্ৰনেতা খনীন্দ্ৰ ৰাজবংশী, গুৱাহাটী প্ৰেছ ক্লাবৰ সভানেত্ৰী সুস্মিতা গোস্বামী, সমাজকৰ্মী তথা আমট্ৰনৰ উপ-প্ৰবন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ, গুৱাহাটী প্ৰেছ ক্লাবৰ সভানেত্ৰী সুস্মিতা গোস্বামী, জাতীয় আদৰ্শ শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠ, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিকদ্বয় ক্ৰমে ফণীধৰ দাস আৰু অঞ্জন শৰ্মা উপস্থিত থাকে। কৰ্মশালাৰ প্ৰথম সত্ৰত ভাগ লৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড০ অভিজিৎ বৰাই সাম্প্ৰতিক সময়ত গণসংযোগ, তথ্য প্ৰযুক্তি আৰু প্ৰৰোচনামূলক তথ্যৰ আলিদোমোজাত সাংবাদিকতা শীৰ্ষক এটি মনোজ্ঞ ভাষণ প্ৰদান কৰে। কৰ্মশালাৰ দ্বিতীয় সত্ৰৰ সমল ব্যক্তি হিচাপে ভাগ লৈ বিশিষ্ট শিক্ষাবিদ তথা প্ৰবীণ সাংবাদিক পৰেশ বৈশ্যই গ্ৰাম্য সাংবাদিকতা বিষয়ক এটি বিশেষ বক্তৃতা প্ৰদান কৰে। তেওঁ গ্ৰাম্য সাংবাদিকতাৰ উত্তৰণৰ বাবে ভালেমান পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানৰ সামৰণিত গুৱাহাটী প্ৰেছ একাডেমীৰ সম্পাদক মুকুট ৰাজ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়। গুৱাহাটী প্ৰেছ ক্লাবৰ উপ-সভাপতি যতীন ভাগৱতীয়ে স্মৃতি তৰ্পণ কৰে। কৰ্মশালাত ৰাজ্যখনৰ প্ৰায় দুশ সাংবাদিকে ভাগ লয়। কাইলৈ এই কৰ্মশালাৰ সামৰণি পৰিব।

You might also like