🔹 গভীৰ নিদ্ৰাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগ
বিশেষ বাৰ্তা, ১৫ জুলাই : ভয়ংকৰ দুৰ্ঘটনা এটা নোহোৱালৈকে গা নলৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ ৷ বিভাগটোৰ কৰ্মচাৰীৰ অনিয়ম আৰু মইমতালিৰ বাবেই ঐতিহ্যমণ্ডিত জংকী পানৈ ক্ষেত্ৰৰূপে পৰিচিত ঘুণাসুঁতিবাসীয়ে ইপাৰ সিপাৰ হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ লখিমপুৰৰ পৰা ঘুণাসুঁতিলৈ ইপাৰ সিপাৰ হোৱা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তত্ত্বাৱধানত চলা একমাত্ৰ ঘাগৰ ঘাটটোত ১৮জনকৈ বেতনভোগী কৰ্মচাৰী কৰ্মৰত যদিও দুই-এজন কৰ্মচাৰীৰ বাহিৰে ভালেসংখ্যক কৰ্মচাৰী ঘাটটোত উপস্থিতি নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বাৰিষা কালৰূপ ধাৰণ কৰা সোৱণশিৰিত সৌ সিদিনা ঘুণাসুঁতিৰ পৰা লখিমপুৰ অভিমুখী যাত্ৰীবাহী নাৱত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতো গা লৰা নাই বিভাগটোৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ঘাটটোত কৰ্মৰত কৰ্মচাৰীসকল কৰ্মস্থলীলৈ নহাকৈয়ে ঘৰতে থাকি চৰকাৰী ধন ভোগ কৰি আহিছে ৷ এই ক্ষেত্ৰত ঘাটটোত দায়িত্বত থকা অভিযন্তাগৰাকীয়ে সকলো মেনেজ কৰা বুলি চৰ্চা। উল্লেখ্য যে কৰ্মস্থলীলৈ নহা প্ৰত্যেকজন কৰ্মচাৰীৰ পৰা অভিযন্তাগৰাকীয়ে মাহে দুইৰ পৰা পাঁচ হাজাৰ পয্যন্ত ধন সংগ্ৰহ কৰি মাহিলি দৰমহা মোকলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন মহলে ৷ লখিমপুৰ ঘাগৰ ঘাটৰ লগতে লখিমপুৰ আৰু মাজুলীৰ সংযোগী খাবলু ঘাট আৰু নআলি বালি ঘাটতো চলিছে ব্যাপক আনিয়ম-দুৰ্নীতি আৰু অৰাজকতা, লেচীসকলৰ মইমতালি আৰু যাত্ৰীসকলৰ পৰা চৰকাৰী নিৰিখতকৈ অতিৰিক্ত ভাৰা সংগ্ৰহক লৈ সঘনাই দেখা যায় বাকবিতণ্ডা। জিলাখনৰ ঘাটসমূহত চলি থকা অনিয়ম-দুৰ্নীতি সম্পৰ্কে আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোৰ বৰমূৰীয়াসকলৰ লগতে জিলা উপায়ুক্তগৰাকীক কেইবাবাৰো অভিযোগ দিয়া হৈছিল যদিও আজি পয্যন্ত অঞ্চলবাসীয়ে কোনো সদুত্তৰ নোপোৱা বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ সেয়ে জিলা উপায়ুক্তই অতি সোনকালে জিলাখনৰ ঘাটসমূহত চলি থকা আনিয়ম আৰু কৰ্মচাৰীৰ গাফিলতি সন্দৰ্ভত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় বিভিন্ন দল-সংগঠনৰ লগতে অঞ্চলবাসীয়ে ৷
প্ৰেৰক সুদীপ্ত দাস