আমেৰিকাৰ আলাস্কাত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প, ছুনামিৰ সতৰ্কবাণী
বিশেষ বাৰ্তা, ১৬ জুলাই : আমেৰিকাৰ আলাস্কাৰ উপকূলত দেওবাৰে ভয়াৱহ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি, আজি অনুভূত হোৱা ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৭.৪ বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ পিছতে আমেৰিকাৰ ছুনামি সতৰ্কবাণী ব্যৱস্থাই ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে। ভূমিকম্পৰ প্ৰাবল্যলৈ চাই ভয়াৱহ ধ্বংসলীলাৰ সম্ভাৱনাই দেখা দিছে। ভূমিকম্পৰ অভিকেন্দ্ৰ ৯.৩ কিলোমিটাৰ গভীৰতাত বুলি ইউএছজিএছে জনায়।