নিয়মীয়া বাৰ্তা, ১৬ জুলাই : চতিয়াৰ নলবাৰীত কালি নিশা গাঁওৰক্ষী বাহিনীয়ে চোৰাং কাঠসহ এখন গাড়ী জব্দ কৰি চতিয়া আৰক্ষীক চমজাই দিয়ে ৷ প্ৰাপ্ত খবৰ মতে কালি নিশা অঞ্চলটোত গাঁওৰক্ষী বাহিনীৰ গোটে পহৰা দি থকাৰ সময়ত এখন বাইকত নিশা ২ বজাত দুজন যুৱক উঠি অহা প্ৰত্যক্ষ কৰি যুৱক দুজনক ৰখাই সোধা-পোছা কৰে ৷ যুৱক দুজনক সোধা-পোছা কৰি থকাৰ সময়তে উক্ত স্থানত AS-32 C-1890 নম্বৰৰ বলেৰ’ পিকআপ ভান উপস্থিত হয় ৷ গাঁওৰক্ষী বাহিনীৰ লোকে ভানখনত কাঠ কঢ়িয়াই অনা দেখি চালকক সোধা-পোছা কৰাত কাঠখিনি চোংৰাভাৱে কঢ়িয়াই অনাৰ তথ্য লাভ কৰে ৷ লগে লগে টহলদাৰী দলে চতিয়া আৰক্ষীক যোগাযোগ কৰাত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তিনি চোৰাং বেপাৰীসহ কাঠখিনি চতিয়া থানালৈ আনে ৷ গাঁওৰক্ষী বাহিনীৰ পৰা জানিব পৰা মতে, বাইক আৰোহী দুই যুৱকে পথত পহৰাৰ দল আছে নে নাই, সেই কথা জানিবৰ বাবেই কাঠ কঢ়িয়াই অনা গাড়ীখনৰ আগে আগে বাইক লৈ আহিছিল ৷ ধৃত চোৰাং বেপাৰীকেইটাই জনোৱা মতেস কাঠখিনি বালিচাং অঞ্চলৰ পৰা বিশ্বনাথ চাৰিআলিলৈ কঢ়িয়াই অনা হৈছিল ৷ আৰক্ষীৰ নিয়মীয়া তালাচীৰ পৰা হাত সাৰিবলৈ ভিতৰুৱা পথেৰে কাঠখিনি নিয়া বুলি চোৰাং বেপাৰীকেইটাই জানিবলৈ দিয়ে ৷ আজি পুৱা পাভৈ বনাঞ্চলিক কাৰ্যালয়ৰ এটা দলে চতিয়া থানাত উপস্থিত হৈ চোৰাং কাঠখিনিৰ লগতে ধৃত চোৰাং বেপাৰী জমিৰুল হক আৰু আনিচুৰ ৰহমানক নিজৰ জিম্মাত লয় ৷
প্ৰেৰক প্ৰণৱ ওজা