নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একক ব্যৱহাৰযোগ্য প্লাষ্টিক ঘৰত ৰাখিলেও জৰিমনা

🔹 নাগালেণ্ডত প্লাষ্টিক নিষিদ্ধ

বিশেষ বাৰ্তা, ১৬ জুলাই : নাগালেণ্ডত একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ভাৰতৰ উত্তৰ-পূব ৰাজ্যখনত ১৯৮৬ চনৰ পৰিৱেশ সুৰক্ষা আইন কাৰ্যকৰী কৰা হৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয় আৰু ৰাজ্যিক নগৰ উন্নয়ন বিভাগৰ উদ্যোগত নাগালেণ্ড চৰকাৰে প্লাষ্টিক নিষিদ্ধ কৰি এক বিবৃতি প্ৰকাশ কৰিছে। উল্লেখ্য যে প্লেট, বাটি, গিলাচৰ পৰা আৰম্ভ কৰি বটল বা বেগলৈকে সকলোতে প্লাষ্টিক ব্যৱহাৰ হয়। প্লাষ্টিক পৰিৱেশৰ বাবে ক্ষতিকাৰক বুলি জানিও ইয়াৰ নিৰ্বিচাৰ ব্যৱহাৰ বন্ধ কৰিব পৰা নাই। এইক্ষেত্ৰত নাগালেণ্ডে ৰাজ্যখনক প্লাষ্টিকমুক্ত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সেইবাবেই প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। শনিবাৰে নাগালেণ্ডৰ নগৰ উন্নয়ন বিভাগে এক বিবৃতিত কয় যে ৰাজ্যখনত যিকোনো ধৰণৰ প্লাষ্টিকৰ বেগ উৎপাদন, আমদানি, ক্ৰয়, মজুত বা বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ। কেৱল প্লাষ্টিকৰ মোনাই নহয়, প্লাষ্টিকেৰে নিৰ্মিত যিকোনো দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী যেনে- প্লেট, বাটি, গিলাচ, কাপ, লাঠী, চামুচ নাগালেণ্ডত ব্যৱহাৰ কৰিব নোৱাৰিব। সকলো ক্ষেত্ৰতে বিকল্প সামগ্ৰী ব্যৱহাৰ কৰা হ’ব। চৰকাৰৰ এই নিৰ্দেশনা নাগালেণ্ডৰ সকলো বাসিন্দা, ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, কাৰ্যালয়, ধৰ্মীয় উপাসনাস্থলী, কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ কাৰ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। এই নিৰ্দেশ অমান্য কৰাসকলক জৰিমনা বিহা হ’ব বুলি চৰকাৰে জানিবলৈ দিয়ে। সমগ্ৰ ৰাজ্যতে এই নিষেধাজ্ঞা মানি চলাটো নিশ্চিত কৰিবলৈ নিয়মীয়াকৈ পৰিদৰ্শন কৰা হ’ব।

You might also like