নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেইজী খাউণ্ডলৈ নর্থ ইষ্ট ডিভাৰ বিজয়ীৰ সন্মান

🔹 স্নিগ্ধা শ্যামল বৰুৱা প্ৰথম ৰানাৰ্ছ আপ, অনুষ্কা লেখাৰু দ্বিতীয় ৰানাৰ্ছ আপ

🔹 উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ সৌন্দৰ্য প্ৰতিযোগিতা

🔹 ৯টা শিতানত আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুলাই : উত্তৰ–পূব ভাৰতৰ সর্ববৃহৎ সৌন্দর্য প্রতিযোগিতা নর্থ–ইষ্ট ডিভা–২০২৩ বর্ষৰ ষষ্ঠ সংস্কৰণটো সফলতাৰে গুৱাহাটীৰ সোণাপুৰৰ মে ফেয়াৰ স্প্রিং ভেলী ৰিজ’ৰ্টত সম্পন্ন হৈ যায় ৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ মুখ্য পৃষ্ঠপোষকতাত আয়োজিত এই সর্ববৃহৎ প্রতিযোগিতাখনত এইবাৰ বিজয়ীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় যোৰহাটৰ ডেইজী খাউণ্ডে ৷ আনহাতে, স্নিগ্ধা শ্যামল বৰুৱাই প্রথম ৰানার্ছ আপ আৰু অনুষ্কা লেখাৰুৱে দ্বিতীয় ৰানার্ছ আপৰ খিতাপ লাভ কৰে ৷ উল্লেখ্য যে সমগ্র উত্তৰ–পূর্বাঞ্চলৰ পৰা শতাধিক প্রতিযোগীয়ে অংশগ্রহণ কৰা সর্ববৃহৎ প্রতিযোগিতাখনৰ মূল প্রতিযোগিতালৈ ২৪গৰাকী প্রতিযোগীক নির্বাচন কৰা হৈছিল ৷ নির্বাচিত এই ২৪গৰাকী প্রতিযোগীক প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ লগত সহযোগিতা আগবঢ়োৱা মিছ ইণ্ডিয়া অর্গেনাইজেচনৰ তত্ত্বাৱধানত ভাৰতৰ শীর্ষ ফেশ্বন কাউচ্চ ক’ক’ বেৰীৰ অধীনত সৌন্দর্যৰ প্রশিক্ষণ আগবঢ়োৱা হয় ৷ তাৰ পাছতে ২৪গৰাকী শ্রেষ্ঠ প্রতিযোগীৰ মাজত গ্রেণ্ড ফাইনেল অনুষ্ঠিত কৰি প্রথমে ১০গৰাকী আৰু তাৰ পৰা ৫গৰাকী আৰু শেষত ৩গৰাকী মডেলক দক্ষতাৰ ভিত্তিত নির্বাচন কৰি চূড়ান্ত প্রতিযোগিতাখন অনুষ্ঠিত কৰা হয় ৷ বর্ণাঢ্য কার্যসূচীৰে হোৱা মূল অনুষ্ঠানটোত ২০২২ৰ লিভা মিছ ডিভা ইউনিভার্ছ দীভিতা ৰায়ো উপস্থিত থাকে ৷ উল্লেখ্য যে নর্থ–ইষ্ট ডিভা–২০২৩ ষষ্ঠ সংস্কৰণৰ বিজয়ী ডেইজী খাউণ্ডে মিছ ডিভা–২০২৩ প্রতিযোগিতাত প্রত্যক্ষ ৰূপত প্রৱেশ কৰিব পৰাৰ সুযোগ লাভ কৰাৰ লগতে মিছ ইউনিভার্ছ ইণ্ডিয়া–২০২৩ৰ চূড়ান্ত দহগৰাকী প্রতিযোগীৰ ভিতৰত তেওঁ এগৰাকী প্রতিযোগী হ’ব পাৰিব ৷ আনহাতে, প্রতিযোগিতাখনত ২৪গৰাকী শীর্ষ প্রতিযোগীৰ মাজৰ পৰাই ‘মিছ ফ্ল’লেছ স্কিন’, ‘মিছ ফটোজেনিক’, ‘মিছ বিউটিফুল স্মাইল’, ‘মিছ টেলেণ্টেড’, ‘মিছ বডী বিউটিফুল’ আদিকে ধৰি সর্বমুঠ ৯টা বিভিন্ন শিতানত আকর্ষণীয় পুৰস্কাৰ আগবঢ়োৱা হয় ৷

ইপিনে, শ্রেষ্ঠ ডিজাইনাৰৰ বাবে কৰা প্রতিদ্বন্দ্বিতাত মিজোৰামৰ ফেশ্বন ডিজাইনাৰ লালফাকাৱামি খাৱালহিং বিজয়ী হয় ৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ তৰফৰ পৰা তেওঁক নগদ ধন আৰু আকর্ষণীয় পুৰস্কাৰেৰে সন্মানিত কৰা হয় ৷ মন কৰিবলগীয়া যে সর্ববৃহৎ প্রতিযোগিতাখনত মিছ ইণ্ডিয়া অর্গেনাইজেচনৰ ৰাষ্ট্রীয় সঞ্চালক, ব্রেণ্ড আৰু পৰিচালনা বিভাগৰ মুৰব্বী নাটাশা গ্রোভাৰ, মিছ ইণ্ডিয়া দেৱীকা ৰায়, জনপ্রিয় অসমীয়া অভিনেত্রী মৃদুলা বৰুৱা আৰু আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই বিচাৰক হিচাপে উপস্থিত থাকে ৷ আনহাতে, উপ–শিৰোনামৰ সমগ্র প্রক্রিয়াটোত জুৰী হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেত্রী আইমী বৰুৱা, কস্তুৰী ভট্টাচার্য, অনামিকা তিৱাৰী, সুৰঞ্জনা সেনাপতি, অনামিকা চৌধুৰী, শ্বেতা হিমৎসিংকা আৰু মোহময়ী অভিনেত্রী গায়ত্রী মহন্ত ৷ সৌন্দর্য আৰু মেধাৰ সমাহাৰেৰে পৰিপূর্ণ নর্থ–ইষ্ট ডিভাই সম্প্রতি বিশ্বৰ সম্ভাৱনাপূর্ণ ক্ষেত্রসমূহৰ ভিতৰত উৎকৃষ্ট মঞ্চৰূপে স্বীকৃতি লাভ কৰিছে আৰু ইয়াৰ লগে লগে গ্লেমাৰ জগতত প্রৱেশ কৰিব খোজা উত্তৰ–পূর্বাঞ্চলৰ ফেশ্বনপিয়াসী যুৱতীসকলৰ বাবে এখন নির্ভৰযোগ্য মঞ্চত পৰিণত হৈছে ‘নর্থ–ইষ্ট ডিভা’ ৷

 

You might also like