বিশেষ বাৰ্তা, ১৭ জুলাই : এইবাৰ ধনদাবীত নামিল খোদ ৰাজধানী দিছপুৰ থানাৰ আৰক্ষী উপ-পৰিদৰ্শক। এই অভিযোগ মহানগৰীৰ এগৰাকী ভুক্তভোগী মহিলাৰ। ধন নিদিলে কাম নকৰে আৰক্ষীয়ে। বাহনত তেল ভৰোৱা আৰু দৰমহা নোহোৱাৰ অজুহাতত এজাহাৰ দিবলৈ অহা লোকৰ পৰা ধনদাবী কৰে মহানগৰ আৰক্ষীয়ে। ৰাজ্যৰ আৰক্ষী বিভাগক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে দিছপুৰ আৰক্ষী থানাত। উল্লেখ্য যে জনৈক পেগু উপাধিৰ উপ-পৰিদৰ্শকজনে গোচৰৰ তদন্ত কৰাৰ নামত ধনদাবী কৰে ভুক্তভোগী মহিলাৰ পৰা। জানিব পৰা মতে, মহিলাগৰাকীয়ে স্বামী বিক্ৰম দাস নিৰুদ্দেশ হোৱাৰ লগতে আন মহিলাৰ সতে স্বামীৰ অবৈধ সম্পৰ্কৰ গোচৰ দিবলৈ কাষ চাপিছিল দিছপুৰ আৰক্ষীৰ। কিন্তু গোচৰ পঞ্জীয়ন কৰি তদন্ত কৰাৰ বিপৰীতে ভুক্তভোগী মহিলাগৰাকীৰ পৰা দাবী কৰি ধন লৈ দায়িত্ব সামৰিলে দিছপুৰ থানাৰ উপ-পৰিদৰ্শক পেগুৱে।
Prev Post
You might also like