নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নক্ষত্রৰ মহাজাগতিক বিস্ফোৰণে বিয়পাই দিছে পৰমাণু

বিশেষ বাৰ্তা, ১৭ জুলাই : পৰমাণুৰ উৎসস্থলী হৈছে নক্ষত্র ৷ পৰমাণুৰ উপাদান ইলেক্ট্রন, প্র’টন আৰু নিউট্রন বিগ বেঙৰ পিছত সৃষ্টি হৈছিল বুলি মানি লোৱা হয় ৷ কিন্তু অন্যান্য শ শ মৌলৰ পৰমাণু কেনেদৰে সৃষ্টি হয়, তাক লৈ আজিও ৰহস্য মাৰ যোৱা নাই ৷ আমাৰ হাড়ৰ ভিতৰত থকা কেলচিয়াম কেনেদৰে সৃষ্টি হ’ল, তেজৰ ভিতৰত থকা লো ক’ৰ পৰা আহিল, তাক লৈ এতিয়াও গৱেষণাৰ শেষ নাই ৷ প্রায় ৭৫ বছৰ পূর্বে ব্রিটিছ বিজ্ঞানী ফ্রেড হোৱেল, জি’ফ্রে বাৰবিজ, মার্গাৰেট বাৰবিজ আৰু উইলি ফাওলাৰে প্রমাণ কৰে যে পৰমাণুৰ মূল উৎস হৈছে নক্ষত্র ৷ এতিয়া প্রমাণ হৈছে বিভিন্ন পৰমাণু, যিবোৰ সমগ্র ব্রহ্মাণ্ডজুৰি বিয়পি আছে আৰু যিবোৰ এটা নক্ষত্রৰ পৰা আন এটা নক্ষত্রলৈ বা এটা গ্রহৰ পৰা আন এটা গ্রহলৈ বিয়পি পৰে, তাৰ অন্তৰালত নিহিত হৈ আছে নক্ষত্রৰ বিস্ফোৰণ বা ছুপাৰনোভা ৷ এই বিস্ফোৰণৰ ফলত যি মহাজাগতিক ধূলিকণা বা কছমিক ডাষ্ট সৃষ্টি হয়, সেইবোৰ ইতিমধ্যে চিনাক্ত কৰিছে এদল বিজ্ঞানীয়ে ৷ বিজ্ঞানীৰ দলটোৱে তেওঁলোকৰ গৱেষণা–পত্রৰ নাম ৰাখিছে ‘জে ডব্লিউ এছ টি অবজাৰভেচন অৱ ৰিজাভায়ার্ছ ইন টাইপ টু টি ছুপাৰনোভি ২০০৪ ই টি এণ্ড ২০০৭ ই এ ডব্লিউ’ ৷ ২০০৪ আৰু ২০০৭ত আৱিষ্কৃত দুটা ছুপাৰনোভাক লৈ গৱেষণা চলাইছিল বিজ্ঞানীসকলে ৷ বিজ্ঞানীসকলৰ মতে, পৃথিৱীৰ পৰা ২.২ কোটি আলোকবর্ষ দূৰৈত এই ছুপাৰনোভাৰ অৱস্থান ৷ ছুপাৰনোভা দুটাৰ বিষয়ে বিশ্লেষণ কৰিবলৈ গৈ বিজ্ঞানীসকলে প্রচুৰ পৰিমাণৰ মহাজাগতিক ধূলিকণাৰ বিষয়টোক তুলি ধৰিছে ৷ ইয়াৰ পৰাই বিজ্ঞানীসকলে ন ন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখনীয় যে ভাৰতীয় মূলৰ কেইবাগৰাকীও বিজ্ঞানী এই গৱেষণাত জড়িত হৈ আছে ৷ এইক্ষেত্রত ভাৰতীয় বিজ্ঞানী কিশলয় দে’ আৰু অর্কপ্রভ ষড়ংগী অন্যতম ৷

You might also like