বিশেষ বাৰ্তা, ১৭ জুলাই : শিঙৰাৰ বানত দিকবিদিক হেৰুওৱা দক্ষিণ নাওবৈচাৰ সহস্ৰাধিক বন্যাৰ্তৰ মাজলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিলেও সংহাৰী বানৰ বিভীষিকা এতিয়াও শাম কটা নাই। উল্লেখযোগ্য যে চলিত মাহত দুবাৰকৈ শিঙৰা নৈৰ সোঁপাৰৰ শিঙৰা গাঁৱৰ সমীপৰ মথাউৰিৰ উন্মুক্ত অংশৰে বাঢ়নী পানী সোমাই অঞ্চলটোত বানে ভয়াৱহ ৰূপ ধাৰণ কৰি নিমিষতে ধ্বংস কৰি নিছিল দক্ষিণ নাওবৈচাৰ সহস্ৰাধিক বন্যাৰ্তৰ জীৱন-সম্পত্তি। ইয়াৰ সমান্তৰালভাৱে বৃহত্তৰ অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা পাভ, বোকানদী, শিঙিয়া নদী-উপনদীৰ সংহাৰী বানে জুন মাহত ভয়ংকৰ ৰূপ ধাৰণ কৰি ধ্বংস কৰি নিছিল বাট-পথ, দলং-কালভাৰ্ট। বানবিধ্বস্ত অঞ্চলটোৰ গ্ৰাম্য পথসমূহৰ লগতে মূল পহুমৰা পকণীয়া সংযোগী লোকনিৰ্মাণ পথটো চলিত বানত বিস্তৰ ক্ষতিসাধন হোৱাত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছিল। অঞ্চলটোৰ বিভিন্ন গ্ৰাম্য এলেকাত বানে বাট-পথবোৰ ধ্বংস কৰাত জনসাধাৰণে মৰণত শৰণ দি কোনোমতে যাতায়াত অব্যাহত ৰাখিছে। নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ এটা গুৰুত্বপূৰ্ণ পহুমৰা পকণীয়া সংযোগী লোকনিৰ্মাণ পথটোৰ শিঙৰা আৰু গোসাঁনীবাৰী গাঁৱৰ বিভিন্ন অংশত শিঙৰা বানে বিস্তৰ ক্ষতিসাধন কৰাত পথটোৰে জনসাধাৰণে বিপজ্জনকভাৱে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। আনহাতে, শিঙৰাৰ বানে খণ্ড-বিখণ্ড কৰা তাঁতীয়েমৰা বঙালমৰা সংযোগী পথটোও মেৰামতি নকৰাত স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ ৰহালী বৰগঞা গেন্ধালী সংযোগী পথ, গড়ছিগা বঙালমৰা সংযোগী পথ ,দলহাট তিনিআলিৰ পৰা দলহাট বজাৰ সংযোগী পথকে ধৰি বহুকেইটা অতি গুৰুত্বপূৰ্ণ লোকনিৰ্মাণ পথ চলিত বানত বিস্তৰ ক্ষতিসাধন হয়। সেয়েহে অঞ্চলটোৰ ৰাইজে বানত ক্ষতিসাধন হোৱা পথসমূহ তৎকালীনভাৱে যাতায়াতৰ উপযোগী হোৱাকৈ মেৰামতি কৰি দিবলৈ জিলা উপায়ুক্তগৰাকীক দাবী জনাইছে।
প্ৰেৰক নিতুল বৰা