নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রশাসনিক সংস্কাৰ : জিলা উপায়ুক্তৰ নতুন পৰিচয় জিলা আয়ুক্ত

বিশেষ বাৰ্তা, ১৭ জুলাইঃ প্রশাসনিক সংস্কাৰৰ দিশত ৰাজ্য চৰকাৰে কেতবোৰ পদক্ষেপ গ্রহণ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে৷ ইয়াৰ অংশ হিচাপে জিলা উপায়ুক্তৰ নাম সলনি কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে৷ এক অধিসূচনাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসনিক বিভাগে প্রকাশ কৰা অনুসৰি এতিয়াৰে পৰা উপায়ুক্তক জিলা আয়ুক্ত হিচাপেহে জনা যাব৷ তৎকালীন এই নির্দেশ বলৱৎ হ’ব বুলিও জাননীখনত উল্লেখ কৰা হৈছে৷ তদুপৰি জিলা আয়ুক্তসকলৰ ক্ষমতা অধিক বৃদ্ধি কৰিবলৈ সংমণ্ডল আয়ুক্তৰ কার্যালয় বিলুপ্ত কৰিবলৈয়ো চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে৷ এই সন্দর্ভত সাধাৰণ প্রশাসন বিভাগে জাৰি কৰা জাননী অনুসৰি জিলা আয়ুক্তসকলক অধিক ক্ষমতা আৰু কর্তৃত্ব প্রদান কৰি প্রশাসন সাধাৰণ ৰাইজৰ ওচৰলৈ অধিক চপাই অনাৰ লক্ষ্যৰে তৎকালীনভাৱে সংমণ্ডল আয়ুক্তৰ কার্যলয়সমূহ বিলুপ্ত কৰা হৈছে৷ ইয়াৰ লগে লগে সংমণ্ডল আয়ুক্তসকলৰ কার্যালয়সমূহ সা–সম্পত্তি আৰু কর্মচাৰীক জিলা প্রশাসনৰ অধীনলৈ আহিব৷ যিখনত জিলাত পূর্বে আয়ুক্ত সংমণ্ডলৰ কার্যালয় আছিল সেই জিলাখনৰ প্রশাসনৰ অধীনস্থ হ’ব কর্মচাৰী আৰু সা–সম্পত্তিসমূহ৷ সমান্তৰালভাৱে বর্তমান সংমণ্ডল আয়ুক্তসকলৰ হাতত থকা ক্ষমতা সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত সচিব অথবা প্রধান সচিবে ব্যৱহাৰ কৰিব পাৰিব৷

You might also like